ETV Bharat / state

উজনিত কংগ্ৰেছৰ কোনো প্ৰভাৱ নাই: মন্ত্ৰী পীয়ুষ হাজৰিকা

author img

By

Published : Mar 10, 2021, 1:41 PM IST

JITU GOSWAMI NOMINATION FILED
উজনিত কংগ্ৰেছৰ কোনো প্ৰভাৱ নাইঃমন্ত্ৰী পীয়ুষ হাজৰিকা

বুধবাৰে বঢ়মপুৰ সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জিতু গোস্বামীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ ৷ মনোনয়ন দাখিলৰ সময়ত জিতু গোস্বামীক সংগ দিয়ে মন্ত্ৰী পীয়ুষ হাজৰিকাৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ অতি ঘনিষ্ঠ অগপ নেতা নিৰঞ্জন বৰাই ৷ জিতু গোস্বামীৰ মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকি সংবাদ মাধ্যমৰ সন্মুখত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷

নগাঁও,10মাৰ্চ: বুধবাৰে বঢ়মপুৰ সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জিতু গোস্বামীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ ৷ মনোনয়ন দাখিলৰ সময়ত জিতু গোস্বামীক সংগ দিয়ে মন্ত্ৰী পীয়ুষ হাজৰিকাৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ অতি ঘনিষ্ঠ অগপ নেতা নিৰঞ্জন বৰাই ৷ জিতু গোস্বামীৰ মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকি সংবাদ মাধ্যমৰ সন্মুখত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷ মন্ত্ৰীগৰাকীয়ে কয়,আগন্তুক 2021ৰ বিধানসভা নিৰ্বাচনত মধ্য অসম আৰু নামনি অসমৰ দুই এখন আসনহে পাব কংগ্ৰেছে ৷ তদুপৰি উজনিত কংগ্ৰেছৰ কোনো প্ৰভাৱ নাই বুলি উল্লেখ কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷ আনহাতে, কংগ্ৰেছে এ আই ইউ ডি এফৰ অক্সিজেনত আৰু এ আই ইউ ডি এফে কংগ্ৰেছৰ অক্সিজেনত জীয়াই আছে বুলিও কটাক্ষ কৰে পীয়ুষ হাজৰিকাই ৷

উজনিত কংগ্ৰেছৰ কোনো প্ৰভাৱ নাইঃমন্ত্ৰী পীয়ুষ হাজৰিকা

ইপিনে, জিতু গোস্বামীয়ে সাংবাদিকৰ আগত কয়, নিৰ্বাচনৰ বাবে সাজু বঢ়মপুৰৰ বিজেপি-অগপ কৰ্মকৰ্তা সকল ৷ ইতিমধ্যে সকলোৱে বঢ়মপুৰত পৰিৱৰ্তনৰ সন্ধানত টঙালি বান্ধিছে ৷ লক্ষণীয়ভাৱে, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ অতি ঘনিষ্ঠ অগপ নেতা নিৰঞ্জন বৰাই মিত্ৰজোঁটৰ প্ৰতি লক্ষ্য ৰাখি মনোনয়নৰ সময়তহে উপস্থিত থকা বুলি কৈ টিকট বঞ্চিত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে সদায় আছোঁ বুলি মন্তব্য কৰে ৷

লগতে পঢ়কঃজনতাৰ কন্ঠ: জন প্ৰতিনিধি বিহীন ৰঙাপাৰ সমষ্টিৰ উন্নয়নৰ খাতিয়ান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.