ETV Bharat / state

FIR in Nagaon SP office: নগাঁৱত দুষ্টচক্ৰৰ বিৰুদ্ধে গোচৰ মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ

author img

By

Published : Jan 24, 2023, 6:29 PM IST

Mid Day Meal Cook Association protest
চাকৰি নিয়মীয়াকৰণৰ নামত ধন সংগ্ৰহ

ৰান্ধনী সন্থাৰ নামত ব্যাপক হাৰত ধন সংগ্ৰহৰ অভিযোগ মধ্যহ্ন ভোজন ৰান্ধনী সন্থাৰ (FIR in Nagaon SP office against fake Organisation)। মধ্যহ্ন ভোজন ৰান্ধনীৰ পৰা চাকৰি নিয়মীয়াকৰণৰ নামত ধন সংগ্ৰহৰ অভিযোগ ভুৱা ৰান্ধনী সন্থাৰ বিৰুদ্ধে। নগাঁও আৰক্ষী অধীক্ষকক এজাহাৰ দাখিল ৰান্ধনী সন্থাৰ।

চাকৰি নিয়মীয়াকৰণৰ নামত ধন সংগ্ৰহ

নগাঁও, ২৪ জানুৱাৰী: সামান্য মাননিৰ বিনিয়মত চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীক মধ্যাহ্ন ভোজন প্ৰস্তুত কৰি খুৱাই আহিছে ৰান্ধনীসকলে । কিন্তু সামান্য পৰিতোষিক লাভ কৰা এইসকল ৰান্ধনীৰ পৰাও ধন সংগ্ৰহ কৰিবলৈ লৈছে এটা দুষ্টচক্ৰই । ধন সংগ্ৰহ কৰিবলৈ কুণ্ঠাবোধ নকৰা এটা চক্ৰৰ বিৰুদ্ধে নগাঁৱ থানাত এজাহাৰ দাখিল কৰিছে সদৌ অসম প্ৰাথমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাই (Mid Day Meal Cook Association)। মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ নাম লৈ এই চক্ৰটোৱে বিগত কিছুদিনৰ পৰা নগাঁও আৰু মৰিগাঁও জিলাৰ একাংশ ৰান্ধনীৰ পৰা ধন সংগ্ৰহ কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাই ।

উত্থাপিত অভিযোগ অনুসৰি এই চক্ৰটোৱে সদৌ অসম ৰান্ধনী সন্থাৰ নামত মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা (CM Dr Himanta Biswa Sarma) আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপস্থিতিত সভা অনুষ্ঠিত কৰা, মধ্যাহ্ন ভোজন ৰান্ধনীৰ চাকৰি নিয়মীয়াকৰণ কৰা আদিৰ দোহাই দি ৰান্ধনীৰ পৰা ধন সংগ্ৰহ কৰি আহিছে (Mid Day Meal Cook Association protest )। বিশেষকৈ সদৌ অসম প্ৰাথমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ উপদেষ্টা তৃষ্ণা নাথৰ নাম লৈ ব্যাপকভাৱে ধন সংগ্ৰহত নামি পৰা চক্ৰটোৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে ৰান্ধনী সন্থাৰ লগতে সন্থাৰ উপদেষ্টাগৰাকী ।

মঙলবাৰে সন্থাৰ উপদেষ্টা তৃষ্ণা নাথে তেওঁৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰি উচুপি উঠে । সদৌ অসম প্ৰাথমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ নামত ধন সংগ্ৰহ কৰা চক্ৰটোৰ নাম উল্লেখ কৰি নগাঁও জিলা আৰক্ষী অধীক্ষক লীনা দলেক এখনি এজাহাৰ দাখিল কৰে সন্থাই (Nagaon District Superintendent of Police)। সন্থাৰ উপদেষ্টা তৃষ্ণা নাথ, সভানেত্ৰী সবিতা বড়ো, সম্পাদিকা সুনিল ৰংপি আৰু উপ-সভানেত্ৰী ৰমিছা খাতুন স্বাক্ষৰিত এজাহাৰত ধন সংগ্ৰহত জড়িত সকলৰ নাম উল্লেখ কৰা হৈছে ।

সন্থাৰ উপদেষ্টা, সভানেত্ৰী, সম্পাদিকাসহ কেইবাগৰাকী সদস্যাই নগাঁও জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হৈ আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰি এজাহাৰ দাখিল কৰে । সদৌ অসম মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ নামত ধন সংগ্ৰহ কৰা চক্ৰটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সন্থাই দাবী উত্থাপন কৰিছে ।

লগতে পঢ়ক:Tension in Maran police station: ইটাভাটাৰ কৰ্মচাৰীক মালিকে প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি উত্তপ্ত মৰাণ থানা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.