ETV Bharat / state

ৰাজ্যৰ বিভিন্ন স্থানত আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ সৰবৰাহকাৰী

author img

By

Published : Mar 20, 2023, 10:18 PM IST

ড্ৰাগছ বিৰোধী অভিযানক লৈ ৰাজ্য চৰকাৰ সষ্টম হৈ পৰাৰ পিচতো ৰাজ্যত কমা নাই ড্ৰাগছৰ ব্যৱসায় ৷ একাংশই এতিয়াও দিনে-নিশাই আৰক্ষীৰ চকুত ধূলি দি চলাই নিছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় (drugs news in Assam) ৷ পিছে আৰক্ষীয়েও অভিযান চলাই দৈনিক আটক কৰিছে ড্ৰাগছ সৰবৰাহকাৰী ৷ শেহতীয়াকৈ নগাঁৱৰ বিভিন্ন স্থানত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে কেইবাটাও ড্ৰাগছ সৰবৰাহকাৰী ৷

drugs news in Assam
আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ সৰবৰাহকাৰী

আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ সৰবৰাহকাৰী

নগাঁও, 20 মাৰ্চ: ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে শাসনলৈ আহিয়েই ড্ৰাগছ আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই ৷ পিছে হাত সাৱটি বহি থকা নাই আৰক্ষীও ৷ দৈনিক অভিযান চলাই আৰক্ষীয়ে জালত পেলাইছে ড্ৰাগছ সৰবৰাহকাৰী ৷

আৰক্ষীৰ অভিযান কালত ৰাজ‍্যৰ বিভিন্ন স্থানত প্ৰায় নিতৌ ড্ৰাগছ জব্দ হৈছে । আটক হৈছে সৰবৰাহকাৰী । শেহতীয়াকৈ কলিয়াবৰৰ জখলাবন্ধা এন আৰ এল পেট্ৰ'ল পাম্পৰ সমীপত এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে (Nagaon police detained drugs paddler) । আটকাধীন ব্যক্তিজন চিকনি বৰহোলাৰ জামিৰ আলী (২৭) বুলি জানিব পৰা গৈছে । আটকাধীন অভিযুক্ত ব্যক্তিজনৰ হাতৰ পৰা ০.৫২ গ্ৰাম হেৰ’ইন থকা ৬ টা প্লাষ্টিকৰ কন্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে । অভিযুক্ত ব্যক্তিজনৰ হাতৰ পৰা নম্বৰ প্লেট নথকা এখন ৰঙা ৰঙৰ ছুপাৰ স্প্লেণ্ডাৰ মটৰ চাইকেলো আৰক্ষীয়ে জব্দ কৰে ।

drugs news in Assam
আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ সৰবৰাহকাৰী

নগাঁৱত মাত্ৰাধিক হাৰত বৃদ্ধি হৈছে ড্ৰাগছৰ সৰবৰাহ । দিনক দিনে ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে নগাঁও (Assam Nagaon drugs news)। নগাঁৱত শেহতীয়াকৈ বৃদ্ধি পোৱা ড্ৰাগছৰ বেহাক লৈ উদ্বিগ্ন হৈ পৰিছে সচেতন মহল । এইবাৰ নগাঁৱত ড্ৰাগছৰ বেহাত জড়িত হৈ পৰিছে খোদ চি আৰ পি এফৰ জোৱান । ড্ৰাগছ বিৰোধী অভিযানত পোহৰলৈ আহিছে এক চাঞ্চ্যলকৰ তথ্য ৷

এইবাৰ ড্ৰাগছৰ বেহাত জড়িত হৈ পৰিছে চি আৰ পি এফ জোৱান । দেওবাৰে নিশা নগাঁও আৰক্ষীৰ এক অভিযানত পোহৰলৈ আহিছে চি আৰ পি এফ জোৱানো ড্ৰাগছৰ বেহাত জড়িত হৈ পৰাৰ এই ভয়ংকৰ তথ্য । আৰক্ষীৰ অভিযানত ড্ৰাগছসহ জালত পৰিছে চি আৰ পি এফ জোৱানজন । চি আৰ পি এফ জোৱানসহ চাৰি ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে । তেওঁলোকৰ পৰা জব্দ কৰিছে নিষিদ্ধ হেৰ'ইন ।

drugs news in Assam
আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ সৰবৰাহকাৰী

নগাঁৱৰ প্ৰমিলা জাৰনিত অভিযান চলাই আৰক্ষীয়ে ড্ৰাগছ সহ CRPF ৰ জোৱানৰ লগতে মুঠ চাৰিজনকৈ ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় । আৰক্ষীৰ অভিযানত আটক হয় সুব্ৰত ভট্ট নামৰ 34 নং CRPF কেম্পৰ জোৱানজন । চি আৰ পি এফৰ জোৱান সুব্ৰতৰ লগতে আৰক্ষীয়ে আটক কৰে ছফিকুল ইছলাম, ফুৰকান আলি আৰু ফকৰুদ্দিন নামৰ ড্ৰাগছ সৰবৰাহী কেইটাক । ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ পৰা 18.১৪ গ্ৰাম হেৰ’ইন আৰু AS 02 AH 4816 নম্বৰৰ এখন বাহন জব্দ কৰে আৰক্ষীয়ে ৷ অবৈধ ড্ৰাগছ ব্যৱসায়ত CRPF জোৱান জড়িত হৈ পৰাৰ তথ্য পোহৰলৈ অহাৰ পিছতেই চাঞ্চল্যৰ সৃষ্টি হৈছে নগাঁৱত ।

লগতে পঢ়ক : Excavations in agricultural land: কলিয়াবৰত কৃষিভূমিত অবৈধ খনন দুষ্টচক্ৰৰ; ক্ষুব্ধ ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.