ETV Bharat / state

নগাঁৱত বৃহৎ পৰিমাণৰ চুলাই মদসহ আটক ব্যৱসায়ী

author img

By

Published : Oct 7, 2021, 4:31 PM IST

One arrested with large quantity of liquor in Nagaon
নগাঁৱত বৃহৎ পৰিমাণৰ চুলাই মদসহ আটক ব্যৱসায়ী

নগাঁও আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷ বুধবাৰে নগাঁৱত আৰক্ষীৰ জালত পৰে বৃহৎ পৰিমাণৰ চুলাই মদসহ এজন ব্যৱসায়ী ৷

নগাঁও, 7 ছেপ্টেম্বৰ : নগাঁৱৰ ননৈ আৰক্ষীয়ে বুধবাৰে বৃহৎ পৰিমাণৰ চুলাই মদসহ এজন ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় । আটকাধীন ব্যৱসায়ীজন অৰুণ দাস বুলি জানিব পৰা হৈছে । ধৃত ব্যৱসায়ীজনৰ ঘৰ নগাঁৱৰ পমুৱৈদেউৰী গাঁও বুলি জানিব পৰা হৈছে ।

One arrested with large quantity of liquor in Nagaon
নগাঁৱত বৃহৎ পৰিমাণৰ চুলাই মদসহ আটক ব্যৱসায়ী

ননৈ আৰক্ষীৰ উপ পৰিদৰ্শক উদ্যায়ক বচুমতাৰীয়ে এক গোপন সূত্ৰৰ ভিত্তিত চলাই এই অভিযান ৷ আৰক্ষীৰ দলটোৱে নগাঁৱৰ বুঢ়াগোঁহাই গাঁৱৰ পৰা চুলাই মদসহ ব্যৱসায়ীজনক আটক কৰে ৷ লোকজনৰ পৰা ১৪৬ পেকেট চুলাই মদ জব্দ কৰে আৰক্ষীয়ে ৷

সম্প্ৰতি চুলাই মদসহ ব্যৱসায়ীজনক আৱকাৰী বিভাগক চমজাই দিয়ে আৰক্ষীয়ে ৷ অৰুণ দাসৰ পৰা এখন আপাচি বাইকো জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে । উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ননৈ আৰক্ষীৰ জালত পৰিছিল বিশেষভাৱে সক্ষম আন এজন চুলাই ব্যৱসায়ী ৷

লগতে পঢ়ক : তামুলপুৰত 44 টা চোৰাং চিকাৰীৰ আত্মসমৰ্পন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.