ETV Bharat / state

কলিয়াবৰত বৰদিন উদযাপন কৰিলে মন্ত্ৰী কেশৱ মহন্তই

author img

By

Published : Dec 25, 2020, 3:42 PM IST

কলিয়াবৰত বৃটিছে 1922 চনতে স্থাপন কৰা হাতীগাঁও চাহ বাগিচাৰ গীৰ্জাত উপস্থিত হৈ বৰদিন পালন কৰে মন্ত্ৰী কেশৱ মহন্তই । সকলোকে শুভেচ্ছা জ্ঞাপন কৰে মন্ত্ৰী কেশৱ মহন্তই ৷

minister-keshab-mahanta-x-mass-celebrate-at-kaliayabor
কলিয়াবৰত বৰদিন উদযাপন কৰিলে মন্ত্ৰী কেশৱ মহন্তই

কলিয়াবৰ, 25 ডিচেম্বৰ : কলিয়াবৰত বৃটিছে 1922 চনতে স্থাপন কৰা হাতীগাঁও চাহ বাগিচাৰ গীৰ্জাত উপস্থিত হৈ বৰদিন পালন কৰে মন্ত্ৰী কেশৱ মহন্তই । খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলক শুভেচ্ছা জনোৱাৰ লগতে 2020 চনত শতবৰ্ষ হ'বলগীয়া ঐতিহাসিক গীৰ্জাটোৰ আগন্তুক শতবৰ্ষ অনুষ্ঠানৰ বাবে সকলো ধৰণৰ সহায়-সহযোগ আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

minister-keshab-mahanta-x-mass-celebrate-at-kaliayabor
কলিয়াবৰত বৰদিন উদযাপন কৰিলে মন্ত্ৰী কেশৱ মহন্তই

কলিয়াবৰৰ সকলো ঐতিহাসিক সম্পদক সংৰক্ষণ কৰিবলৈ চৰকাৰী আঁচনিৰ আধাৰত উন্নয়নমূলক কাম চলি থকাৰ সময়তে বৃটিছে প্ৰতিষ্ঠা কৰা গীৰ্জাটোৰো সংৰক্ষণৰ ব‍্যৱস্থা কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে ।

minister-keshab-mahanta-x-mass-celebrate-at-kaliayabor
কলিয়াবৰত বৰদিন উদযাপন কৰিলে মন্ত্ৰী কেশৱ মহন্তই

লগতে পঢ়ক : জিএছটিৰ ধন আত্মসাৎ কৰি ৰঙা ঘৰৰ আলহী হ'ল প্ৰৱঞ্চক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.