ETV Bharat / state

Human-elephant conflict: হাতীবন্ধুৰ প্ৰচেষ্টাত স্বস্তিৰে শস্য চপালে নগাঁও-কাৰ্বিআংলং সীমান্তৰ কৃষকে

author img

By

Published : Nov 22, 2021, 7:51 PM IST

Cultivation for elephant in Samaguri
সফল হ'ল হাতীবন্ধুৰ প্ৰচেষ্টা

প্ৰকৃতিপ্ৰেমী সংগঠন হাতীবন্ধু (Nature conservation NGO Hatibandhu) আৰু হাতীখলি-ৰংহাং গাঁৱৰ ৰাইজৰ কষ্ট সাৰ্থক হ'ল । পূৰ্বৰ দুটা বছৰৰ দৰে অলপো বিনষ্ট নোহোৱাকৈ ধান চপালে কৃষকে । আনহাতে, নগাঁও-কাৰ্বিআংলং সীমান্তত বন্যহস্তীৰ বাবে ২০০ বিঘা মাটিত খেতি কৰা ধান খাই বনাঞ্চললৈ উভতিল হাতী ।

চামগুৰি, ২২ নৱেম্বৰ: খাদ্যৰ অভাৱত জনাঞ্চললৈ ওলাই আহি উপদ্ৰৱ চলোৱা বন্যহস্তীক খাদ্যৰ যোগান ধৰি হাতীখলিৰ কৃষকৰ ধান খেতি অনিষ্ট হোৱাৰ পৰা ৰক্ষা কৰিলে প্ৰকৃতিপ্ৰেমী সংগঠন হাতীবন্ধু (Nature conservation NGO Hatibandhu)ৱে । হাতীখলি-ৰংহাং গাঁৱ (Hatikhali Ranghang)ৰ ৰাইজ আৰু প্ৰকৃতিপ্ৰেমী সংগঠন হাতীবন্ধুৰ সদস্যই লগ হৈ তৃতীয়টো বছৰৰ বাবে নগাঁও-কাৰ্বিআংলং সীমান্তৰ হাতীখলি ৰংহাং গাঁৱৰ পথাৰত ২০০ বিঘা মাটিত কৰিছিল ধান খেতি (Planted paddy for elephants)। লগতে নেপিয়াৰ ঘাঁহো(Napier grass) ৰোপণ কৰা হৈছিল হাতীৰ বাবে ।

কৃষকে গাঁৱৰ পথাৰত শস্য চপোৱাৰ সময়ত এইবাৰো বনাঞ্চলৰ পৰা জাকে জাকে বন্যহস্তী ওলাই আহিছিল । কিন্তু বন্যহস্তীৰ বাবে কৰা নিৰ্দিষ্ট খেতিডৰাতে অৱস্থান কৰে । সেয়ে, নিৰ্দিষ্ট সময়ৰ ভিতৰত ভৈয়ামৰ কৃষক ৰাইজে কোনো অসুবিধা নোহোৱাকৈ পথাৰৰ পৰা শস্য ঘৰলৈ চপাই আনিবলৈ সক্ষম হৈছে । এতিয়া শস্য চপোৱাৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে । এইবাৰো এনেদৰে হাতী-মানুহৰ সংঘাত ৰোধ কৰিবলৈ সক্ষম হোৱা (Human Elephant conflict reduced) বাবে হাতীখলি-ৰংহাং গাঁৱৰ ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে ।

হাতীবন্ধুৰ প্ৰচেষ্টাত স্বস্তিৰে শস্য চপালে নগাঁও-কাৰ্বিআংলং সীমান্তৰ কৃষকে

উল্লেখ্য যে, প্ৰতি বছৰে ভৈয়ামৰ কৃষক ৰাইজে খেতি চপোৱাৰ সময়ত খাদ্যৰ সন্ধানত কাৰ্বি পাহাৰৰ বনাঞ্চলৰ পৰা বন্যহস্তীৰ বৃহৎ জাক ওলাই আহে আৰু খেতি পথাৰ নষ্ট কৰে । সেয়ে, হাতীখলি-ৰংহাং গাঁৱৰ স্থানীয় ৰাইজৰ পূৰ্ণ সহযোগিতাত হাতীবন্ধু নামৰ প্ৰকৃতিপ্ৰেমী সংগঠনটোৰ উদ্যোগত তথা গুৱাহাটীৰ জ্যেষ্ঠ নাগৰিক প্ৰদীপ কুমাৰ ভূঞাৰ পৃষ্ঠপোষকতা আৰু চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাৰ (Wildlife activist Binod Dulu Bora) সবল নেতৃত্বত গাওঁখনৰ পাহাৰতলীয়া পথাৰৰ ২০০ বিঘা মাটিত পূৰ্বৰ দুটা বছৰৰ দৰেই এই বছৰো কৰা হৈছিল ধান খেতি ।

ভৈয়ামৰ কৃষকে খেতি চপোৱাৰ সময়ত বহুদিন ধৰি বন্যহস্তীক বিভিন্ন কৌশলেৰে হাতীখলি-ৰংহাং গাঁৱৰ বিশেষ ধাননি খনতে একপ্ৰকাৰ আৱদ্ধ কৰি ৰখা হয় । ৰাজ্যৰ আন-আন অঞ্চল সমূহতো হাতী-মানুহৰ সংঘাতৰ দূৰ কৰিবলৈ চৰাকাৰ তথা বন বিভাগৰ উদ্যোগত অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰিলে অথবা হাতীৰ খাদ্য যোগান ধৰিব পৰাকৈ উপযুক্ত স্থানত নেপিয়াৰ, ঝাউ, ঔটেঙা আদি বিভিন্ন প্ৰজাতিৰ উদ্ভিদ ৰোপণ কৰিলে সমগ্ৰ ৰাজ্যতে হাতীৰ উপদ্ৰৱ হ্ৰাস পাব বুলি আশাবাদী প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰা । ইফালে, হস্তী-মানৱৰ সংঘাত প্ৰৱণ অঞ্চল হিচাপে পৰিগণিত গোলাঘাটৰ থোৰামুখতো সফল হোৱাৰ পথত "হাতীবন্ধু"ৰ এই বিশেষ আৰ্হি ।

লগতে পঢ়ক:Jorhat Massiv Fire : নিমিষতে ভস্মীভূত 25 টাকৈ বাসগৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.