ETV Bharat / state

Junmoni Rabha accident:জোনমণিৰ মৃত্যুৰ তদন্ত চি বি আইক অৰ্পণ ; নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেক বদলি

author img

By

Published : May 20, 2023, 1:09 PM IST

Updated : May 20, 2023, 2:40 PM IST

junmoni rabha death case
জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত

ৰাজ্যজুৰি তোলপাৰ লগোৱা জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত CBI ৰ হাতত অৰ্পণ কৰা হৈছে (Junmoni Rabha death) ৷ জোনমণি ৰাভাৰ মৃত্যুৰ পিচতেই নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেক বদলি কৰা হৈছে (Junmoni Rabha case to CBI) ৷

জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত

নগাঁও, 20 মে’ : এছ আই জোনমণি ৰাভাৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ সমগ্ৰ অসমতে এতিয়া এই অস্বাভাৱিক মৃত্যুৰে চৰ্চা (Junmoni Rabha accident) ৷ চকুপানীৰে বাট নেদেখা হোৱা মাতৃয়ে কালি জখলাবন্ধালৈ গৈ থানাত দিলেগৈ একমাত্ৰ কন্যা সন্তানৰ ৰহস্যজনক মৃত্যুৰ তদন্ত বিচাৰি এজাহাৰ (Junmoni Rabha latest news) ৷

ৰাজ্যবাসীক ম্ৰিয়মাণ কৰি তোলা এই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ দায়িত্ব শেহতীয়াকৈ অপৰ্ণ কৰা হৈছে চি বি আইক (Junmoni Rabha case to CBI) । চি বি আইক তদন্তৰ দায়িত্ব অৰ্পণ কৰাৰ সমান্তৰালকৈ বদলি কৰা হৈছে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেক (Leena Doley today news) । উল্লেখ্য যে, জোনমণিৰ মৃত্যুৰ পিচত সংবাদমেলত সাংবাদিকে এই মৃত্যু সন্দৰ্ভত সোধা প্ৰশ্নত মন্তব্য দিয়াৰ পৰা বিৰত আছিল আৰক্ষী অধীক্ষক গৰাকী (Leena Doley transfer) ৷

শেহতীয়াকৈ জোনমণি ৰাভাৰ মৃত্যুৰ পিচত দৈনিক প্ৰকাশ পাইছে নতুন নতুন শিহৰণকাৰী অনৈতিক কাৰ্য কলাপৰ তথ্য ৷ ছ’চিয়েল মিডিয়াত প্ৰতিদিনেই চৰ্চা হৈছে এই মৃত্যুৰ কথা ৷ অসমৰ প্ৰতিজন নাগৰিকেই বিচাৰিছে এই মৃত্যুৰ উচিত তদন্ত হওক ৷ এছ আই জোনমণিৰ মৃত্যুৰ প্ৰসংগত সৃষ্টি হোৱা বিতৰ্কত সোমাই পৰিছে চাৰিগৰাকী আৰক্ষী ৷ ইতিমধ্যেই তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে অসম আৰক্ষীৰ শীৰ্ষ মহলে ৷ নগাঁৱৰ দুগৰাকী আৰু লখিমপুৰৰ দুগৰাকী আৰক্ষী বিষয়াক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে ৷

নগাঁৱত চি আই ডি ৰ দলে আজিও অব্যাহত ৰাখিছে এছ আই জোনমণিৰ মৃত্যুৰ তদন্ত (Junmoni Rabha CID investigation) । মৰিকলং আৰক্ষীৰ গাড়ী চালক ৰিয়াজুলকো জেৰা আৰম্ভ কৰিছে চি আই ডিৰ দলে । পৰিয়ালে বিচাৰিলে এই মৃত্যুৰ তদন্ত চি বি আইক দিয়াৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Junmoni Rabha death incident) ৷ অৱশেষত আজি এই ৰহস্যজনক মৃত্যুৰ তদন্ত চি বি আই ক অৰ্পণ কৰা হৈছে (Junmoni Rabha case latest update) ৷

লগতে পঢ়ক : Junmoni Rabha death case updates: জোনমণি ৰাভাৰ মৃত্যু প্ৰসংগত চাৰি আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল'জ

Last Updated :May 20, 2023, 2:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.