ETV Bharat / state

কঠিয়াতলীত পেট্ৰ'ল পাম্পৰ কৰ্মচাৰীক গুলীয়াই ডকাইতে লুটিলে ধন

author img

By

Published : Oct 10, 2019, 6:51 PM IST

Updated : Oct 10, 2019, 7:54 PM IST

বৃহস্পতিবাৰে সন্ধিয়া নগাঁৱৰ কঠীয়াতলীত সংঘটিত হয় গুলীচালনাৰ ঘটনা ৷ কঠিয়াতলীৰ সমীপৰ এঘাৰ মাইলত  তিনিখন বাইকত অহা ছয়জনীয়া দুৰ্বৃত্তৰ এটা দলে পেট্ৰ'ল পাম্পৰ কৰ্মচাৰীক গুলীয়াই লুট কৰি নিলে ধন ৷

পেট্ৰ'ল পাম্পৰ কৰ্মচাৰীলৈ গুলীচালনা

নগাঁও,বঢ়মপুৰ, অক্টোবৰ 10 : অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে নগাঁও জিলা ৷ বৃহস্পতিবাৰে সন্ধিয়া নগাঁৱৰ কঠীয়াতলীত সংঘটিত হয় গুলীচালনাৰ ঘটনা ৷ কঠিয়াতলীৰ সমীপৰ এঘাৰ মাইলত তিনিখন বাইকত অহা ছয়জনীয়া দুৰ্বৃত্তৰ এটা দলে পেট্ৰ'ল পাম্পৰ কৰ্মচাৰীক গুলীয়াই লুট কৰি নিয়ে ধন ৷

কঠীয়াতলীত গুলীচালনা

এঘাৰ মাইলৰ এইচ পি পেট্ৰ'ল পাম্পৰ পৰা ওলাই অহাৰ সময়তে মটৰ চাইকেলত অহা ডকাইতৰ দলটোৱে ৰাজকুমাৰ জৈন নামৰ পেট্ৰ'ল পাম্পৰ কৰ্মচাৰীজনলৈ জধে মধে গুলীচালনা কৰে ৷ তাৰ পাচতেই ৰাজকুমাৰৰ পৰা বেংকত জমা দিবলৈ অনা ধনৰ বেগ লৈ উধাও হয় ডকাইতৰ দলটো ৷

আনহাতে, গুৰুতৰভাৱে আহত ৰাজকুমাৰক প্ৰথমে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও আঘাত গুৰুতৰ হোৱাত তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰে ৷ ইতিমধ্যে ঘটনাস্থলীত নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিৰ লগতে আৰক্ষী দল উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷ এই চাঞ্চল্যকৰ ডকাইতি কাণ্ডই আতংকিত কৰি তুলিছে অঞ্চলবাসীক ৷

লগতে পঢ়ক : চুপাৰী ছিণ্ডিকেট : বাৰ্মিজ চুপাৰীয়ে বজাইছে থলুৱা ব্যৱসায়ীৰ বিপদ ঘণ্টা

Intro:নগাঁৱৰ কঠীয়াতলীত চাঞ্চল্যকৰ ডকাইতি। পেট্ৰল পাম্পৰ কৰ্মচাৰীক গুলীয়াই লুটিলে ধন।


Body:বৃহস্পতিবাৰে সন্ধিয়া নগাঁৱৰ কঠীয়াতলীত সংঘটিত হয় চাঞ্চল্যকৰ ডকাইতি। পেট্ৰল পাম্পৰ কৰ্মচাৰীক গুলীয়াই ডকাইতৰ দলে লুটি নিলে ধন। কঠীয়াতলী পেট্ৰল পাম্পৰ ৰাজকুমাৰ জৈন নামৰ কৰ্মচাৰীক গুলীই গুৰুতৰভাৱে আহত কৰে ডকাইতৰ দলে। সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰিছে ৰাজকুমাৰ জৈনক। নগাওঁ আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিয়ে আৰম্ভ কৰিছে তদন্ত। ঘটনাস্থলীলৈ ৰাওনা আৰক্ষীৰ দল।
bite,sp
----------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১০-১০-১৯



Conclusion:
Last Updated : Oct 10, 2019, 7:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.