ETV Bharat / state

প্ৰৱঞ্চনাৰ নতুন আহিলা নেকি ভোটাৰ কাৰ্ড-আধাৰ কাৰ্ড-পান কাৰ্ড ?

author img

By

Published : Oct 5, 2021, 10:17 PM IST

ধিঙৰ চৰাঞ্চলত দুষ্টচক্ৰৰ চলনাৰ বলি সাধাৰণ ৰাইজ । ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, পান কাৰ্ডৰ জৰিয়তে ৰাইজৰ নামত ঋণ সংগ্ৰহ দুষ্টচক্ৰৰ ।

dhing-adhar-card-voter-card-fraud-case
প্ৰৱঞ্চনাৰ নতুন আহিলা নেকি ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, পান কাৰ্ড ?

ধিং, 5 অক্টোবৰ : পান কাৰ্ড, ভোটাৰ কাৰ্ড অথবা আধাৰ কাৰ্ডৰ জৰিয়তে প্ৰৱঞ্চনাৰ ঘটনা সংঘটিত হৈছে ধিঙত । ধিঙৰ বৃহত্তৰ চৰাঞ্চলত এফালে মাতব্বৰৰ গুণ্ডৰাজ আনফালে আকৌ ভুৱা প্ৰলোভনেৰে ৰাইজৰ মূৰত ৰামটাঙোন সোধাৱা ঘটনাই অশান্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত ৷ সমাজত শিক্ষিত ব্যক্তি বুলি পৰিচিত একাংশ দুষ্টচক্ৰই এনে ঘটনা সংঘটিত কৰি আছে নগাঁও ধিঙৰ ৰাণীতাপু চাপৰিত ।

প্ৰৱঞ্চনাৰ নতুন আহিলা নেকি ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, পান কাৰ্ড ?

ৰাণীতাপু চাপৰিৰ প্ৰায় শতাধিক লোকৰ নামত অজ্ঞাতেই এটা দুষ্ট চক্ৰই সৰকাইছে লক্ষ লক্ষ টকা । চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধা দিয়াৰ প্ৰলোভনেৰে প্ৰায় শতাধিক লোকৰ পৰা দুষ্টচক্ৰটোৱে সংগ্ৰহ কৰিছিল ভোটাৰ কাৰ্ড, পান কাৰ্ড আৰু আধাৰ কাৰ্ড । এই সমূহ তথ্য-পাতিৰে বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা তেওঁলোকৰ অজ্ঞাতেই সংগ্ৰহ কৰিছিল ঋণ । প্ৰতিজন লোকৰ নামত দহৰ পৰা পঞ্চাশ ষাঠী হাজাৰ টকা কৌশলেৰে সৰকাইছিল এটা দুষ্ট চক্ৰই ৷

দুষ্টচক্ৰটোৰ মূল নায়ক হোৱাৰ অভিযোগ শিক্ষক ৰূপী দালাল ৰাহুল আমিনৰ বিৰুদ্ধে ৷ ইয়াৰ লগতে আলি আজগৰ আৰু ইজাজুল হক নামৰ তিনি গৰাকী লোকো জড়িত থকাৰ কথা উল্লেখ কৰিছে ৰাইজে ।

ইতিমধ্যে, ৰাইজে নিজৰ একাউন্ট পৰীক্ষা কৰাত পোহৰলৈ আহে এই দুৰ্নীতিৰ সমগ্ৰ তথ্য । তাৰ পিছতে ভুক্তভোগী ৰাইজে নগাঁও জিলা আৰক্ষী অধীক্ষৰ ওচৰত এই তিনি অভিযুক্তৰ বিৰুদ্ধে এজেহাৰ দাখিল কৰিছে । উল্লেখ্য যে, অভিযুক্ত ৰাহুল আমিনৰ সম্বন্ধীয় শহুৰেক আলি আজগৰ । এতিয়া দুই শহুৰ জোঁৱাই তথা ইজাজুল হকৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে কি ভূমিকা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষ্যণীয় হ’ব ।

লগতে পঢ়ক : ধোঁৱাচাঙত উঠিল নেকি কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰতা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.