ETV Bharat / state

গীত গাই নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ৰঞ্জিৎ দাস

author img

By

Published : Dec 15, 2020, 1:34 PM IST

প্ৰগতি মানে বিজেপি, বিজেপি মানে প্ৰগতি শীৰ্ষক গীত গুণগুণাই ভোটাৰ ৰাইজক আকৃষ্ট কৰাৰ চেষ্টা ৰঞ্জিৎ দাসৰ ৷ নিৰ্বাচনী প্ৰচাৰ সভাত গীতৰ কলিৰে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ আখৰা বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীৰ ৷ তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত প্ৰায় আটাইকেইখন বিজেপিয়ে লাভ কৰিব বুলি মন্তব্য দাসৰ ৷

ranjit das tries to attract voters through song
গীত গাই নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ৰঞ্জিৎ দাস

নগাঁও, 15 ডিচেম্বৰ: তিৱা স্বায়ত্ব শাসিত পৰিষদৰ পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তুংগত উঠিছে প্ৰত্যেক ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ ৷ এইবাৰ গীত গাই ভোটাৰ ৰাইজক আকৃষ্ট কৰাৰ চেষ্টা কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসে ৷

গীত গাই নিৰ্বাচনী প্ৰচাৰ ৰঞ্জিৎ দাসৰ

সোমবাৰে বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে মধ্য অসমৰ কঠিয়াতলীৰ 30 নং নামবৰ লালুং আৰু 31 নং লালুংপাৰ সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ইন্দ্ৰ বৰদলৈ আৰু মদন বৰদলৈৰ হৈ প্ৰচাৰ অভিযানত অংশ গ্ৰহণ কৰে ৷ উক্ত সভাতেই প্ৰগতি মানে বিজেপি, বিজেপি মানে প্ৰগতি শীৰ্ষক গীত গুণগুণাই ৰঞ্জিৎ দাসে ভোটাৰক আকৃষ্ট কৰাৰ চেষ্টা কৰা পৰিলক্ষিত হয় ৷

নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰে হোৱা কথা বাৰ্তাত দাসে কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে যিমানে যি নকওক কংগ্ৰেছ দল একৰ পৰা শূন্যলৈ যাব বুলি মন্তব্য কৰে ৷ এসময়ত চিলাৰায়ৰ দপদপনি থকা অঞ্চলত এতিয়া কংগ্ৰেছৰ বাবেই বদৰুদ্দিন চিৰাজুদ্দিনৰ দপদপনি বুলিও দাসে তাচ্ছিল্যসূচক মন্তব্য কৰে ৷

সোমবাৰে অনুষ্ঠিত এই সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ লগতে মন্ত্ৰী ছুমু ৰংহাং, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন ৰে'ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁই , অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন নিগমৰ উপাধ্যক্ষ জিতু গোস্বামী, নগাঁও জিলা কিষান মৰ্চাৰ উপ সভাপতি উত্তম চন্দ্ৰ দাসকে ধৰি বিজেপিৰ বহু কেইগৰাকী হাই প্ৰফাইল নেতা উপস্থিত থাকে ।

লগতে পঢ়ক:তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.