ETV Bharat / state

Eviction in Burhachapori: বেদখলমুক্ত হ’ল বুঢ়াচাপৰিৰ প্ৰায় তিনি হাজাৰ হেক্টৰ ভূমি; উচ্ছেদিতৰ মাজত হাহাকাৰ

author img

By

Published : Feb 17, 2023, 10:45 PM IST

Eviction in Burhachapori
বেদখলমুক্ত হ’ল বুঢ়াচাপৰিৰ প্ৰায় তিনি হাজাৰ হেক্টৰ ভূমি; উচ্ছেদিতৰ মাজত হাহাকাৰ

বেদখলমুক্ত হ'ল লাওখোৱা বুঢ়াচাপৰিৰ 2099 হেক্টৰ ভূমি (Eviction in Burhachapori) । অভয়াৰণ্যৰ ভূমি উচ্ছেদৰ নামত ৰাজহ গাঁৱতো উচ্ছেদ চলোৱাৰ অভিযোগ । কাৰ ছত্ৰছাঁয়াত বেদখল হৈছিল অভয়াৰণ্যৰ ভূমি ? কংগ্ৰেছ নেতাৰ বিৰুদ্ধে সাপ হৈ খুঁটি বেজ হৈ জৰাৰ অভিযোগ ।

বেদখলমুক্ত হ’ল বুঢ়াচাপৰিৰ প্ৰায় তিনি হাজাৰ হেক্টৰ ভূমি; উচ্ছেদিতৰ মাজত হাহাকাৰ

নগাঁও, 17 ফেব্ৰুৱাৰী: অৱশেষত বেদখলমুক্ত হ'ল এসময়ৰ এশিঙীয়া গঁড়ৰ বাবে বিশ্ব বিখ্যাত লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্য (Burhachapori Wildlife Sanctuary) । বিগত তিনি দিনে শোণিতপুৰ জিলা প্ৰশাসনৰ বুলড’জাৰে এফালৰ পৰা ভাঙি চূৰমাৰ কৰিলে ঘৰ, মছজিদৰ পৰা কৃষিভূমিৰ শস্যলৈ । মঙলবাৰৰ পৰা শোণিতপুৰ জিলা প্ৰশাসনে আৰম্ভ কৰা তিনিদিনীয়া উচ্ছেদ অভিযানত অভয়াৰণ্যখনৰ 2099 হেক্টৰ ভূমি কৰিলে বেদখলমুক্ত । অভয়াৰণ্যৰ ভূমি বেদখল কৰা 2553 টা পৰিয়াল উচ্ছেদ কৰিলে শোণিতপুৰ জিলা প্ৰশাসনে (Illegal land encroachment) ।

দীর্ঘদিন ধৰিয়েই লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যৰ ভূমি বেদখল কৰি আশ্ৰয় লৈ থকা দুই সহস্ৰাধিক পৰিয়াল উচ্ছেদ কৰাৰ পাচত সৃষ্টি হয় অৱৰ্ণনীয় পৰিৱেশ । সম্প্ৰতি হাহাকাৰ পৰিস্থিতি বিৰাজ কৰিছে উচ্ছেদিত লোকসকলৰ মাজত । ক’লৈ যাব কি কৰিব ? যেন দিশহাৰা হৈ পৰিছে উচ্ছেদিত লোকসকল । ইয়াৰ মাজতেই উচ্ছেদিত লোকৰ কাষত উপস্থিত হ’ল প্ৰাক্তন বনমন্ত্ৰী তথা কংগ্ৰেছ নেতা ৰকিবুল হুছেইন আৰু বিধায়ক নুৰুল হুদা । কিন্তু সহজ সৰল লোকৰ সমৰ্থন আদায়ৰ বাবেই বিধায়ক নুৰুল হুদাই নাটক ৰচনা কৰা বুলিও উত্থাপন হৈছে অভিযোগ (Eviction drive in Assam) ।

বৃহস্পতিবাৰে উচ্ছেদৰ সময়ত কেমেৰাৰ সন্মুখত ৰুদ্ৰমূৰ্তি বিধায়ক নুৰুল হুদাৰ । ইয়াৰ পাচতেই উচ্ছেদ চলি থকা আন এটা স্থানত উচ্ছেদিত লোকে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতি (Eviction in Burhachapori) । বনভূমি উচ্ছেদৰ নামত ৰাজহ গাঁৱত উচ্ছেদ চলোৱাৰ অভিযোগ উত্থাপন কৰি উচ্ছেদ বন্ধৰ দাবী বিধায়ক নুৰুল হুদাৰ । প্ৰকৃততে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশ অনুযায়ীয়েই ৰাজহ গাঁৱত বন্ধ হয় উচ্ছেদ অভিযান (anti encroachment drive in Burhachapori) ৷

বিগত পোন্ধৰ বছৰ একেৰাহে শাসনত থকাৰ পাচতো এইসকল লোকৰ বাসস্থানৰ কোনো স্থায়ী সমাধান নকৰাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছ নেতা ৰকিবুল হুছেইন আৰু নুৰুল হুদাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে বিভিন্নজন ৷ লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যৰ ভূমি বেদখলক লৈ বিস্ফোৰক অভিযোগ অধিবক্তা জাকিৰ হুছেইন ফৰাজীৰ । বিগত কংগ্ৰেছ চৰকাৰৰ দিনতেই বন বিভাগৰ ছত্ৰছাঁয়াতেই বেদখল হৈছিল অভয়াৰণ্যৰ ভূমি (Illegal encroachers) ।

কেৱল এয়াই নহয়, বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা সেই সময়ৰ শিক্ষামন্ত্ৰী হৈ থাকোতেই উক্ত এলেকাত চৰকাৰী বিদ্যালয়, স্বাস্থ্য মন্ত্ৰী হৈ থকাৰ সময়ত চৰকাৰী চিকিৎসালয় স্থাপনৰো অভিযোগ উত্থাপন হৈছে । সমান্তৰালভাৱে কংগ্ৰেছ নেতাৰ বিৰুদ্ধে উত্থাপন হৈছে সাপ হৈ খুঁটি বেজ হৈ জৰাৰ অভিযোগ ৷ ইফালে ৰাজহ গাঁৱৰ উচ্ছেদৰ বিৰোধিতা কৰি উচ্ছেদিত লোকসকলক লৈ ৰাজনীতি নকৰিবলৈ সকলো ৰাজনৈতিক দলক সকীয়নি জুৰীয়াৰ আন এগৰাকী অধিবক্তাৰ ।

লগতে পঢ়ক: Laokhowa Burachapori eviction: বুঢ়াচাপৰি অভয়াৰণ্যৰ উচ্ছেদক লৈ কি নিৰ্দেশনা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.