ETV Bharat / state

পুনৰ লক ডাউন নহয় অসমত; স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ঘোষণা

author img

By

Published : Oct 25, 2021, 7:08 PM IST

Press conference of Keshab Mahanta on the covid situation in assam
ৰাজ্যৰ ক'ভিড পৰিস্থিতিক লৈ সংবাদমেল কেশৱ মহন্তৰ

ৰাজ্যত নহয় পুনৰ লক ডাউন ৷ কিন্তু ৰাজ্যৰ প্ৰতিজন নাগৰিকৰ ভেকচিন লোৱা আৰু মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰিছে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ৷ শেহতীয়া অসমৰ ক'ভিড পৰিস্থিতিক লৈ সোমবাৰে কলিয়াবৰত সংবাদমেল সম্বোধন কৰে কেশৱ মহন্তই ৷

কলিয়াবৰ, 25 অক্টোবৰ : দুৰ্গোৎসৱৰ পাচত ক’ভিড আক্ৰান্তৰ হাৰ আংশিক বৃদ্ধি পোৱাত ৰাজ্যত পুনৰ লক ডাউন হোৱাৰ সম্ভাৱনীয়তাৰ কথা চৰ্চা হৈছিল ৷ কিন্তু ৰাজ্যত নহয় পুনৰ লকডাউন ৷ অৱশ্যে ৰাজ্যৰ প্ৰতিজন নাগৰিকৰ ভেকচিন লোৱা আৰু মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰিছে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ৷ শেহতীয়া অসমৰ ক'ভিড পৰিস্থিতিক লৈ সোমবাৰে কলিয়াবৰত সংবাদমেল সম্বোধন কৰে কেশৱ মহন্তই ৷

ভেকচিন অবিহনে সকলো ধৰণৰ চৰকাৰী সা-সুবিধা বাতিলৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ ৷ অহা নৱেম্বৰ মাহৰ পৰা এই নীতি বলৱৎ কৰা হ'ব বুলি ঘোষণা কৰিছে ৰাজ‍্যৰ স্বাস্থ‍্যমন্ত্ৰীয়ে ৷ ৰাজ‍্যৰ যোৱা ছটা সপ্তাহৰ ক'ভিড সংক্ৰমণৰ তথ‍্য এনেধৰণৰ ১৮–২৪ অক্টোবৰ ০.৭৫%, ১১-১৭ অক্টোবৰ .৭৯%, ৪-১০ অক্টোবৰ -.৮%, ২৭ চেপ্টেম্বৰ–৩ অক্টোবৰ .৬৯%, ২০-২৬ চেপ্টেম্বৰ .৬৬%, ১৩-১৯চেপ্তেম্বৰ .৭০% ৷ এই তথ‍্য অনুসৰি ৰাজ‍্যত পুনৰ লকডাউন অথবা বিদ‍্যালয় বন্ধৰ সম্ভাৱনা নাই বুলি কয় ৰাজ‍্যৰ স্বাস্থ‍্যমন্ত্ৰী কেশৱ মহন্তই ।

লগতে পঢ়ক: ভাৰতত নিতৌ হাজাৰ হাজাৰ লোক আক্ৰান্ত হৈছে ক'ভিড-১৯ ত

কলিয়াবৰ মহকুমাধিপতি কাৰ্য‍ালয়ত সম্বোধন কৰা সংবাদমেলত মন্ত্ৰী কেশৱ মহন্তই কয়, ১ম পালি প্ৰতিষেধক-১৯৯২০১৮৯, ২ য় পালি প্ৰতিষেধক-৭৩২২২৪১, মুঠ ২৭২৪২৪৩০ গৰাকীক লোকক ক'ভিড ভেকচিন প্ৰদান কৰা হৈছে ৷ বৰ্তমান সময়ত প্ৰতিষেধক নোলোৱা প্ৰতিজন নাগৰিকক ঘৰে-ঘৰে প্ৰতিষেধক দিয়াৰ ব‍্যৱস্থা কৰিছে ৰাজ‍্য চৰকাৰে । ৪৪ লাখ ভেকচিন ৰাজ‍্য চৰকাৰৰ হাতত জমা আছে ।

যোৱা ২৪ অক্টোবৰলৈকে ৰাজ‍্যৰ ক'ভিড স্থিতি এনেধৰণৰ মুঠ সংক্ৰমিত ৰোগীৰ সংখ‍্যা ৬০৮৫৮৯, সুস্থ‍ ৰোগীৰ সংখ‍্যা ৫৯৮৭৫৯ আৰু মৃত‍ ৰোগীৰ সংখ‍্যা ৫৯৭৩ গৰাকী ৷ বিগত ডেৰ মাহত অসমত ক'ভিড সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱা নাই-নিম্নতম অৱস্থাত আছে ।

দুৰ্গা পূজাৰ পিছত প্ৰতিদিনে ২০০ ৰ পৰা ১০০ লোক ক'ভিডত আক্ৰান্ত হৈছে । ভেকচিন লোৱাটো বাধ্যতামূলক কৰা হ'ব । ভেকচিন নল'লে চৰকাৰৰ 'হিতাধিকাৰী'ৰ সুবিধা নাপাব, যিটো নৱেম্বৰ মাহৰ পৰা কাৰ্যকৰী হ'ব ।

লগতে পঢ়ক: পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰসংগত কি ক’লে বিশ্বনাথবাসীয়ে...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.