ETV Bharat / state

সন্দেহজনক লোকৰ বেদখলক কেন্দ্ৰ কৰি উত্তপ্ত চামগুৰি

author img

By

Published : Feb 22, 2020, 7:12 PM IST

নগাঁৱৰ চামগুৰিত একাংশ সন্দেহযুক্ত নাগৰিকৰ দিনটোৰ ভিতৰতে ভূমি বেদখল কেন্দ্ৰ কৰি অঞ্চলটোৰ উত্তেজনামূলক পৰিৱেশৰ সৃষ্টি ৷ স্থানীয় ৰাইজে সোধ পোছ কৰাত বেদখলকাৰী লোকসকলে দেখুৱাব পৰা নাছিল কোনো বৈধ নথি-পত্ৰ ৷

Nagaon Suspected citizen  illegal land encroachment
সন্দেহজনক লোকৰ বেদখলক কেন্দ্ৰ কৰি উত্তপ্ত চামগুৰি

নগাঁও,22 ফেব্ৰুৱাৰী : নগাঁৱৰ চামগুৰিত সন্দেহযুক্ত নাগৰিকৰ ভূমি বেদখল ৷ নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানা অধীনৰ তথা বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বালিজুৰিত খুপনি পুতিবলৈ বিচৰা একাংশ সন্দেহযুক্ত লোকক কেন্দ্ৰ কৰি শুকুৰবাৰে সন্ধ্যা এক উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হয়। একাংশ সন্দেহযুক্ত লোকে দিনটোৰ ভিতৰতে বালিজুৰিৰ এখন পথাৰত বাসগৃহ নিৰ্মাণ কৰাক কেন্দ্ৰ কৰি ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ । দলটোত অহা প্ৰায় কুৰিজন লোকে গৰু,ছাগলী,কুকুৰাসহ যাৱতীয় সামগ্ৰী আনি দিনটোৰ ভিতৰতে পথাৰ খনত ঘৰ সজাবলৈ লোৱাত লোকসকল সন্দেহজনক নাগৰিক বুলি এক সন্দেহ ঘনীভূত হৈ পৰে অঞলটোৰ গঁঞা ৰাইজৰ মাজত । তদুপৰি ৰাইজে সোধপোছ কৰাত দেখুৱাব পৰা নাছিল তেওঁলোকে কোনো বৈধ নথি-পত্ৰ তথা নিজৰ পৰিচয় পত্ৰ ৷

সন্দেহজনক লোকৰ বেদখলক কেন্দ্ৰ কৰি উত্তপ্ত চামগুৰি

ইফালে স্থানীয় লোক সকলে সোধপোছ কৰোতে সন্দেহযুক্ত লোকসকলে জানিবলৈ দিয়ে যে পুৰণি গুদামৰ চলচলিৰ নেকিব নামৰ এজন লোকে উক্ত স্থানত তেওঁলোকক নিগাজিকৈ বহিবলৈ লৈ আনিছিল ৷ ইয়াকেলৈ অঞ্চলটোত কিছু সময় ধৰি উত্তেজনাপূৰ্ণ হৈ থাকে পৰিস্থিতি । অৱশ্যে উক্ত ঘটনাটো ৰাইজে চামগুৰি আৰু পুৰণিগুদাম আৰক্ষীক অৱগত কৰাত পলমকৈ হ'লেও উপস্থিত হৈ সন্দেহযুক্ত লোকসকলৰ মহিলাসহ পাঁচজন লোকক জিম্মাত লৈ আৰক্ষীয়ে থানালৈ প্ৰেৰণ কৰে ৷ লগতে অভিযুক্ত নেকিব নামৰ অজ্ঞাত লোকজনৰ সন্ধানত তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে ৷

আনহাতে পৰিস্থিতি উত্তেজনাপূৰ্ণ হোৱা দেখি আন কেইবাজনো সন্দেহজনক লোক আন্ধাৰৰ সুযোগলৈ ঘটনাস্থলিৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় বুলি একাংশ স্থানীয় ৰাইজে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: চূড়ান্ত এনআৰচিত অন্তৰ্ভুক্ত হোৱা ‘অনুপযুক্ত ব্যক্তি’ৰ তথ্য বিচাৰিলে মুখ্য সমন্বয়কে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.