ETV Bharat / state

Tension in Maran police station: ইটাভাটাৰ কৰ্মচাৰীক মালিকে প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি উত্তপ্ত মৰাণ থানা

author img

By

Published : Jan 24, 2023, 11:14 AM IST

Brick quarry employee beaten by owner in Moran
কৰ্মচাৰীক প্ৰহাৰত অভিযুক্ত আৰ বি ডি ইটাভাটাৰ স্বত্বাধিকাৰী ইমৰাণ খান

সোমবাৰে নিশা ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি (Tension in Maran police station) ৷ মৰাণৰ তিলৈনগৰ বঙালী গাঁৱত অৱস্থিত এটা ইটাভাটাৰ স্বত্বাধিকাৰীয়ে ইটা ভাটাটোৰ কৰ্মচাৰীক নিৰ্মমভাৱে প্ৰহাৰৰ অভিযোগ ৷ অভিযুক্ত ব্যৱসায়ীগৰাকীক গ্ৰেপ্তাৰৰ দাবীৰে ইটা ভাটাটোৰ বহুসংখ্যক শ্ৰমিকে উত্তপ্ত কৰিলে থানা চৌহদ ৷

কৰ্মচাৰীক প্ৰহাৰত অভিযুক্ত আৰ বি ডি ইটাভাটাৰ স্বত্বাধিকাৰী ইমৰাণ খান

ডিব্ৰুগড়, 24 জানুৱাৰী : ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত তিলৈনগৰ বঙালী গাঁৱত আছে আৰ.বি.ডি. নামৰ এটা ইটাভাটা ৷ মৰাণৰ ৰাণীপথৰ নিবাসী ব্যৱসায়ী ইমৰাণ খানৰ মালিকানাধীন এই ইটা ভাটাটোত বিভিন্ন সময়ত মালিকৰ দ্বাৰা বহু কৰ্মচাৰীয়ে শাৰিৰীক-মানসিক নিৰ্যাতনৰ বলি হৈ অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ শেহতীয়াকৈ মালিকজনে ইটাভাটাটোৰ কৰ্মচাৰী এজনক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

ঘটনাৰ বিৱৰণি অনুসৰি, ইটা ভাটাটোত কৰ্মৰত গাড়ী চালক দিপক গুচাইং নামৰ কৰ্মচাৰীজনক মালিক ইমৰাণ খানে নিৰ্মমভাৱে প্ৰহাৰ কৰে ৷ গাড়ী চালক দিপক গুচাইঙে পলমকৈ ভাটালৈ অহাৰ অভিযোগেৰে চৰ ভুকু সোধাই গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযাগ উত্থাপিত কৰিছে শ্ৰমিক দিপক গুচাইঙে ৷ প্ৰহাৰৰ উপৰিও প্ৰাণে মৰাৰো ভাবুকি প্ৰদান কৰা বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী দিপকে ৷ ইতিমধ্যে ভুক্তভোগীয়ে দিয়া এজাহাৰৰ ভিত্তিত মৰাণ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত (Brick quarry employee beaten by owner in Moran) ৷

আৰক্ষী থানাখনৰ এগৰাকী বিষয়াই উল্লেখ কৰা অনুসৰি, সোমবাৰে আৰ বি ডি নামৰ ইটাভাটাটোত কৰ্মৰত গাড়ী চালক দিপক গুচাইঙে আৰ.বি.ডি. নামৰ ইটাভাটাটোৰ স্বত্বাধিকাৰীয়ে তেওঁক প্ৰহাৰ কৰাৰ লগতে হত্যাৰ ভাবুকি দিয়াৰ অভিযোগেৰে থানাত এখন এজাহাৰ দাখিল কৰিছে ৷ এই এজাহাৰৰ ভিত্তিত আৰক্ষী বিষয়াগৰাকীয়ে তদন্ত আৰম্ভ কৰাৰ লগতে ইটাভাটাটোৰ স্বত্বাধিকাৰী ইমৰাণ খানক আটক কৰা বুলি জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, এই ইটাভাটাটোত পূৰ্বেও বহু কৰ্মচাৰীক বিভিন্ন অজুহাতত মালিকে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ লগতে আৰক্ষী থানাত ইমৰাণ খানৰ বিৰুদ্ধে বহুকেইটা গোচৰো ৰুজু হৈ আছে বুলি জানিবলৈ পৰা গৈছে ৷ কেইটামান দিনৰ পূৰ্বেও ইটা ভাটাটোত মহৰী হিচাপে কৰ্মৰত এজন কৰ্মচাৰীক নিৰ্মম ভাৱে মাৰধৰ কৰিছিল ভাটাৰ মালিক ইমৰাণ খানে । বিগত বৰ্ষৰ ৩১ ডিচেম্বৰত সংঘটিত এই ঘটনাত ইমৰাণ খানে কৰ্মচাৰী আকাশ ঘোষক বাঁহৰ লাঠিৰে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিছিল ৷ লগতে আকাশ ঘোষক প্ৰাণে মৰাৰো ভাবুকি প্ৰদান কৰিছিল বুলি স্থানীয় লোকে জানিবলৈ দিয়ে । এই সন্দৰ্ভত যুৱকজনে মৰাণ আৰক্ষী থানাত এখন এজাহাৰো দাখিল কৰিছিল (Moran police station) ।

ইয়াৰ পাছতো আৰক্ষীয়ে ব্যৱসায়ী ইমৰাণ খানৰ বিৰুদ্ধে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাছিল যদিও পুনৰ অনুৰূপ ঘটনা সংঘটিত কৰাত এইবাৰ মৰাণ থানাৰ আৰক্ষীয়ে আটক কৰিছে ইমৰাণ খানক । অৱশ্যে ইমৰাণ খানৰ বিৰুদ্ধে মৰাণ আৰক্ষীয়ে কেনে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত হ’ব মনকৰিবলগীয়া বিষয়(Tension in Maran police station)।

লগতে পঢ়ক : Tribute to poet Nilmani Phookan: নগাঁৱৰ কলঙৰ পাৰত কবিতাৰে স্মৰণ কবি নীলমণি ফুকনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.