ETV Bharat / state

Gaurav Gogoi: স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ ফলাফলত বিসংগতি; সৰৱ গৌৰৱ গগৈ

author img

By

Published : May 2, 2023, 10:16 PM IST

স্বাস্থ্য বিভাগৰ নিযুক্তি পৰীক্ষাৰ ফলাফলত সংঘটিত হোৱা বিসংগতিৰ বিৰুদ্ধে সৰৱ সাংসদ গৌৰৱ গগৈ ৷ স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ ফলাফলত ব্যাপক বিসংগতি হোৱাৰ অভিযোগ কলিয়াবৰৰ সাংসদগৰাকীৰ (MP Gaurav Gogoi) ৷

Gaurav Gogoi
স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ ফলাফলত বিসংগতি; সৰৱ গৌৰৱ গগৈ

স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ ফলাফলত বিসংগতি; সৰৱ গৌৰৱ গগৈ

কলিয়াবৰ, 2 মে’: কলিয়াবৰত সাংসদ গৌৰৱ গগৈৰ সংবাদমেল ৷ সংবাদমেলত সদ্য ঘোষিত স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফলত সংঘটিত হোৱা বিসংগতি আৰু বেমেজালিৰ বিৰুদ্ধে সৰৱ হয় সাংসদগৰাকী ৷ পৰীক্ষাত ফলাফলত বিসংগতি হোৱা বুলি চৰ্চিত হৈ থকাৰ মাজতে গৌৰৱ গগৈয়েও এই পৰীক্ষাৰ ফলাফলত বেমেজালি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে (Anomaly in health department result) ৷

পৰীক্ষাৰ ফলাফল প্ৰকাশ হোৱাৰ পাচতেই স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ নিজা সমষ্টিতে চাকৰি প্ৰত্যাশীৰ মাজত ব্যাপক ক্ষোভৰ উদ্গিৰণ হোৱা সন্দৰ্ভত সাংসদ গৌৰৱ গগৈয়ে কয়, ‘‘মন্ত্ৰী-বিধায়কৰ বিশেষ ব্যক্তি নহ’লে বৰ্তমান সময়ত চৰকাৰী চাকৰি পোৱাতো অসম্ভৱ হৈ পৰিছে ৷ কলিয়াবৰৰ শিক্ষিত যুৱক-যুৱতী বঞ্চিত হোৱাৰ উপৰিও বিজেপি দলৰ যুৱক-যুৱতীও বঞ্চিত হোৱাত দলৰ ভিতৰতে ক্ষোভৰ সৃষ্টি হৈছে (Gaurav Gogoi slams Keshsab Mahanta) ৷’’

গৌৰৱ গগৈয়ে লগতে কয়, ‘‘বৰ্তমান মন্ত্ৰী-বিধায়কে ৰাইজৰ উন্নতিৰ ফালে পিঠি দি সোঁৱে-বাওঁৱে ধন ঘটাতহে ব্যস্ত ৷ ইয়াৰ উদাহৰণ কলিয়াবৰৰ বিভিন্ন স্থানত বিদ্যমান ৷’’ আনহাতে, কলিয়াবৰৰ 2017 চনৰ বানত ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ প্ৰদানৰ কথা কেইবাবাৰো বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰাৰ পাচতো ফুটা কড়ি এটাও নাপালে বুলি অভিযোগ উত্থাপন কৰে গৌৰৱ গগৈয়ে ৷ অংকিতা দত্তৰ বিষয়ে (Angkita Dutta case) সাংবাদিকে সোধা এক প্ৰশ্নৰ পৰা ফালৰি কাটি কুস্তি মহাসংঘৰ অধ্যক্ষ ব্ৰীজ ভূষণ সিঙৰ প্ৰসংগ উল্লেখ কৰি কেন্দ্ৰীয় চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে সাংসদগৰাকীয়ে ৷

ইয়াৰোপৰি কৰ্ণাটকৰ নিৰ্বাচনত (Karnataka assembly election 2023) ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দল বিজয়ী হ’ব বুলি দাবী কৰে গৌৰৱ গগৈয়ে ৷ ইফালে, আগন্তুক লোকসভা নিৰ্বাচনৰ (Lok Sabha election 2024) সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কলিয়াবৰ সমষ্টি দখল কৰিবলৈ বিজেপিয়ে কৰি থকা প্ৰচেষ্টা নিষ্ফল হ’ব বুলি প্ৰৱল আত্মবিশ্বাসী হৈ উল্লেখ কৰে গৌৰৱ গগৈয়ে ৷ মঙলবাৰে দিনজোৰা দলীয় কাৰ্যসূচীৰে নিজ লোকসভা সমষ্টিত উপস্থিত থাকে গৌৰৱ গগৈ ৷

লগতে পঢ়ক: Srinkhal Chaliha got bail: জামিন লাভৰ পাচতে ভুৱা বাতৰি প্ৰকাশ নকৰিবলৈ সকিয়নী শৃংখল চলিহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.