ETV Bharat / state

Jadav Payeng at Nagaon College: ৰাজনীতি, অৰ্থনীতি সকলোৰে ঊৰ্ধত প্ৰকৃতি: যাদৱ পায়েং

author img

By

Published : Feb 2, 2023, 10:08 PM IST

Jadav Payeng at Nagaon College
ৰাজনীতি, অৰ্থনীতি সকলোৰে ঊৰ্ধত প্ৰকৃতি: যাদৱ পায়েং

নগাঁও মহাবিদ্যালয়ত অৰণ্য মানৱ যাদৱ পায়েং ৷ ছাত্ৰ-ছাত্ৰীসকলক জন্মদিনত কেক কটাৰ সলনি এজোপা গছ ৰোপন কৰিবলৈ আহ্বান যাদৱ পায়েঙৰ ৷ উল্লেখ্য যে, নগাঁও মহাবিদ্যালয়ত বৃহস্পতিবাৰে অনুষ্ঠিত হৈছিল এক বিশেষ আলোচনা চক্ৰ ৷

ৰাজনীতি, অৰ্থনীতি সকলোৰে ঊৰ্ধত প্ৰকৃতি: যাদৱ পায়েং

নগাঁও, 2 ফেব্ৰুৱাৰী: নগাঁও মহাবিদ্যালয়ৰ উদ্যোগত বৃহস্পতিবাৰে ৱাই-২০(Youth 20), জি-২০(Group 20)ৰ লগত সংগতি ৰাখি ‘জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগ প্ৰশমনঃ বহনক্ষমতাক জীৱন ধাৰণৰ এক উপায় হিচাপে গঢ়ি তোলা’ শীৰ্ষক আলোচনা চক্ৰ সম্পন্ন হয় । ধৰ্ম, ৰাজনীতি, অৰ্থনীতি সকলোৰে ঊৰ্ধত-প্ৰকৃতি বুলি আলোচনা চক্ৰৰ উদ্বোধনী অনুষ্ঠানত অৰণ্য মানৱখ্যাত পদ্মশ্ৰী যাদৱ পায়েঙে মন্তব্য কৰে(Forest man Jadav Payeng) ।

তেওঁ প্ৰকৃতি সংৰক্ষণৰ প্ৰতি কেনেধৰণে কাম কৰিছিল, কেনেদৰে তেওঁ ‘অৰণ্য মানৱ’ সন্মান লাভ কৰিছিল তাৰ এক বৰ্ণনাও দাঙি ধৰে । বক্তব্যত অৰণ্য মানৱগৰাকীয়ে প্ৰকৃতিয়ে ভগৱান আৰু ভগৱানে প্ৰকৃতি বুলি উল্লেখ কৰে(Jadav Payeng at Nagaon College) । উন্নয়নশীল দেশৰ তুলনাত উন্নত দেশত প্ৰদূষণৰ মাত্ৰা অধিক আৰু উন্নত দেশসমূহে এটা সময়ত উন্নয়শীল দেশৰ পৰা অক্সিজেন ল’বলগীয়া হ’ব বুলি তেখেতে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই ৷

প্ৰসঙ্গক্ৰমে পায়েঙে হিউৱেন চাঙে ভাৰতলৈ আহি ঔষধি গছ অধ্যয়ন কৰাৰ কথা আৰু আজিৰ দিনত টাইৱানৰ নিচিনা প্ৰযুক্তি বিদ্যাৰে উন্নত দেশেত ভাৰতীয় মূলৰ ৰঙা চন্দন আৰু বগা চন্দনে শোভা বৰ্ধন কৰি আছে বুলি ব্যক্ত কৰে । ভাৰতত অধ্যয়নৰ গভীৰতা নথকাৰ বাবে বিদেশী বিজ্ঞানীয়ে ভাৰতৰ পৰা বহু সম্পদ লৈ গৈ আছে বুলিও উল্লেখ কৰে । ‘বুঢ়া শালিকাই মাত নলগায়’ আপ্ত বাক্যশাৰী ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি উল্লেখ কৰি নৱ প্ৰজন্মইহে প্ৰকৃতি ৰক্ষা কৰিব বুলি ব্যক্ত কৰে (Jadav Payeng on nature presentation)।

লগতে তেওঁ, ছাত্ৰ-ছাত্ৰীসকলক জন্মদিনত কেক কটাৰ সলনি এজোপা গছ ৰোপন কৰিবলৈয়ো আহ্বান জনায় ৷ প্ৰকৃতি ধ্বংসৰ ফল মানুহে ক’ভিড-19 ৰ জৰিয়তে লাভ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে, ক’ভিডৰ সময়ত পৃথিৱীখন পৰিষ্কাৰ তথা পশু-পক্ষীয়ে মুক্তভাৱেও বিচৰণ কৰিব পৰা হ’ল ।

আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড৹ ভুৱন চন্দ্ৰ চুতীয়াই(Dr Bhuban Chandra Chutiya) আঁতধৰা আৰু কলেজৰ অধ্যক্ষ ড৹ শৰৎ বৰকটকীয়ে(Dr Sarat Borkataki) সঞ্চালনা কৰা এই অনুষ্ঠানত যাদৱ পায়ঙে গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰতিও শংকা প্ৰকাশ কৰি তেওঁ উত্তৰ পূৰ্বাঞ্চলত পানী নোহোৱা হোৱা, তামিলনাডু, উৰিষ্যা, বিহাৰ আদি ৰাজ্য সাগৰ পৃষ্ঠ ওপৰলৈ উঠি অহাৰ ফলত পানীত ডুব যাব বুলি উল্লেখ কৰে ।

অধ্যক্ষ ড৹ বৰকটকীয়ে বহনক্ষম পৰিৱেশৰ বিষয়ে ব্যাখ্যা কৰি কয় যে, উন্নয়ন আৰু প্ৰকৃতিৰ মাজত ভাৰসাম্য ৰক্ষা কৰি চলিলেহে মানৱ জাতিৰ ভৱিষ্যত সুৰক্ষিত হৈ থাকিব । এই অনুষ্ঠানত অধ্যাপক-অধ্যাপিকা, সংবাদকৰ্মী আৰু দুই শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে । উল্লেখ্য যে, ৱাই-20, জি-20 শীৰ্ষক সন্মিলনৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি নগাঁও কলেজৰ ছাত্ৰ-ছাত্ৰীৰ এটা দলে চুবুৰীয়া বিভিন্ন বিদ্যালয়ত গৈ জি-20 কাৰ্যসূচীৰ ব্যাপক সজাগতা সৃষ্টি কৰিছে(G20 Summit in India) ।

লগতে পঢ়ক: top leader of ulfa independence Sangram Asom: আলফা স্বাধীনৰ শীৰ্ষ নেতা সংগ্ৰাম অসমৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.