ETV Bharat / state

তিনি মাহ সম্পূৰ্ণ নহওঁতেই এটা নিৰ্মীয়মান পথত চিৰাল ফাট

author img

By

Published : Jun 18, 2021, 11:03 PM IST

নিৰ্মীয়মান পথৰ বৰ্তমানৰ অৱস্থাক লৈ ক্ষোভ উজাৰিছে নগাঁওবাসীয়ে ৷ ৰাইজে সদৰি কৰা মতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালতে কাম আৰম্ভ কৰি বৰ্তমান প্ৰায় সম্পূৰ্ণ হোৱা নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বামুনীৰ পৰা চাপানালা হৈ লুংচুং সংযোগী পকী পথটোৰ ঠায়ে ঠায়ে মেলিছে বৃহৎ ফাট ৷

poor condition of a road in nagaon brahampur
তিনি মাহ সম্পূৰ্ণ নহওঁতেই এটা নিৰ্মীয়মান পথত চিৰাল ফাট

চামগুৰি , 18 জুন : লোক নিৰ্মাণ বিভাগ(Public Works Department)ৰ এটা নিৰ্মীয়মান পথৰ বৰ্তমানৰ অৱস্থাক লৈ ক্ষোভ উজাৰিছে নগাঁওবাসীয়ে ৷ ৰাইজৰ অভিযোগ অনুসৰি ঠিকাদাৰৰ হেমাহিৰ বাবেই লোক নিৰ্মাণ বিভাগৰ এটা গুৰুত্বপূৰ্ণ নিৰ্মীয়মান পথত মেলিছে চিৰাল ফাট ।

ৰাইজে সদৰি কৰা মতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালতে কাম আৰম্ভ কৰি বৰ্তমান প্ৰায় সম্পূৰ্ণ হোৱা নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বামুনীৰ পৰা চাপানালা হৈ লুংচুং সংযোগী পকী পথটোৰ ঠায়ে ঠায়ে মেলিছে বৃহৎ ফাট ৷ পথটোৰ এনে অৱস্থাৰ বাবে লোক নিৰ্মাণ বিভাগৰ বিষয়াক বহুবাৰ অৱগত কৰা হৈছে যদিও পথটো পুনৰ মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় একাংশ লোকে ৷

তিনি মাহ সম্পূৰ্ণ নহওঁতেই এটা নিৰ্মীয়মান পথত চিৰাল ফাট

স্থানীয় এজন লোকে এই পথটোৰ এনে অৱস্থা দেখি ক্ষোভ প্ৰকাশ কৰি কয় ,"বহু আবেদন-নিবেদন কৰাৰ 18 বছৰৰ পাচত এই পথটো নিৰ্মাণ কৰা হৈছিল ৷ কিন্তু অতি পৰিতাপৰ বিষয় এই যে পথটো নিৰ্মাণ কৰা তিনি মাহ সম্পূৰ্ণ নহওঁতেই চিৰাল ফাট মেলিবলৈ আৰম্ভ কৰিছে ৷" পথটো নিৰ্মাণৰ বাবে ঠিকা লাভ কৰা ঠিকাদাৰজনৰ হেমাহিৰ তথা কমিচনৰ লোভত নিম্ন মানৰ কাম কৰাৰ বাবেই পথটোৰ আজি এই অৱস্থা বুলি সদৰি কৰে স্থানীয় লোকজনে ৷

ইফালে আন একাংশ লোকে সদৰি কৰা মতে, বৰবাৰী অঞ্চলৰ বৰবাৰী গাঁও পঞ্চায়ত কাৰ্য্যালয়ৰ কাষতে এই পথটোৰ এপৰত থকা এখন পকী দলঙৰ দুয়োপাৰে ফাট মেলাৰ ফলত সম্প্ৰতি যাতায়তৰ ক্ষেত্ৰত আতংকত ভোগিছে সৰ্ব সাধাৰণ ৰাইজ ৷ ১০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মীয়মান এই পথটোৰ ফাট মেলা অংশত ইতিমধ্যে দুই এটা দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷ তদুপৰি নিম্নমানৰ কাম কৰি এইদৰে জনসাধাৰণৰ লগত হেতালি খেলা ঠিকাদাৰৰ বিৰুদ্ধে শূণ্য সহণশীলতাৰ কথা কোৱা বিজেপি নেতৃত্বাধীন চৰকাৰক অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী জনাইছে স্থানীয় লোকে ৷

লগতে পঢ়ক: দিল্লীৰ হিংসা : DELHI HIGH COURT ৰ ৰায়ত অসন্তুষ্ট উচ্চতম ন্যায়ালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.