ETV Bharat / state

কলিয়াবৰত অব্যাহত বন্য হস্তীৰ উপদ্ৰৱ

author img

By

Published : Jul 9, 2021, 10:21 PM IST

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্য হস্তীয়ে কলিয়াবৰত ধাৰাবাহিকভাবে সৃষ্টি কৰিছে সন্ত্ৰাসৰ । হাতী মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ লোৱাৰ মাজতে একাংশ লোকে হাতী আৰু বন্যপ্ৰাণীৰ বাবে হাবিৰ খালী স্থানত ৰোপণ কৰিলে ফলৰ উদ্ভিদ ।

elephant terror
কলিয়াবৰত অব্যাহত বন্য হস্তীৰ উপদ্ৰৱ

কলিয়াবৰ,৯ জুলাই : কলিয়াবৰত এতিয়া নিশা হ'লেই বন‍্য হস্তীৰ (wild elephants) উপদ্ৰৱত টোপনি নাহে গাঁওবাসীৰ । ধৰাবাহিকভাৱে হাতীৰ উপদ্ৰৱে কলিয়াবৰৰ কেইবাখনো গাঁৱৰ বাসিন্দাক শংকিত কৰি তুলিছে । কলিয়াবৰৰ শিলঘাটৰ কেন্দুপাম, কামাখ্যা গাঁও, ঢেকিয়াল গাঁও, বাণীপুৰ আদি গাঁৱত নিশা প্ৰায়ে বনৰীয়া হাতীৰ জাকে তাণ্ডৱ চলায় ।

খাদ্যৰ সন্ধানত কাজিৰঙাৰ (Kaziranga) পৰা ওলাই আহি বন্য হস্তীয়ে গ্ৰাম‍াঞ্চলত প্ৰৱেশ কৰি বহুতৰে ঘৰ, দোকান, ভঁৰাল ভাঙি ধান খোৱাৰ লগতে অনিষ্ট কৰে বিভিন্ন সা-সামগ্ৰী । বন্য হস্তীৰ এনে উপদ্ৰৱৰ বাবে এতিয়া সমগ্ৰ অঞ্চলত তীব্ৰ আতংকই বিৰাজ কৰিছে । ইফালে নিশা হ'লে জখলাবন্ধা আৰু শিলঘাট বনবিভাগে ৰাইজৰ মাজত উপস্থিত হৈ ফটকা ফুটাই হাতী খেদিবৰ বাবে চেষ্টা কৰি আহিছে যদিও বন্য হস্তীৰ আতংকৰ পৰা মুক্ত কৰিব পৰা নাই ৰাইজক ।

কলিয়াবৰত অব্যাহত বন্য হস্তীৰ উপদ্ৰৱ

প্ৰকৃতি প্ৰেমীসকলে (Nature lover) ধাৰণা কৰা মতে বন্য হস্তীৰ উপদ্ৰৱৰ কাৰণ জনসাধাৰণৰ প্ৰকৃতি ধ্বংসও অন‍্যতম যদিও এই ক্ষেত্ৰত দূৰদৰ্শিতাৰ অভাৱে এনে সংঘাটক অধিক সাৰ-পানী যোগাইছে । বন বিভাগৰ (Forest department) দূৰদৰ্শিতাৰ অভাৱৰ ফলতো ৰাজ‍্যৰ বন‍্যপ্ৰাণীয়ে ভয়ানক খাদ‍্য সংকটত (Food crisis) ভূগিছে বুলি একাংশ গঞা ৰাইজে বিশ্বাস কৰে । কিয়নো বন বিভাগৰ তদাৰকত থকা বন ভূমি তথা পাহাৰত বন বিভাগে মূল‍্যৱান গছ লগোৱাৰ যি কাৰ্য‍্য হাতত লৈছিল, সেই কাৰ্য‍্যই ৰাজ‍্যখনক কোনো দিশতে সহায় কৰিব পৰা নাই ।

শাল, চেগুণৰ দৰে মূল‍্যবান গছবোৰ চোৰাং কাঠ বেপাৰীৰ সোণৰ কণী পৰা হাঁহলৈ ৰূপান্তৰিত হৈছে । ফলস্বৰূপে ৰাজ‍্যৰ প্ৰকৃতিক ভাৰসাম‍্য ৰক্ষা কৰাত বিফল হৈছে বন বিভাগ । মূল‍্যৱান কাঠৰ পৰা বন বিভাগে ৰাজহ সংগ্ৰহৰ পৰিমাণ নিচেই সামান‍্য ।

যিহেতু এনে গছত ফল-মূল নালাগে সেয়ে বন‍্য জীৱকূলৰ এই গছৰ পৰা কোনো ধৰণৰ লাভ হোৱা নাই । যদিহে বন বিভাগে দূৰদৰ্শিতাৰ পৰিচয় দি পাহাৰবোৰত আম, কঁঠাল, জামু, ঔটেঙা জাতীয় ফলমূলৰ গছ ৰোপণ কৰিলেহেঁতেন তেতিয়া জীৱকূলৰ খাদ‍্যৰ অভাৱ কিছু হ'লেও দূৰ হ'লহেতেন । ইয়াৰ পৰা হাতীৰ লগতে কপিকুলৰ উপদ্ৰৱো কমিলহেঁতেন বুলি মত প্ৰকাশ কৰে গাঁৱৰ ৰাইজে । সেয়ে বন বিভাগলৈ বাট চাই নাথাকি কলিয়াবৰৰ একাংশ সচেতন লোকে হাবিক খালী ঠাইত বিভিন্ন প্ৰকাৰ ফলৰ উদ্ভিদ ৰোপণ কৰে ।

লগতে পঢ়ক :চামগুৰিত 12 টাকৈ পথৰ আধাৰশিলা স্থাপন ৰকিবুল হুছেইনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.