পূজাৰ আনন্দ-উৎসৱৰ মাজতে মানসিক বিকাৰগ্ৰস্ত লোকৰ আক্ৰমণত নিহত এজন

author img

By

Published : Oct 13, 2021, 12:05 PM IST

Murder case at amoni

চামগুৰিত মানসিকভাৱে বিকাৰগ্ৰস্ত লোকৰ আক্ৰমণত নিহত এজন ৷ আহত এজন ৷

চামগুৰি, 13 অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱৰ মাজতে নগাঁও জিলাৰ চামগুৰিৰ আমনিত সংঘটিত হয় এক অঘটন ৷ মহা সপ্তমীৰ নিশা আমনিত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড ৷ আমনিৰ আমতলাত এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত ৰোগীৰ প্ৰহাৰত নিহত হয় এজন লোক ৷

নিহত লোকজন আমনিৰ ইন্নচ আলী বুলি চিনাক্ত হৈছে । ঘটনাৰ বিৱৰণী অনুসৰি, বজাৰৰ পৰা ঘৰলৈ উভতাৰ পথতে হঠাৎ ইন্নচ আলীক মানসিকভাৱে বিকাৰগ্ৰস্ত এজন লোকে চোকা অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ কৰে ৷ যাৰ ফলত থিতাতে নিহত হয় ব্যক্তিজন ৷ পূজাৰ আনন্দ-উৎসৱৰ মাজতে সংঘটিত হোৱা এই ঘটনাই জোকাৰি গৈছে নগাঁৱৰ আমনি ৷ কেৱল ইন্নচ আলীকে নহয়, আমনিৰ এজন ব্যৱসায়ীকো প্ৰহাৰ কৰে মানসিকভাৱে বিকাৰগ্ৰস্ত লোকজনে ৷

লগতে পঢ়ক : অব্যাহত আছে বাংলাদেশলৈ গৰু সৰবৰাহ

ইতিমধ্যে আহত লোকজনক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে হাস্পতাললৈ ৷ পৰৱৰ্তী সময়ত অঞ্চলটোৰ একাংশ ব্যৱসায়ী আৰু ৰাইজৰ সহযোগত আটক কৰা হয় আক্ৰমণকাৰীক ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷ কিন্তু পূজাৰ মাজতে সংঘটিত এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

লগতে পঢ়ক : পাগলাদিয়াৰ পাৰত পুতি থৈছিল অংকুমণিক; কোনে কৰিলে হত্যা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.