ETV Bharat / state

নগাঁৱত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ

author img

By

Published : Mar 4, 2020, 5:21 PM IST

DRUGS SIZED BY NAGAON POLICE
নগাঁৱত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ

নগাঁৱত জিলাত শেহতীয়াকৈ বৃদ্ধি পাইছে ড্ৰাগছকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ । নিষিদ্ধ ব্যৱসায়ত জড়িত এজনক আটক আৰক্ষীৰ।

নগাঁও, 4 মাৰ্চঃ নগাঁও আৰক্ষীয়ে পুনৰ জব্দ কৰিলে নিচাজাতীয় ঔষধ। নগাঁৱৰ ইছলামপট্টিৰ আছাদুল ইছলামৰ বাসগৃহত বুধবাৰে দুপৰীয়া অতৰ্কিতে অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ। আই পি এছ বিষয়া এছ বুঢ়াগোহাঁইৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই তিনিলক্ষাধিক টকাৰ নিচাজাতীয় ঔষধ জব্দ কৰাৰ লগতে ব্যৱসায়টোত জড়িত আছাদুল ইছলামকো আটক কৰিবলৈ সক্ষম হয়। দীৰ্ঘদিন ধৰি আছাদুল ইছলামে নিজৰ বাসগৃহৰ পৰাই চলাই আহিছে নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়।

নগাঁৱত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ

লগতে পঢ়কঃ 'নীলগাই' নে 'ডিয়েৰ' : কাটিহাৰত পৰিচয় বিহীন হৈ পৰা নীলগাইটো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.