ETV Bharat / state

ULFA Leader Surrenderd: আলফা স্বাধীনৰ শীৰ্ষ নেতা সংগ্ৰাম অসমৰ আত্মসমৰ্পণ

author img

By

Published : Feb 2, 2023, 9:34 PM IST

Updated : Feb 2, 2023, 10:42 PM IST

সশস্ত্ৰ সংগ্ৰাম ত্যাগ কৰিলে আলফা (স্বা)ৰ আন এগৰাকী শীৰ্ষ নেতাই ৷ আলফা স্বাধীনৰ শীর্ষ নেতা মেজৰ বুবুল চন্দ্ৰ বৰুৱা ওৰফে মেজৰ সংগ্রাম অসম ওৰফে সংগ্রাম শইকীয়াই কাহিলীপাৰাস্থিত অসম আৰক্ষীৰ বিশেষ শাখাৰ মুখ্য কাৰ্যালয়ত আজি আত্মসমৰ্পণ কৰে । সংগ্রাম অসমৰ আত্মসমৰ্পণ সুৰক্ষা বাহিনীৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে(Senior ULFA I Leader Sangram Asom Surrenders) ৷

senior-ulfa-i-leader-sangram-asom-surrenders
আলফা স্বাধীনৰ শীৰ্ষ নেতা সংগ্ৰাম অসমৰ আত্মসমৰ্পণ

গুৱাহাটী, ২ ফ্ৰেব্ৰুৱাৰী: আলফা স্বাধীনৰ আন এগৰাকী শীৰ্ষ নেতা ঘূৰি আহিল মূলসূঁতিলৈ । আলফা স্বাধীনৰ শীর্ষ নেতা মেজৰ বুবুল চন্দ্ৰ বৰুৱা ওৰফে মেজৰ সংগ্রাম অসম ওৰফে সংগ্রাম শইকীয়াই ম্যানমাৰৰ পৰা আহি গুৱাহাটীৰ কাহিলীপাৰাস্থিত অসম আৰক্ষীৰ বিশেষ শাখাৰ মুখ্য কাৰ্যালয়ত আজি আত্মসমৰ্পণ কৰে । অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেন চন্দ্ৰ নাথৰ(ADGP Hiren Chandra Nath) সন্মুখত আলফা স্বাধীনৰ নেতাজনে আজি আত্মসমর্পণ কৰে(Senior ULFA I Leader Sangram Asom Surrenders) ।

senior-ulfa-i-leader-sangram-asom-surrenders
আলফা স্বাধীনৰ শীৰ্ষ নেতা সংগ্ৰাম অসমৰ আত্মসমৰ্পণ

মেজৰ বুবুল চন্দ্ৰ বৰুৱা ওৰফে মেজৰ সংগ্রাম অসমৰ ঘৰ চৰাইদেউ জিলাৰ সোণাৰি থানাৰ অন্তৰ্গত মিৰিপথাৰ ভজো গাঁৱত । ৪৮ বছৰীয়া সংগ্রাম অসমে ১৯৯৭ চনৰ জুন মাহত সোণাৰি মহাবিদ্যালয়ত স্নাতক শ্রেণী পঢ়ি থকা সময়তে আলফাত যোগদান কৰি ম্যানমাৰৰ কন্যাক এলেকা আৰু টাগা কেম্পত বিভিন্ন অস্ত্র-শস্ত্ৰ আৰু চিকিৎসা বিভাগৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল । প্রশিক্ষণ সমাপ্ত কৰি ১৯৯৮ চনৰ পৰা তেওঁ নিজে উক্ত কেম্পসমূহত অন্যান্য সক্রিয় আলফা কেডাৰসকলক অস্ত্র-শস্ত্ৰৰ লগতে চিকিৎসা বিভাগৰ প্ৰশিক্ষণ প্রদান কৰিছিল ।

লগতে পঢ়ক: Journalist Siddique Kappan: 27 মাহৰ কাৰাবন্দিত্বৰ অন্তত মুকলি আকাশৰ তললৈ আহিল সাংবাদিক ছিদ্দিক কপ্পন

পৰৱৰ্তী পৰ্যায়ত ২০১১ চনৰ পৰা সংগ্ৰাম অসমে ম্যানমাৰস্থিত টাগা কেম্পৰ প্ৰশিক্ষণ আৰু চিকিৎসা বিভাগৰ মুৰব্বী হিচাপে দায়িত্ব পালন কৰিছিল । ২০১১ চনৰ পৰা ২০১৯ চনলৈকে সংগ্রাম অসমে ১৮ টা বিভিন্ন গ্রুপত প্রায় ৭০০ জন আলফা সদস্যক অস্ত্র-শস্ত্ৰৰ প্ৰশিক্ষণ দিছিল আৰু ১৭ টা গ্ৰুপত প্ৰায় ১৫০ জন আলফা সদস্যক চিকিৎসা বিভাগৰ প্ৰশিক্ষণ দিছিল । ২০১৮ চনত সংগঠনে তেওঁক মেজৰ পদলৈ পদোন্নতি দিয়ে(Top leader of ULFA Independence Sangram Asom) ।

সংগঠনত থকাৰ সময়ছোৱাত আলফা সদস্যজনে আলফাৰ অন্যান্য শীর্ষ নেতা ক্ৰমে পৰেশ অসম(ULFA-I Leader Paresh Baruah), মাইকেল ডেকা ফুকন, নয়ন অসম, গণেশ অসম, গোলাপ অসম আদিৰ সম্পৰ্কলৈ আহিছিল । সংগ্রাম অসমে আলফা সদস্যসকলক প্রশিক্ষণ দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল । শীর্ষ নেতাজনৰ এই আত্মসমৰ্পণ সুৰক্ষা বাহিনীৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ।

উল্লেখ্য ইযাৰ পূৰ্বে সশস্ত্ৰ সংগ্ৰাম ত্যাগ কৰিছিল আলফা (স্বা) উপ-মুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখােৱাই ৷ আলফা (স্বাধীন)ৰ দুৰ্ধৰ্ষ কেডাৰ তথা বৰ্তমানৰ উপ-মুখ্য সেনাধ্যক্ষ মনােজ ৰাভা ওৰফে দৃষ্টি ৰাজখােৱাই চাৰিজন কেডাৰসহ বিগত বৰ্ষৰ নৱেম্বৰত আত্মসমৰ্পণ কৰিছিল ৷

লগতে পঢ়ক: Excavation on govt lands: তিনিচুকীয়া বন বিভাগৰ ছত্ৰছায়াত চৰকাৰী ভূমিত ভূ মাফিয়াৰ অবাধ খনন

Last Updated :Feb 2, 2023, 10:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.