ETV Bharat / state

কলিয়াবৰত দেওবাৰৰ পৰা আৰম্ভ প্ৰিমিয়াৰ ক্ৰিকেট লীগ 2023, উদ্বোধন কৰে মন্ত্ৰী কেশৱ মহন্তই

author img

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 12:14 PM IST

minister keshab mahanta inaugurate premier cricket league at kaliabor
কলিয়াবৰত দেওবাৰৰ পৰা আৰম্ভ প্ৰিমিয়াৰ ক্ৰিকেট লীগ 2023

আজিৰ পৰা কলিয়াবৰত আৰম্ভ হৈছে প্ৰিমিয়াৰ ক্ৰিকেট লীগ 2023 ৷ কলিয়াবৰৰ ডাঃ টি আও ষ্টেডিয়ামত আৰম্ভ হোৱা প্ৰিমিয়াৰ লীগ আজি উদ্বোধন কৰে মন্ত্ৰী কেশৱ মহন্তই ৷

কলিয়াবৰত দেওবাৰৰ পৰা আৰম্ভ প্ৰিমিয়াৰ ক্ৰিকেট লীগ 2023

কলিয়াবৰ, 24 ডিচেম্বৰ : দেওবাৰৰ পুৱাৰ পৰা কলিয়াবৰত আৰম্ভ হৈছে প্ৰিমিয়াৰ ক্ৰিকেট লীগ 2023 ৷ প্ৰায় 10 টা দলে অংশগ্ৰহণ কৰিছে উক্ত প্ৰতিযোগিতাত ৷ আনহাতে, কলিয়াবৰৰ ডাঃ টি আও ষ্টেডিয়ামত অনুষ্ঠিত প্ৰিমিয়াৰ লীগৰ আজি উদ্বোধন কৰে মন্ত্ৰী কেশৱ মহন্তই ৷

প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়নশ্বিপৰ ষষ্ঠ সংস্কৰণৰ শুভাৰম্ভণি কৰি মন্ত্ৰী মহন্তই ভাষণ প্ৰসংগত কয় যে, কলিয়াবৰৰ ক্ৰীড়াৰ উন্নতিত ডাঃ টি আও ষ্টেডিয়ামে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব ৷ তেওঁ কয়,‘‘2024 চনত প্ৰথমভাগতে আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হ’ব ষ্টেডিয়ামখন ৷ প্ৰথম পৰ্যায়ত ফুটবল খেলপথাৰৰ লগতে নিৰ্মাণ চলি আছে আটক ধুনীয়া পেভেলিয়নসহ কাৰ্যালয় আৰু খেলুৱৈৰ বাবে কোঠা । পূৰ্বে আৰ্থিক অনুদানত কিছু বাধা আহিছিল ৷ কিন্তু সেই বাধা বৰ্তমান দূৰ কৰিবলৈ চেষ্টা কৰা হৈছে ৷ ’’

উল্লেখ্য যে, অসম ক্ৰিকেট সন্থাৰ অধীনত থকা প্ৰতিখন জিলালৈ এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ অসম ক্ৰিকেট সন্থাই আৰ্থিক সহযোগিতা আগবঢ়াই আহিছে ৷ ইফালে কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ সহযোগত কলিয়াবৰ ক্ৰিকেট সন্থাৰ উদ‍্যোগত আজিৰে পৰা অসম প্ৰিমিয়াৰ ক্লাৱ চেম্পিয়নশ্বিপৰ জিলা পৰ্য‍ায়ৰ খেলসমূহ নাগশংকৰস্থিত ডাঃ টি আও গ্ৰাম‍্য খেলপথাৰত অনুষ্ঠিত হৈছে ।

ইফালে, কলিয়াবৰ জিলা ক্ৰীড়া সন্থা, কলিয়াবৰ ক্ৰিকেট সন্থাৰ লগতে যোগদান কৰা ক্লাৱসমূহৰ পতাকা উত্তোলন কৰে ক্ৰমে জিলা ক্ৰীড়া সন্থাৰ সভাপতি কেশৱ মহন্ত, কলিয়াবৰ ক্ৰিকেট সন্থাৰ সভাপতি মণিমাধৱ মহন্ত আৰু দলসমূহৰ প্ৰতিনিধিবৰ্গই ।

অনুষ্ঠানতে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্ত, জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি বিন্দু মঞ্জু, সম্পাদক অচ‍্যুত শইকীয়াৰ লগতে কলিয়াবৰ জিলা ক্ৰীড়া সন্থা আৰু কলিয়াবৰ ক্ৰিকেট সন্থাৰ বিষয়ববীয়া আৰু ক্ৰীড়াপ্ৰেমী উপস্থিতি আছিল ৷

লগতে পঢ়ক : কলিয়াবৰৰ কাঞ্চনজুৰিত ভয়ংকৰ পথ দুৰ্ঘটনাত এজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.