Illegal excavation continues at Sivasagar: আমগুৰি হালোৱাটিঙত অব্যাহত অবৈধভাৱে মাটিৰ খনন কাৰ্য

author img

By

Published : Jan 27, 2023, 2:11 PM IST

Illegal soil mining in Sivsagar

ৰাজ্যত বিভিন্ন প্ৰান্তত অব্যাহত আছে মাটিৰ অবৈধ খনন (Illegal soil mining in Sivasagar)। এনে পৰিপেক্ষিতত বিভিন্ন অঞ্চললৈ আহিছে ভাবুকি (Illegal soil mining poses danger)।

আমগুৰি হালোৱাটিঙত অব্যাহত মাটি খনন কাৰ্য

আমগুৰি, ২৭ জানুৱাৰী : ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে অবৈধভাৱে মাটি খনন । অবৈধভাৱে কৰা মাটি খননে পাৰিপাৰ্শ্বিকতালৈ কঢ়িয়াই আনিছে ভয়াৱহ সংকেত (Illegal soil mining poses danger) । ৰাজ্যৰ ভিন্ন প্ৰান্তত দ্ৰুত গতিত অবৈধভাৱে মাটিৰ খনন কাৰ্য অব্যাহত থকাৰ পাছতো ৰাজ্যৰ বিয়াগোম বন বিভাগে বন্ধ কৰিবলৈ সক্ষম হোৱা নাই এই কাৰ্য । ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা অবৈধ খননৰ মাজতে এইবাৰ পোহৰলৈ আহিছে শিৱসাগৰ জিলাৰ আমগুৰি হালোৱাটিঙত ভূ-মাফিয়াই অবাধ হাৰত চলাই যোৱা মাটি খনন কাৰ্যৰ বিষয়ে ।

আমগুৰি হালোৱাটিং বন বিভাগৰ অন্তৰ্গত বৰবামত জাঁজী নদীৰ মথাউৰি খান্দি ভূ-মাফিয়াই লুণ্ঠন চলাই আহিছে বনাঞ্চলৰ ওপৰত (Amguri Haluating Forest Department)। ভূ-মাফিয়াই বৰবাম চেলেং দলঙৰ সমীপত জাঁজী নদীৰ মথাউৰি খান্দি লুণ্ঠন চলোৱাক লৈ সচেতন ৰাইজৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ । মথাউৰিৰ মাটি ভূ-মাফিয়াই স্থানীয় একাংশ ইটা ভাটাত যোগান ধৰাৰ অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে । হালোৱাটিং বন বিভাগ থকাৰ পিছতো ভূ-মাফিয়াই অবাধে মাটি খনন কৰাত জাঙুৰ খাই উঠিছে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে (Illegal excavation continues at Sivasagar) ।

Illegal soil mining in Sivsagar
আমগুৰি হালোৱাটিঙত অব্যাহত মাটি খনন কাৰ্য

অঞ্চলটোত একাধিক ভূ-মাফিয়াই অবাধে মাটি খনন চলাই জাঁজী নদীৰ লগতে অঞ্চলটোৰ কৃষিভূমিলৈ ভয়াৱহতা কঢ়িয়াই আনিছে বুলি উল্লেখ কৰে সংগঠন দুটাৰ নেতৃত্বই । যোৱা প্ৰায় দুটা মাহ ধৰি বৰবাম অঞ্চলটোত ভূ-মাফিয়াই ব্যাপক হাৰত অবাধে মাটি খনন কাৰ্য চলোৱাত আগন্তক বিপদৰ আশংকা কৰি আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ । ভূ-মাফিয়াই অঞ্চলটোৰ কৃষিভূমি নষ্ট কৰি পেলোৱাৰ লগতে চৰকাৰী চিলিং মাটি খান্দি পেলাইছে বুলি অভিযোগ তুলিছে সংগঠন দুটাই ।

মাটি খননৰ ফলত এলেকাটোত বৃহৎ বৃহৎ পুখুৰীৰ সৃষ্টি হোৱাত বাৰিষা দিনৰ কথা ভাবি আশংকাত ভুগিছে স্থানীয় ৰাইজ ৷ লগতে ই পক্ষীকূললৈ কঢ়িয়াই আনিছে ভয়াৱহ বিপদ । অঞ্চলটোত ভূ-মাফিয়াই দিনে-নিশাই ধ্বংসলীলা চলোৱাৰ পিছতো হালোৱাটিং বন বিভাগৰ নিৰ্বিকাৰ ভূমিকাক লৈ অস্বস্তিত পৰিছে সচেতন ৰাইজ তথা দল-সংগঠন । হালোৱাটিং বন বিভাগে ভূ-মাফিয়াক গোপনে পাৰ্মিট দি এনেদৰে মাটি খনন কৰিবলৈ উৎসাহিত কৰাৰো অভিযোগ উঠা পৰিলক্ষিত হৈছে ।

Illegal soil mining in Sivsagar
আমগুৰি হালোৱাটিঙত অব্যাহত মাটি খনন কাৰ্য

হালোৱাটিং বন বিভাগ আৰু ভূ-মাফিয়াৰ মাজত গোপন বুজাবুজি অবিহনে এনে খনন কাৰ্য অসম্ভৱ বুলিও কয় দল-সংগঠনৰ নেতৃত্বই ৷ বন বিভাগৰ শীৰ্ষ বিষয়াই অবাধ মাটি খনন ৰোধ কৰা অথবা ভূ-মাফিয়াৰ ক্ষেত্ৰত আগন্তক সময়ত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয় বিষয় ।

লগতে পঢ়ক : MLA Ramakanta Deori dance : এইবাৰ নৃত্য কৰি সকলোৰে আৰ্কষণ কাঢ়িলে মৰিগাঁঁৱৰ বিধায়ক ৰমাকান্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.