ETV Bharat / state

কামপুৰত নিশা ভয়ংকৰ অগ্নিকাণ্ড

author img

By

Published : Dec 19, 2020, 6:54 AM IST

Updated : Dec 19, 2020, 7:42 AM IST

Fire in Kampur at night
কামপুৰত নিশা ভয়ংকৰ অগ্নিকাণ্ড

কামপুৰ লুটুমাৰীত যোৱা নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ঘটনা ৷ অগ্নিকাণ্ডত প্ৰায় ১০ লাখৰো অধিক সা-সম্পত্তিৰ ক্ষয়-ক্ষতি হোৱাৰ ধাৰণা প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

বঢ়মপুৰ, 19 ডিচেম্বৰ : নগাঁও জিলাৰ কামপুৰ লুটুমাৰীত যোৱা নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ঘটনা ৷ এই অগ্নিকাণ্ডৰ ফলত দাউ দাউকৈ জ্বলি উঠিল পাঁচখনকৈ দোকান ৷

fire-in-kampur-at-night
কামপুৰত নিশা ভয়ংকৰ অগ্নিকাণ্ড

এখন গেলামালৰ দোকানৰ পৰাই জুইৰ সূত্ৰপাত হোৱা সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, এই অগ্নিকাণ্ডৰ জুই নুমুৱাবলৈ কামপুৰ অগ্নি নিৰ্বাপক বাহিনীৰ তিনিখনকৈ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা কৰে যদিও জুইৰ লেলিহান শিখাই নিমিষতে চাৰখাৰ কৰে পাঁচখনকৈ দোকান ৷

উল্লেখ্য যে, অগ্নিকাণ্ডত প্ৰায় ১০ লাখৰো অধিক সা-সম্পত্তিৰ ক্ষয়-ক্ষতি হোৱাৰ ধাৰণা প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়ক :কফিনত স্ব-গৃহ লৈ আহিল বেংগালুৰুত হত্যাৰ বলি হোৱা বৰপেটাৰ ছাত্ৰী

Last Updated :Dec 19, 2020, 7:42 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.