ETV Bharat / state

গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত নগাঁৱত সম্পন্ন সমূহীয়া ইফতাৰ

author img

By

Published : Apr 30, 2022, 8:05 AM IST

Iftar program held in Nagaon
নগাঁও টাউন আঞ্চলিক সমিতিৰ উদ্যোগত সম্পন্ন সমূহীয়া ইফতাৰ

সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ নগাঁও টাউন আঞ্চলিক সমিতিৰ উদ্যোগত সমূহীয়া ইফতাৰ সম্পন্ন (Collective Iftar program held in Nagaon) ৷ শুকুৰবাৰে বিয়লি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত সম্পন্ন কৰা হয় এই ইফতাৰ অনুষ্ঠানৰ পৰ্ব ৷

চামগুৰি, 30 এপ্ৰিল : সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ নগাঁও টাউন আঞ্চলিক সমিতিৰ উদ্যোগত শুকুৰবাৰে বিয়লি এক সমূহীয়া ইফতাৰ অনুষ্ঠানৰ আয়োজন কৰা হয় (Collective Iftar program held in Nagaon) ৷ নগাঁও জিলা সাহিত্য সভা ভৱনত নগাঁও টাউন আঞ্চলিক পৰিষদৰ উদ্যোগত আয়োজিত কৰা হয় এই সমূহীয়া ইফতাৰ অনুষ্ঠানৰ (Iftar party organized by Goria Moria Deshi Jatiya Parishad) ৷

এই অনুষ্ঠানত সভাপতিত্ব কৰে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ নগাঁও টাউন আঞ্চলিকৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া মকিবুৰ ৰহমানে ৷ ইফতাৰ অনুষ্ঠানটিত নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰান বৰুৱা, উপদেষ্টা ৰতীমোহন নাথ, উপ-সভাপতি ঠগীত চন্দ্ৰ মহন্ত, নগাঁও পৌৰ সভাৰ 9 নং মহলাৰ আয়ুক্ত অৰূপ বৰদলৈ, সমাজকৰ্মী গৌতম ভট্টাচাৰ্য উপস্থিত থাকে ৷

এওঁলোকৰ লগতে এই অনুষ্ঠানটিত উপস্থিত থাকে নগাঁও প্ৰেছ ক্লাৱৰ উপদেষ্টা কনক হাজৰিকা, জ্যেষ্ঠ সাংবাদিক তথা পৰিষদৰ কেন্দ্ৰীয় উপদেষ্টা ফাইজুৰ ৰহমান, পৰিষদৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক জাহিদুৰ ৰহমান, পৰিষদৰ ৰাজ্যিক উপ সভাপতি অধিবক্তা ইমৰান হুছেইন, বিশিষ্ট অনাতাঁৰ শিল্পী আৰিফুল হক প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷

নগাঁও টাউন আঞ্চলিক সমিতিৰ উদ্যোগত সম্পন্ন সমূহীয়া ইফতাৰ

প্ৰতিবছৰে পৰিষদৰ উদ্যোগত আয়োজিত এই ইফতাৰ অনুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে পৰিষদৰ টাউন আঞ্চলিকৰ কাৰ্যকৰী সভাপতি তথা অধ্যাপক ৰেকিবুদ্দিন হাজৰিকাই ৷ অনুষ্ঠানৰ আদৰণি তথা আঁতধৰে পৰিষদৰ টাউন আঞ্চলিকৰ সাধাৰণ সম্পাদক ফাইজুল ইছলাম আৰু ফৰিদ মনচুৰে ৷

ইফাতৰ অনুষ্ঠানত উপস্থিত থকা নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰান বৰুৱাৰ লগতে প্ৰতিজন ব্যক্তিয়ে ঐক্য শান্তি সম্প্ৰতি আৰু ভাতৃত্ববোধৰ ওপৰত নিজৰ বক্তব্য প্ৰদান কৰে ৷ উল্লেখ্য যে, এই অনুষ্ঠানত বিভিন্ন জাতি জনগোষ্ঠীৰ গণ্যমান্য ব্যক্তি সকলৰ উপস্থিতিত এই অনুষ্ঠানটি সুন্দৰ ৰূপত সম্পন্ন হয় ।

লগতে পঢ়ক : কৰিমউদ্দিন বৰভূঞাৰ বিৰুদ্ধে ১০০ কোটি টকীয়া গোচৰ অখিল গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.