ETV Bharat / state

নগাঁও আৰক্ষীৰ জালত মাৰণাস্ত্ৰসহ চাৰি কুখ্যাত ডকাইত

author img

By

Published : Aug 14, 2021, 12:28 PM IST

পুনৰ এবাৰ সংবাদ শীৰ্ষত নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ৷ ডকাইতৰ বিৰুদ্ধে সফল অভিযান আনন্দ মিশ্ৰৰ ৷ অভিযানৰ সময়ত শূন্যলৈ গুলী ফুটাই আটক কৰে চাৰিজনকৈ কুখ্যাত ডকাইতক ৷

আৰক্ষীৰ জালত মাৰণাস্ত্ৰসহ চাৰি কুখ্যাত ডকাইত
আৰক্ষীৰ জালত মাৰণাস্ত্ৰসহ চাৰি কুখ্যাত ডকাইত

নগাঁও, 14 আগষ্ট : অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে অভিযান চলিয়েই আছে নগাঁও আৰক্ষীৰ ৷ নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত আৰক্ষীয়ে ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে অভিযান ৷ ড্ৰাগছ, জুৱা, তীৰ, ডকাইতি আদিৰ বিৰুদ্ধে চলোৱা অভিযানত প্ৰায় প্ৰতিদিনে সফলতা লাভ কৰি আহিছে নগাঁও আৰক্ষীয়ে ৷ এইবাৰ ডকাইতৰ বিৰুদ্ধে অভিযান চলিল নগাঁৱৰ কামপুৰত ৷

নগাঁও জিলাৰ কামপুৰৰ ঘিলানীৰ পৰা শুকুৰবাৰে সন্ধিয়া আৰক্ষীয়ে অভিযান চলাই চাৰিজনকৈ দুৰ্ধৰ্ষ ডকাইতক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ নগাঁও আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক (নিৰাপত্তা) দিপ্তী মালীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে ডকাইত কেইজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷ ধৃত ডকাইত কেইজনৰ নাম ইলিয়াচ আহমেদ, ছহিদুল ইছলাম, হিবজুৰ ৰহমান আৰু চাহজাহান আলী ৷ ডকাইত কেইজনৰ পৰা আৰক্ষীয়ে দুটা হস্ত নিৰ্মিত পিষ্টল আৰু ৫ ৰাউণ্ড সজীৱ গুলি উদ্ধাৰ কৰিছে ৷

আৰক্ষীৰ জালত মাৰণাস্ত্ৰসহ চাৰি কুখ্যাত ডকাইত

আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই সংবাদ মাধ্যমক জনোৱা অনুসৰি, এই চাৰিজনীয়া ডকাইতৰ দলটো মৰিগাঁও জিলাৰ লাহৰীঘাটৰ পৰা আহিছিল ৷ ডকাইতৰ দলটোৱে কামপুৰ আৰু কচুৱা অঞ্চলত ডকাইতি কৰাৰ পৰিকল্পনা কৰিছিল বুলি আৰক্ষী সূত্ৰে প্ৰকাশ পাইছে ৷ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই প্ৰকাশ কৰা মতে, আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ যাওতে ডকাইতৰ দলটোৱে বাধা প্ৰদান কৰিছিল ৷ সেয়ে আৰক্ষীয়ে শূন্যলৈ তিনি-চাৰিজাঁই গুলী ফুটাবলৈ বাধ্য হয় ৷

অৱশেষত মহিলা আৰক্ষী বিষয়াগৰাকীৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে আটক কৰিবলৈ সক্ষম হয় ডকাইতৰ দলটোক ৷ ধৃত ডকাইতৰ দলটোৱে ডকাইতিৰ পৰিকল্পনা কৰিছিল যদিও ডকাইতি সংঘটিত কৰাৰ পূৰ্বে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ সম্প্ৰতি ধৃত চাৰিটাকৈ ডকাইতক মাৰাথন জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ৷

লগতে চাওক: বিধায়কৰ যতন ল’বলৈ ২৪ ঘন্টাই দিছপুৰত থাকিব ডাক্তৰ-নাৰ্চ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.