অব্যাহত আছে বাংলাদেশলৈ গৰু সৰবৰাহ

author img

By

Published : Oct 12, 2021, 10:43 PM IST

cattle-trafficking-in-indo-bangladesh-border

ৰাজ্যত অবাধ হাৰত চলি আছে গৰু-ম’হৰ চিণ্ডিকেট ৷ বাংলাদেশ অভিমুখে সৰবৰাহ কৰি লৈ যোৱা অৱস্থাত ১১ টা গৰু আৰু ২ ম'হ জব্দ কৰিলে আৰক্ষীয়ে ৷

পশ্চিম বিলাসীপাৰা, 12 অক্টোবৰ : সক্ৰিয় হৈ আছে গৰু-ম'হৰ চিণ্ডিকেট চক্ৰ ৷ এই চিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে নয়াহাট আৰক্ষী চকীৰ সহযোগত মহকুমা আৰক্ষী বিষয়া বিৰিঞ্চি বৰাৰ নেতৃত্বত চলিল অভিযান ৷ অভিযানত লাওপাৰাৰ পৰা বাংলাদেশ অভিমুখী ১১ টা গৰু আৰু ২ ম'হ জব্দ ৷ লগতে চোৰাং গৰু-ম'হ চক্ৰৰ লগত জড়িত চাৰিজনক সোধ পোচৰ বাবে আটক কৰে আৰক্ষীয়ে ।

অব্যাহত আছে বাংলাদেশলৈ গৰু সৰবৰাহ

আটক হোৱা লোক সকল ক্ৰমে, শ্বৰীফ আলী (৬০), আব্দুল মতিন( ৪০), শ্বাহ দুল্লা সেখ ( ৪৫) আৰু মফিজুল হক (৩২) বুলি জানিব পৰা গৈছে । লাওপাৰাৰ পৰা সৰবৰাহ কৰা গো-ধন সমূহ জব্দ কৰি নয়াহাট চৰকাৰী পণ্ডত ৰখা হৈছে ৷ আৰক্ষীৰ সূত্ৰে জানিবলৈ দিয়ে যে, ধুবুৰী কোকৰাঝাৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি চৰ অঞ্চলত একগোট কৰি নদী পথেৰে বাংলাদেশ লৈ যায় গৰু সমূহ ।

এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত গৰু চিণ্ডিকেট ৰাজ বন্ধ হব নে এনে ধৰণেই চলি থাকিব চোৰাং গৰুৰ ৰমৰমীয়া গো-ধনৰ বেহা । সেয়া পৰৱৰ্তী সময়ত হে লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক : ৰাজ্যত কাঠৰ চিণ্ডিকেট নিয়ন্ত্ৰণ কৰা কোন এই গোবিন্দ সৰকাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.