ETV Bharat / state

কলিয়াবৰৰ বৰালীগাঁৱত চৰকাৰী ভূমি বেদখলৰ ঘটনা

author img

By

Published : Aug 10, 2021, 10:55 PM IST

A_KLBR_Encrossment_at_Kaliabor_img_ASC10014
কলিয়াবৰৰ বৰালীগাঁৱত চৰকাৰী ভূমি বেদখলৰ ঘটনা

এডোখৰ চৰকাৰী ভূমি বেদখলক কেন্দ্ৰ কৰি কলিয়াবৰৰ বৰালীগাঁৱত উত্তপ্ত পৰিস্থিতি ৷ ভূমি দখলৰ বিৰুদ্ধে স্থানীয় যুৱক-যুৱতীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

কলিয়াবৰ, 10 আগষ্ট : কলিয়াবৰৰ বৰালীগাঁৱৰ ছয় বিঘাকৈ ভূমি দখলৰ চেষ্টা কলিয়াবৰ মাধৱগাঁৱৰ শংকৰ বৰদলৈ নামৰ এজন ব্যক্তিৰ ৷ উক্ত ঘটনাৰ বিৰুদ্ধে মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় যুৱক-যুৱতী সকলে ৷ জানিব পৰা মতে, দীৰ্ঘ দিনৰ পৰা বৰালী গাঁও-ৰৌমাৰী সাৰ্বজনীন দূৰ্গা পূজা সমিতিৰ দখলত আছিল উক্ত ভূমি ৷

কলিয়াবৰৰ বৰালীগাঁৱত চৰকাৰী ভূমি বেদখলৰ ঘটনা

কিন্তু সোমবাৰে উক্ত ভূমিত শংকৰ বৰদলৈয়ে পকী খুঁটাৰে চাৰিসীমা দিয়াৰ চেষ্টা কৰোঁতেই বৰালীগাঁৱৰ যুৱক-যুৱতীসকল একগোট হৈ পকী খুঁটাবোৰ উঠাই দিয়ে ৷

উল্লেখ্য যে,গাওঁখনৰ যুৱক-যুৱতীসকলৰ ভাষ্যৰ বিপৰীতে শংকৰ বৰদলৈ নামৰ ব্যক্তিজনে চৰকাৰী ভূমিখিনি তেঁও দখল কৰি থকাৰ কথা উল্লেখ কৰে ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ উত্তেজনা ৷ আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব প্ৰকৃততে কোন সঁচা, কোন মিছা ৷

লগতে পঢ়কঃ এতিয়াও মিজোৰামৰ দখলত অসমৰ ১৫৭৭.৫৮ হেক্টৰ ভূমি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.