ETV Bharat / state

তেজপুৰৰ পৰা বিগত তিনিমাহ ধৰি নিৰুদ্দেশ মাতৃ-পুত্ৰ

author img

By

Published : Jul 4, 2021, 3:26 PM IST

as_klbr_02_mother_son_both_missing_from_tezpur_img_10014
তেজপুৰৰ পৰা বিগত তিনিমাহ ধৰি নিৰুদ্দেশ মাতৃ পুত্ৰ

তেজপুৰত কৰ্মৰত কলিয়াবৰৰ এগৰাকী মহিলা আৰু তেওঁৰ পুত্ৰ বিগত তিনিমাহে নিৰুদ্দেশ হৈ আছে । তেজপুৰৰ আগশাৰীৰ শিক্ষানুষ্ঠান গুৰুকুলৰ পৰা পুত্ৰৰ ফলাফল আনিবলৈ গৈ সন্ধানহীন মাতৃ-পুত্ৰ ।

কলিয়াবৰ,৪ জুলাই : তেজপুৰত এক চাঞ্চল্যকৰ ঘটনা । বিগত এশ দিন ধৰি তেজপুৰৰ পৰা নিৰুদ্দেশ (Missing) কলিয়াবৰৰ এগৰাকী মাতৃ আৰু পুত্ৰ । তেজপুৰৰ আগশাৰীৰ শিক্ষানুষ্ঠান গুৰুকুলৰ(Gurukul) পৰা পুত্ৰৰ ফলাফল আনিবলৈ গৈ সন্ধানহীন মাতৃ-পুত্ৰ ।

সাত বছৰীয়া পুত্ৰ আৰু পত্নীক বিচাৰি অসহায় হৈ পৰিছে স্বামী । আনহাতে, মৰমৰ নাতিয়েকক মনত পেলাই দিনে নিশাই চকুলো টুকিছে আইতাকে । আনকি পদুলিমুখত ৰৈ যোৱা তিনি মাহৰো অধিক কাল প্ৰতিদিনেই আইতাগৰাকীয়ে বাট চাই ৰৈছে বোৱাৰী আৰু নাতিয়েকলৈ ।

উল্লেখ্য যে, বিগত ২৩ মাৰ্চত পুত্ৰৰ পৰীক্ষাৰ ফলাফল ল'বলৈ ঘৰৰ পৰা ওলাই গৈছিল কবিতা দাস বৰদলৈ । লগত পুত্ৰ তেজপুৰ গুৰুকুলৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ মৃগাংক বৰদলৈ । সেই যে ওলাই গ'ল আজিলৈকে উভতি নাহিল মাতৃ আৰু পুত্ৰ ।

২০১২ চনৰ ৮ ডিচেম্বৰত তেজপুৰ চানমাৰিৰ কবিতা দাসৰ লগত প্ৰেম বিবাহ হৈছিল কলিয়াবৰৰ মিলন বৰদলৈৰ । দুয়োৰে সংসাৰ সুখেৰেই চলিছিল । কিন্তু যোৱা তিনিটা বছৰে চাকৰি সূত্ৰে তেজপুৰৰ পিতৃ গৃহতে থাকিবলৈ লয় কবিতা বৰদলৈয়ে লগতে পুত্ৰকো তেজপুৰৰ এখন আগশাৰী বিদ্যালয় গুৰুকুলত নাম লগাই দিয়ে । সপ্তাহৰ অন্তত স্বামীৰ ঘৰলৈ আহি থাকে কবিতা দাস বৰদলৈ ।

বিগত ২৮ মাৰ্চত কলিয়াবৰৰ স্বামী গৃহলৈ একেবাৰে অহাৰ কথা আছিল কবিতা । কিন্তু ২৩ মাৰ্চত হঠাৎ নিৰুদ্দেশ হোৱাত এতিয়া শুং-সূত্ৰ বিচাৰি হাহাকাৰ কৰিছে স্বামী মিলন বৰদলৈৰ লগতে বৃদ্ধ মাতৃ । ইতিমধ্যে তেজপুৰৰ সদৰ আৰক্ষী চকীত নিৰুদ্দেশ হোৱাৰ পিছদিনাই এখন এজাহাৰ দিয়ে যদিও তেওঁলোকৰ কোনোধৰণৰ শুং-সূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়েও । উপায়ন্তৰ হৈ মিনল বৰদলৈয়ে সামাজিক মাধ‍্যমত এই বিষয়ে অৱগত কৰিছে যদিও এতিয়ালৈ নাই কোনো সম্ভেদ ।

ইফালে তিনিমাহৰো অধিক সময় দুয়োগৰাকীৰে সন্ধান নোপোৱাত এতিয়া দিশহাৰা হৈ পৰিছে মহিলাগৰাকীৰ স্বামী আৰু তেওঁৰ পৰিয়াল । ৰাইজকো অনুৰোধ জনাইছে তেওঁলোকৰ কোনো সম্ভেদ পালে আৰক্ষীক খবৰ দিবলৈ ।

লগতে পঢ়ক :বঙাইগাঁৱৰ কাবাইটাৰীত পথ দুৰ্ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.