পাগলাদিয়াৰ পাৰত পুতি থৈছিল অংকুমণিক; কোনে কৰিলে হত্যা ?

author img

By

Published : Oct 12, 2021, 8:07 PM IST

missing-lady-laboratory-technician-of-rangia-is-found-dead

দুসপ্তাহ পূৰ্বে সন্ধানহীন হোৱা কমলপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ এগৰাকী Laboratory Technician অংকুমণি বৰুৱা ঘূৰি নাহিল ৷ ঘটনাৰ সবিশেষ জানো আহক ৷

নলবাৰী, 12 অক্টোবৰ : প্ৰায় দুসপ্তাহ পূৰ্বে সন্ধানহীন হৈছিল কমলপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ এগৰাকী Laboratory Technician অংকুমণি বৰুৱা ৷ বিহদিয়াৰ মাতৃগৃহৰ পৰা ৰঙিয়াৰ উদিয়ানাৰ স্বামী গৃহলৈ গৈ থকা অৱস্থাত সন্ধানহীন হৈ পৰিছিল মহিলাগৰাকী । মহিলা গৰাকী নিখোজ হোৱাৰ পিছত ৰঙিয়া আৰু বাইহাটা চাৰিআলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল স্বামী কৈলাশ কলিতাই ।

দুসপ্তাহ পূৰ্বে সন্ধানহীন হোৱা Laboratory Technician অংকুমণি বৰুৱা ঘূৰি নাহিল

নিখোজ হোৱা মাতৃক বিচাৰি হাবাথুৰি খাই থকা পৰিয়ালটোৰ কণমানি কন্যাই আহ্বান জনাইছিল, '' মা য’তেই আছা সোনকালে ঘৰলৈ আহা '' ৷ কিন্তু, যি হেৰাল, ঘূৰি নাহিল অংকুমনি ৷ অৱশেষত উদ্ধাৰ হ’ল, 29 ছেপ্টেম্বৰৰ পৰা নিৰুদ্দেশ হৈ থকা অংকুমনিৰ মৃতদেহ ৷ এক গোপন সূত্ৰৰ পম খেদি ঘগ্ৰাপাৰ আৰক্ষী থানাই দেওবাৰে নিশা এই ঘটনা সন্দৰ্ভত ঘগ্ৰাপাৰৰ জগদীশ দাস, চন্দন দাস আৰু সঞ্জিৎ কলিতা নামৰ তিনিজন লোকক আটক কৰিবলৈ সক্ষম হয় ।

তিনিও জনে স্বীকাৰ কৰে যে যোৱা 29 ছেপ্টেম্বৰত তেওঁলোকে পুৰণি চিনাকি অংকুমনিক ৰঙিয়াৰ পৰা মাতি আনি পূব নলবাৰী কলেজত হত্যা কৰি মৃতদেহটো পুতি থয় কেহেৰুৱাৰ পাগলাদিয়া নদীৰ দাঁতিত ।

ইয়াৰে দুজনে আৰক্ষীৰ জেৰাত পৰিকল্পিতভাৱে হত্যা কৰি পুথি থোৱা ঠাই দেখুৱাই মৃতদেহ উদ্ধাৰ কৰাত সহায় কৰে ৷ কি উদ্দেশ্যৰে অংকুমনিক হত্যা কৰা হ’ল সেই কথা এতিয়াও পোহৰলৈ অহা নাই । অৱশ্যে, বৰ্তমান তিনিওজন হত্যাকাৰীক নলবাৰী থানাত ৰখা হৈছে । সম্প্ৰতি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা এই ঘটনাৰ সম্পূৰ্ণ কাৰণ আৰু উদ্দেশ্য আৰক্ষীৰ পৰৱৰ্তী তদন্তৰ পিছতহে পোহৰলৈ আহিব ৷

লগতে পঢ়ক :গৌৰাংটাৰীৰ হত্যাকাণ্ড : আৰক্ষীৰ জালত মূল অভিযুক্ত দুদুল চৌধুৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.