ETV Bharat / state

Excavation on govt lands: তিনিচুকীয়া বন বিভাগৰ ছত্ৰছায়াত চৰকাৰী ভূমিত ভূ মাফিয়াৰ অবাধ খনন

author img

By

Published : Feb 2, 2023, 12:14 PM IST

Land Mafia digging government Land in Tinsukia
পলস আৰু মাটিৰ অবাধ খনন

তিনিচুকীয়াত বনবিষয়াৰ সৈতে বুজাবুজিৰে চলিছে পলস আৰু মাটিৰ অবাধ খনন (Excavation on govt lands) ৷ জিলা উপায়ুক্তক স্মাৰকপত্ৰ দিয়াৰ পাছতো প্ৰশাসনে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ ৷

তিনিচুকীয়া, 2 ফেব্ৰুৱাৰী: তিনিচুকীয়া জিলাৰ গুইজানৰ নতুন ৰঙাগড়া, কলীয়াপানী ঘাটত পলস মাফিয়া আৰু বন বিভাগৰ বিষয়াৰ বুজাবুজিৰে দৈনিক পলসৰ অবৈধ খনন আৰু সৰবৰাহ চলি আহিছে (Excavation on government land) ৷ এই অভিযোগ উত্থাপন কৰিছে নতুন ৰঙাগড়া আঞ্চলিক শিশুকল্যাণ মহিলা সমিতিয়ে (Excavation on govt lands by land mafia in Tinsukia) ৷

সৰ্বজনবিদিত যে দীৰ্ঘদিন ধৰি নতুন ৰঙাগড়া আৰু কলীয়াপানী ঘাটত একাংশ মাফিয়াই অবৈধভাৱে পলস খনন কৰি চহৰৰ লগতে বিভিন্ন স্থানলৈ সৰবৰাহ কৰি আহিছে ৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে ই টি ভি ভাৰতত ইয়াৰ পূৰ্বেও পলসৰ অবৈধ খনন আৰু মাটি খননৰ বাতৰি সবিস্তাৰে প্ৰকাশ কৰা হৈছে ৷ কিন্তু জিলা প্ৰশাসন কিম্বা বন বিভাগে এই ক্ষেত্ৰত কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ কেৱল মাত্ৰ পাঁচ জানুৱাৰীত তিনিখন পলস ভৰ্তি ডাম্পাৰ জব্দ কৰিয়েই দায়িত্ব সামৰিলে বনবিভাগে ৷

পৰৱৰ্তী সময়ত ১৩ জানুৱাৰীত পলসৰ অবৈধ খনন ৰোধৰ বাবে নতুন ৰঙাগড়া শিশুকল্যাণ মহিলা সমিতিৰ সভানেত্ৰী ৰঞ্জুমণী সেনাপতি আৰু সম্পাদিকা প্ৰিয়লতা বৰগোহাঁইৰ স্বাক্ষৰিত এখন স্মাৰকপত্ৰ জিলা উপায়ুক্তক প্ৰদান কৰিছিল ৷ স্মাৰক পত্ৰখনত স্পষ্টকৈ স্থানীয় পল্লৱ গগৈ নামৰ এজন পলস মাফিয়াৰ নাম উল্লেখ কৰি সবিস্তাৰে বিৱৰণ দিয়া হৈছিল ৷

Land Mafia digging government Land in Tinsukia
পলস আৰু মাটিৰ অবাধ খনন

স্মাৰকপত্ৰখনত উল্লেখ কৰা অনুসৰি, পাৰ্কুপাইন ব্যৱহাৰ কৰি খহনীয়া ৰোধ কৰিবলৈ সক্ষম হৈছিল যদিও পুনৰ পলসৰ অবৈধ খননৰ ফলত এক প্ৰকাৰে ভাবুকি নামি আহিছে কাষৰীয়া ঠাইসমূহলৈ ৷ এইক্ষেত্ৰত মহিলা সমিতিয়ে পল্লৱ গগৈ নামৰ লোকজনক পলস খনন নকৰিবলৈ মৌখিকভাৱে ক’বলৈ যোৱাত মহিলা সমিতিৰ লোকসকলক গগৈয়ে অপদস্থ কৰাৰ লগতে বন বিভাগৰ বিষয়াৰ সৈতে বুজাবুজি আছে বুলিও উল্লেখ কৰে ৷

কেৱল ইমানেই নহয়, অশ্লীল শব্দ ব্যৱহাৰ কৰি পলস খনন কৰিমেই বুলি সকীয়নী দিয়ে মহিলা সমিতিৰ লোকসকলক (Land mafia terror in Tinsukia) ৷ চিন্তনীয় বিষয় যে এনেদৰেই যদি পলস খনন আৰু সৰবৰাহ চলি থাকে তেন্তে গাঁওখনৰ লগতে ১৯ কোটি টকাৰে চৰকাৰে নিৰ্মাণ কৰা পৰ্যটন কেন্দ্ৰটো অতি সোনকালেই খহনীয়াত বিলীন যাব ৷

Land Mafia digging government Land in Tinsukia
পলস আৰু মাটিৰ অবাধ খনন

ইফালে ১৬ নৱেম্বৰত সদৌ মৰাণ ছাত্ৰ সন্থা, বাৰেকুৰি আঞ্চলিক যুৱ সংঘ, মৰাণ সভাকে আদি কৰি কেইবাটাও দল সংগঠনে জিলা উপায়ুক্তক বাৰেকুৰিৰ হাতীগড়, লেছেংকা, তৰাজান, ডেংকা, যজ্ঞোখোৱা, বৰগাঁও আদি গাঁৱত মাটিৰ অবৈধ খনন চলি থকাৰ কথা অৱগত কৰাৰ পাছতো আজি পৰ্যন্ত জিলা প্ৰশাসন কিম্বা বনবিভাগে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি ক্ষোভ উজাৰে অঞ্চলবাসীয়ে ৷

Land Mafia digging government Land in Tinsukia
পলস আৰু মাটিৰ অবাধ খনন

প্ৰতিদিনে বুলডোজাৰ লগাই মাটি সৰবৰাহ কৰাৰ ফলত গাঁওসমূহত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে ৷ নতুন ৰঙাগড়া আৰু বাৰেকুৰি দুয়োটা অঞ্চলেই এতিয়া পৰ্যটনৰ ক্ষেত্ৰত যথেষ্টখিনি আগবাঢ়িছে, কিন্তু একাংশ দুষ্ট প্ৰকৃতিৰ লোকে দৰিদ্ৰ পৰিয়ালৰ লোকক টকাৰ লোভ প্ৰদান কৰি মাটি খনন কৰাৰ ফলত পৰ্যটনৰ ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ সৃষ্টি হৈছে ৷ এই সমগ্ৰ ঘটনা বিৱৰি জিলা উপায়ুক্তক স্মাৰক পত্ৰৰ জৰিয়তে অৱগত কৰাৰ পাছতো জিলা প্ৰশাসন কিম্বা বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাটো ৰহস্যজনক বিষয় হিচাপে চিহ্নিত হৈছে ৷

লগতে পঢ়ক: Illegal excavation continues at Sivasagar: আমগুৰি হালোৱাটিঙত অব্যাহত অবৈধভাৱে মাটিৰ খনন কাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.