ETV Bharat / state

Student leader shot by police : নগাঁও আৰক্ষীয়ে গুলীয়াই আহত কৰিলে ছাত্ৰনেতাক

author img

By

Published : Jan 22, 2022, 10:36 PM IST

Updated : Jan 22, 2022, 10:53 PM IST

Encounter in Nagaon
আৰক্ষীৰ গুলীত আহত নগাঁৱৰ ছাত্ৰ

ছাত্ৰনেতাক আৰক্ষীয়ে গুলীয়াই আহত কৰাক কেন্দ্ৰ কৰি ব্যাপক উত্তেজনাৰ সৃষ্টি হৈছে নগাঁৱত (Student leader shot by police in Nagaon) ৷ কেইজনমান যুৱকক মাৰপিট কৰাৰ কাৰণ সুধিবলৈ গৈ ছাত্ৰজন আৰক্ষীৰ গুলীৰ সন্মুখীন হ’বলগীয়া হ’ল বুলি জানিবলৈ দিছে কীৰ্তিকমল বৰা নামৰ গুলিবিদ্ধ ছাত্ৰজনে ৷ ইফালে আৰক্ষীৰ মতে সুৰাসক্ত আছিল কীৰ্তিকমল ৷

নগাঁও, 22 জানুৱাৰী: তালাচীৰ নামত এগৰাকী ছাত্ৰনেতাক আৰক্ষীয়ে গুলীয়াই আহত কৰাক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নগাঁৱত (Student leader shot by police in Nagaon)। শনিবাৰে সন্ধিয়া নগাঁও চহৰৰ কচলুখুৱাত কীৰ্তিকমল বৰা নামৰ এগৰাকী ছাত্ৰনেতা আৰক্ষীৰ গুলীত আহত হয় ।

আহত যুৱকজনে চিকিৎসাধীন অৱস্থাতে সংবাদ মাধ্যমক উল্লেখ কৰা মতে, শণিবাৰে সন্ধিয়া প্ৰায় ৭ বজাত তেওঁ ঔষধ আনিবৰ বাবে ফাৰ্মাচীলৈ আহিছিল । সেই সময়তে কচলুখোৱা ৰাসোৎসৱস্থলীৰ ওচৰত অসামৰিক পোচাকত থকা কেইজনমান আৰক্ষীয়ে কেইজনমান যুৱকক সোধপোচ কৰাৰ লগতে মাৰপিট কৰি আছিল ৷ এই দৃশ্য কীৰ্তিকমল নামৰ ছাত্ৰজনে প্ৰত্যক্ষ কৰি অসামৰিক পোচাকত থকা আৰক্ষীৰ লোককেইজনক ইয়াৰ কাৰণ সোধে । আৰক্ষীৰ লোককেইজনে এই কথাতে কীৰ্তিকমলৰ লগত তৰ্কাতৰ্কি লাগে ।

নগাঁও আৰক্ষীয়ে গুলীয়াই আহত কৰিলে ছাত্ৰনেতাক

আৰক্ষীৰ লোককেইজনৰ মাজৰে বনিয়া উপাধিৰ এজন আৰক্ষীৰ জোৱানে খঙত অগ্নিশৰ্মা হৈ কীৰ্তিকমলৰ ভৰিলৈ লক্ষ্য কৰি গুলী চলায় (Nagaon Police team allegedly shot a student leader at Kachalukhua in Nagaon)। আৰক্ষীৰ গুলীত আহত কীৰ্তিকমল সম্প্ৰতি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । ইপিনে আৰক্ষীৰ লোককেইজনে কীৰ্তিকমল সুৰামত্ত হৈ আছিল বুলি অভিযোগ কৰিছে ।

ইয়াৰ বিপৰীতে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত উপস্থিত হোৱা আৰক্ষী অধীক্ষকৰ সন্মুখতে কীৰ্তিকমলৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ পুত্ৰই কোনোধৰণৰ নিচাযুক্ত দ্ৰব্য সেৱন নকৰে বুলি সজোৰে মন্তব্য কৰে ।

আৰক্ষীয়ে এজন ছাত্ৰ নেতাক বিনাকাৰণত গুলীওৱা ঘটনাক কেন্দ্ৰ কৰি নগাঁও অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে ভুক্তভোগী ছাত্ৰনেতাগৰাকীৰ পৰিয়ালৰ লোকে ।

উল্লেখযোগ্য যে আহত কীৰ্তিকমল বৰা নগাঁও মহাবিদ্যালয়ৰ আছু গোটৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছিল । ইপিনে ঘটনাক লৈ নগাৱঁৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই নিজাববীয়াকৈ আৰম্ভ কৰিছে অনুসন্ধান ।

লগতে পঢ়ক: কাৰ্বি আংলঙত বৃহৎ পৰিমানৰ বিস্ফোৰকসহ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ

Last Updated :Jan 22, 2022, 10:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.