ETV Bharat / state

মুখ‍্যমন্ত্ৰী-স্বাস্থ‍্যমন্ত্ৰীৰ কুশল কামনাৰ্থে কলিয়াবৰত বন্তি প্ৰজ্বলন

author img

By

Published : May 13, 2021, 3:54 PM IST

Updated : May 13, 2021, 6:18 PM IST

ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণত সন্মুখৰ পৰা নেতৃত্ব দিয়া মুখ‍্যমন্ত্ৰী আৰু স্বাস্থ‍্যমন্ত্ৰীৰ কুশল কামনাৰ্থে বন্তি প্ৰজ্বলন ৷ কলিয়াবৰ বৈদিক সমাজৰ ৩৪ সংখ‍্যক প্ৰতিষ্ঠা দিৱসত অনুষ্টুপীয়া আয়োজনৰে নতুন চৰকাৰৰ বাবে প্ৰাৰ্থনা ৷

pray-for-cm-and-health-minister-in-assam
মুখ‍্যমন্ত্ৰী আৰু স্বাস্থ‍্যমন্ত্ৰীৰ কুশল কামনাৰ্থে কলিয়াবৰত বন্তি প্ৰজ্বলন

কলিয়াবৰ,13 মে': সম্পূৰ্ণ ক’ভিড বিধি পালন কৰি কলিয়াবৰ বৈদিক সমাজৰ ৩৪ সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত । কেৱল দহজন বিষয়ববীয়াৰে গোমোঠা গাঁৱৰ কীৰ্তন গৃহত আয়োজিত অনুষ্ঠানত পতাকা উত্তোলনেৰে অনুষ্টুপীয়াকৈ দিৱসটি পালন কৰে ।

মুখ‍্যমন্ত্ৰী-স্বাস্থ‍্যমন্ত্ৰীৰ কুশল কামনাৰ্থে কলিয়াবৰত বন্তি প্ৰজ্বলন

বৰ্তমানৰ অসমৰ ভয়াৱহ পৰিস্থিতি নিয়ন্ত্ৰণত সমুখৰ পৰা নেতৃত্ব দিয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ কুশল কামনাৰ্থে বন্তি প্ৰজ্বলন কৰি শুভেচ্ছা জনোৱাৰ লগতে দেশৰ জটিল পৰিস্থিতিৰ পৰা মুক্ত কৰাৰ বাবে ভগৱানৰ ওচৰত সেৱা জনায় । এই দুই অনুষ্ঠানৰ পাছতেই কীৰ্ত্তন গৃহত সেৱা জনাই প্ৰতিষ্ঠা দিৱসৰ সামৰণি মাৰে উদ্যোক্তাসকলে ।

লগতে পঢ়ক: চেনীকলৰ লোহা বেচি আঁঠু কাঢ়িলে চোৰে

Last Updated : May 13, 2021, 6:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.