ETV Bharat / state

Book released at Kaliabor: স্বৰ্ণশিল্পৰ বাটকটীয়া ৰমদাকান্ত ভৌমিক সোঁৱৰণি গ্ৰন্থ উন্মোচন

author img

By

Published : Jun 11, 2023, 2:31 PM IST

Tribute to Ramdakanta Bhowmik
কলিয়াবৰত গীত-নৃত‍্যৰ সুৰীয়া সভাত গ্ৰন্থ উন্মোচন

কলিয়াবৰত গীত-নৃত‍্যৰ সুৰীয়া সভাত গ্ৰন্থ উন্মোচন । কলিয়াবৰৰ স্বৰ্ণশিল্পৰ বাটকটীয়া ৰমদাকান্ত ভৌমিকক সশ্ৰদ্ধ সোঁৱৰণ (Tribute to Ramdakanta Bhowmik)। সোঁৱৰণি গ্ৰন্থ 'স্বৰ্ণাভ'ৰ উন্মোচনী সভাত মন্ত্ৰী কেশৱ মহন্ত ।

কলিয়াবৰত গীত-নৃত‍্যৰ সুৰীয়া সভাত গ্ৰন্থ উন্মোচন

কলিয়াবৰ, ১১ জুন: শনিবাৰে সন্ধিয়া নৃত্য-গীতৰে মুখৰিত হ'ল কলিয়াবৰৰ হাটবৰ কেন্দ্ৰীয় নাট্য সমাজ প্ৰেক্ষাগৃহ। প্ৰয়াত ৰমদাকান্ত ভৌমিকৰ গুণমুগ্ধ, কলিয়াবৰৰ অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ উপস্থিতিত কলিয়াবৰৰ স্বৰ্ণশিল্পৰ বাটকটীয়া ৰমদাকান্ত ভৌমিক সোঁৱৰণি গ্ৰন্থ উন্মোচন অনুষ্ঠান অনুষ্ঠিত হয় (Ramdakanta Bhowmiks memorial Book Release) । কলিয়াবৰ প্ৰেছ ক্লাবৰ সহযোগিতাৰে ৰমদাকান্ত ভৌমিক মেম'ৰিয়েল ফাউণ্ডেচনে আয়োজন এই অনুষ্ঠানত প্ৰয়াত ৰমদাকান্ত ভৌমিকৰ প্ৰতিচ্ছবিত মাল‍্যাৰ্পণ কৰি অনুষ্ঠানটিৰ শুভাৰম্ভণী কৰে স্বৰ্ণশিল্পী ৰমদাকান্ত ভৌমিক মেম'ৰিয়েল ফাউণ্ডেচনৰ সভানেত্ৰী তৃষাৰাণী শইকীয়াই (Kaliabor Press Club) ।

নীলপৱন বৰাই বৰগীত পৰিৱেশন কৰাৰ পাছতেই ৰমদাকান্ত ভৌমিক সোঁৱৰণি গ্ৰন্থ 'স্বৰ্ণাভ' উন্মোচন কৰে স্বাস্থ‍্য,পৰিয়াল কল‍্যাণ আৰু বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই (Minister Keshab Mahanta Inaugurated book in Kaliabor)। গ্ৰন্থ উন্মোচন কৰি তেওঁ কয় যে কলিয়াবৰৰ সমাজৰ প্ৰতিটো স্তৰতে এক বিশেষ অৱদান আগবঢ়োৱা প্ৰয়াত ৰমদাকান্ত ভৌমিক এগৰাকী নমস‍্য ব‍্যক্তি । আজিৰ এই অনুষ্ঠানৰ জৰিয়তে তেওঁৰ স্মৃতি ৰক্ষাৰ বাবে কলিয়াবৰৰ ৰাইজ আগবাঢ়ি আহি উপযুক্ত সন্মান আগবঢ়াইছে (Ramdakanta Bhowmik Memorial Foundation) ।

হাটবৰ কেন্দ্ৰীয় নাট‍্য সমাজ ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানতে অসমৰ ঐতিহ‍্যৰ বাহক সংস্কৃতিৰ চৰ্চা আৰু প্ৰসাৰত নিয়োজিত হৈ থকা কলিয়াবৰৰ যুৱ প্ৰতিভাসকলক উৎসাহ যোগাবৰ বাবে চাৰিগৰাকী বিশেষ প্ৰতিভাধৰক অভিনন্দন জ্ঞাপন কৰা হয় । কলিয়াবৰৰ ভলাগুৰিৰ সত্ৰীয়া নৃত‍্যৰ গৱেষণা ছাত্ৰী দীপশিখা ভূঞা, সত্ৰীয়া নৃত‍্য বিষয়ত স্নাতকোত্তৰ তথা সত্ৰীয়া নৃত‍্যৰ প্ৰশিক্ষক শ্ৰীশ্ৰীচুপহা সত্ৰৰ উপাসনা মহন্ত, এডাল বাঁহৰ কাঠিৰে অসমীয়া অলংকাৰ নিৰ্মাণত ইণ্ডিয়া বুকছ অৱ ৰেকৰ্ডছত নাম সন্নিবিষ্ট হোৱা থলুৱা বস্ত্ৰ-অলংকাৰ উদ‍্যোগী লেটুগ্ৰাম, কুঁৱৰীটোলৰ অলিস্মিতা শইকীয়া আৰু ১৯৮৭ চনত তদানীন্তন ছোভিয়েট ৰাছিয়ালৈ যোৱা অসমৰ বিহুদলৰ কনিষ্ঠ সদস‍্য ঢোলবাদক পোৰাভেটিৰ মাধৱ ভূঞাক অভিনন্দন জ্ঞাপন কৰা হয় । লগতে সদ‍্যঘোষিত উচ্চ মাধ‍্যমিক চুড়ান্ত পৰীক্ষাত ৯৭ শতাংশ নম্বৰেৰে কলিয়াবৰ মহকুমাৰ ভিতৰত সৰ্বোচ্চ স্থান দখল কৰা অৰ্হণা বৰকটকীক অভিনন্দন জনোৱা হয় ।

এই অনুষ্ঠানটোত অভিনন্দিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিবেশ্য কলা বিভাগৰ 'সত্ৰীয়া নৃত‍্য' শাখাৰ স্নাতকোত্তৰ উপাসনা মহন্ত আৰু 'সত্ৰীয়া নৃত‍্য' বিষয়ৰ গৱেষণা ছাত্ৰী দীপশিখা ভূঞাৰ লগতে সত্ৰীয়া নৃত‍্য-গীতৰ অনুষ্ঠান বংশধৰ : অসমৰ কলা-কুশলীয়ে সত্ৰীয়া নৃত্য পৰিৱেশন কৰে । শান্তি নিকেতনৰ ছাত্ৰী শ্বৱনম মেঘালীৰ ৰবীন্দ্ৰ সংগীত, শ্বাৰ্মীন চুৰিতাৰ ভজন পৰিৱেশন কৰে । শান্তি নিকেতনৰে সায়ন্তন বেনাৰ্জীৰ চেতাৰ বাদন আৰু চেতাৰৰ তালে-তালে নিবেদিতাৰ চিত্ৰ অংকনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ।

লগতে পঢ়ক:Preserve bamboo dress : লখিমপুৰৰ ৰামধন শইকীয়াই সংৰক্ষিত কৰি ৰাখিছে আজুককা দিনৰ বাঁহৰ পুৰণি সাজ-পোচাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.