ETV Bharat / state

Anarchy in Nagaon Civil Hospital: নগাঁও চিভিল হাস্পতালত ৰোগীক হাৰাশাস্তি কৰাৰ অভিযোগ

author img

By

Published : Jan 17, 2023, 10:37 AM IST

Accused of harassing patient at Nagaon Civil Hospital
নগাঁও চিভিল হাস্পতালত ৰোগীক হাৰাশাস্তি

স্বাস্থ্যমন্ত্ৰীৰ গৃহ জিলা নগাঁৱৰ চৰকাৰী চিকিৎসালয়ত চৰম অৰাজকতা (Anarchy in government hospitals) । চিকিৎসাৰ বাবে যোৱা ৰোগীক হাৰাশাস্তি কৰাৰ অভিযোগ । ভৰ্তি হ’বলগীয়া জৰুৰী অৱস্থাৰ ৰোগীকো বহু সময় ভিতৰতে প্ৰৱেশ কৰিবলৈ নিদিয়াৰ অভিযোগ । সেৱা আগবঢ়োৱাৰ নামত ধন বিচৰাৰো অভিযোগ চিকিৎসালয়খনৰ নাৰ্ছৰ বিৰুদ্ধে ।

নগাঁও চিভিল হাস্পতালত ৰোগীক হাৰাশাস্তি

নগাঁও, 17 জানুৱাৰী: মধ্য অসমৰে উন্নত চিকিৎসাৰ এখন গুৰুত্বপূৰ্ণ চিকিৎসালয় হৈছে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় (Nagaon Bhogeswari Phukanani Civil Hospital)। বৰ্তমান ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰে মন্ত্ৰী কেশৱ মহন্তৰ গৃহ জিলাত অৱস্থিত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় । কিন্তু এইখন চিকিৎসালয়তে একাংশ নাৰ্ছ, স্বাস্থ্য কৰ্মীয়ে মইমতালি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে (Anarchy in Nagaon Civil Hospital)।

আনকি চিকিৎসাৰ বাবে চিকিৎসালয়খনলৈ যোৱা ৰোগীক নানা হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপন হৈছে । কেৱল ইমানেই নহয়, বিভিন্ন সময়ত ৰোগী অথবা ৰোগীৰ আত্মীয়ক দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন হৈ আহিছে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়খনৰ একাংশ নাৰ্ছৰ বিৰুদ্ধে (Patients harassed at Nagaon Civil Hospital)।

শেহতীয়াকৈ জৰুৰী অৱস্থাৰ এগৰাকী ৰোগীক ভিতৰলৈ প্ৰৱেশ কৰিবলৈ নিদিয়াক কেন্দ্ৰ কৰি ক্ষুণ্ণ হৈ পৰে ৰোগীগৰাকীৰ পৰিয়ালৰ লোক । চৰকাৰী চিকিৎসালয়ত চিকিৎসা লাভ নকৰাত ব্যক্তিগত নাৰ্ছিং হোমলৈ নিবলগীয়া অৱস্থাৰ সন্মুখীন হয় ৰোগীক । সোমবাৰে লালমিঞা নামৰ এগৰাকী ব্যক্তিৰ উচ্চ ৰক্তচাপ জনিত কাৰণত এগৰাকী চিকিৎসকৰ কাষ চাপিছিল পৰিয়ালৰ লোক ।

চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাৰ পৰামৰ্শ প্ৰদান কৰিছিল ৰোগীগৰাকীৰ পৰিয়ালৰ লোকক । চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ৰোগীগৰাকীক লৈ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত উপস্থিত হয় যদিও দীর্ঘসময় চিকিৎসালয়খনৰ ৱাৰ্ডৰ ভিতৰত প্ৰৱেশ কৰিব পৰা নাছিল ৰোগীগৰাকী । ভিতৰত চিকিৎসকে ভৰ্তি হোৱা ৰোগী চাই থকাৰ দোহাই দি ৱাৰ্ডৰ গেইট বন্ধ কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছে ।

জৰুৰী অৱস্থাৰ ৰোগীগৰাকীক ভিতৰত প্ৰৱেশ কৰিবলৈয়ে নিদিয়াক লৈ কিছু উত্তেজিতও হৈ পৰে ৰোগীগৰাকীৰ পৰিয়ালৰ লোক । চিকিৎসালয়খনৰ একাংশ নাৰ্ছৰ বিৰুদ্ধে গেইট খুলি দিয়াৰ নামত ধন বিচৰাৰো অভিযোগ উত্থাপন কৰিছে ৰোগীৰ পৰিয়ালৰ লোকে ।

অৱশেষত চিকিৎসালয়খনৰ ৱাৰ্ডৰ গেইট খুলি নিদিয়াত দীৰ্ঘ সময় বাহিৰতে অপেক্ষা কৰি ৰোগীগৰাকীক এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰাবলৈ বাধ্য হয় পৰিয়ালৰ লোক । ইয়াৰোপৰি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ একাংশ নাৰ্চে নিৰ্দ্দিষ্ট ফাৰ্মাচীৰ পৰা ঔষধ ক্ৰয় কৰিবলৈ ৰোগীক পৰামৰ্শ দিয়াৰো অভিযোগ উত্থাপন কৰে ৰোগীৰ আত্মীয়ই ।

চিকিৎসালয়খনত চলি থকা এনে অৰাজকতা নোহোৱা কৰিবলৈ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কি ভূমিকা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে হ'ব লক্ষণীয় ।

লগতে পঢ়ক: Tense situation at Shushrusha Hospital: এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি নলবাৰীৰ শুশ্ৰূষা হাস্পতালত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.