ETV Bharat / state

Phulaguri dhewa : ভাৰতৰ প্ৰথম কৃষক বিদ্ৰোহ ফুলগুৰি ধেৱা দিৱস পালন

author img

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 5:18 PM IST

Phulaguri dhewa diwas Observed at Phulaguri
ফুলগুৰি ধেৱা দিৱস

ফুলগুৰিত আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ফুলগুৰি ধেৱা দিৱস ৷ এই দিৱস উপলক্ষে পুৱা পতাকা উত্তোলন আৰু ফুলগুৰি ধেৱা স্মৃতিস্তম্ভত বন্তি প্ৰজ্বলন কৰা হয় ৷ বন্তি প্ৰজ্বলন কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷

ফুলগুৰি ধেৱা দিৱস পালন

ৰহা, 18 অক্টোবৰ : আজি ঐতিহাসিক ফুলগুৰি ধেৱা দিৱস ৷ ৰহাৰ ফুলগুৰিত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় ইংৰাজৰ বিৰুদ্ধে ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথম কৃষক বিদ্ৰোহ এই ফুলগুৰি ধেৱা দিৱস ৷

ফুলগুৰি ধেৱা উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা এই দিৱস উপলক্ষে পুৱা পতাকা উত্তোলন আৰু ফুলগুৰি ধেৱা স্মৃতিস্তম্ভত বন্তি প্ৰজ্বলন কৰা হয় ৷ বন্তি প্ৰজ্বলন কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷

ইয়াৰ পিচতে ফুলগুৰি ৰাইজমেল ভৱনৰ পৰা মানুহ পোৰা বিললৈ যোৱা হয় আৰু মানুহ পোৰা বিলত শ্বহীদসকলৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰা হয় ৷ মানুহ পোৰা বিলত বন্তি প্ৰজ্বলনত অংশগ্ৰহণ কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ উপৰিও জ্যেষ্ঠ সাংবাদিক অদীপ ফুকন, ইতিহাসবিদ-নাট্যকাৰ নৰেন পাটগিৰি আৰু নাট পৰিচালক প্ৰবীন হাজৰিকাই ৷

উল্লেখ্য যে এই মানুহ পোৰা বিলৰ পাৰতে বৃটিছৰ গুলীত প্ৰাণাহুতি দিয়া লোকসকলক ৰাইজে গোপনে সৎকাৰ কৰিছিল ৷ দুপৰীয়া ফুলগুৰি ৰাইজমেল ভৱনত এই স্মৃতি দিৱস উপলক্ষে অনুষ্ঠিত হয় এক মুকলি সভা ৷ মুকলি সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকে অদীপ ফুকন আৰু নৰেন পাটগিৰি ৷ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ফুলগুৰি ধেৱাক সংসদৰ মজিয়াত উপস্থাপন কৰা বুলি উল্লেখ কৰে ৷ উল্লেখ্য যে ১৮৬১ চনত ইংৰাজৰ বলপূৰ্বক কৰ নীতিৰ বিৰুদ্ধে নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ ৰাইজ ফুলগুৰিত একগোট হৈ বৃটিছৰ এই কৰ নীতিৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল ৷

১৮৬১ চনৰ ১৮ অক্টোবৰত ফুলগুৰিত কৃষক ৰাইজ একগোট হোৱাৰ সময়তে বৃটিছ সেনাই বৰ্বৰভাৱে গুলী চলাই বহু লোকক হত্যা কৰিছিল আৰু এই ঘটনাত আহত হৈছিল শতাধিক লোক ৷ বিদ্ৰোহত অংশগ্ৰহণ কৰা বহু লোকক কলিয়াপানী আৰু কাৰাগাৰলৈ নিক্ষেপ কৰিলে বৃটিছ চৰকাৰে ৷ চিপাহী বিদ্ৰোহৰ পিচতে ই আছিল অসমৰ প্ৰথম কৃষক বিদ্ৰোহ ৷

পিচলৈ ইয়ে ফুলগুৰি ধেৱা হিচাপে খ্যাত হৈ পৰে আৰু প্ৰতি বছৰে ফুলগুৰিৰ ৰাইজে শ্বহীদসকলক সুঁৱৰি এই ফুলগুৰি ধেৱা দিৱস পালন কৰি আহিছে ৷

লগতে পঢ়ক : Free Bicycle Distribution : কলিয়াবৰত নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক চাইকেল প্ৰদান অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.