ETV Bharat / state

ধোঁৱাচাঙত উঠিল নেকি কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰতা ?

author img

By

Published : Oct 5, 2021, 8:46 PM IST

অৱশেষত থাওৰাত প্ৰাৰ্থী ঘোষণা কৰিলে কংগ্ৰেছে ৷ ধোৱাচাঙত উঠিল নেকি ৰাইজৰ দল-কংগ্ৰেছৰ প্ৰস্তাৱিত মিত্ৰতা ? সবিশেষ আমাৰ এই বিশেষ প্ৰতিবেদনত ৷

congress-raijor-dol-alliance-in-question
ধোৱাচাঙত উঠিল নেকি কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰতা ?

মৰাণ, 5 অক্টোবৰ : সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই কংগ্ৰেছে ঘোষণা কৰিলে থাওৰাৰ উপ-নিৰ্বাচনৰ প্ৰার্থী । নিশ্চিত হ’ল থাওৰাৰ পৰা মনোৰঞ্জন কোঁৱৰে কংগ্ৰেছৰ হৈ নিৰ্বাচন খেলিব । অখিল গগৈৰ আহ্বান নাকচ কৰি থাওৰা সমষ্টিত মনোৰঞ্জন কোঁৱৰক প্ৰার্থী হিচাপে নিক্ষেপ কৰিলে কংগ্ৰেছে । ৰাইজৰ দল আৰু কংগ্ৰেছ দলৰ উপ-নিবাৰ্চনক লৈ মিত্ৰতা হৈছিল যদিও সমষ্টিটো কংগ্ৰেছ দল আৰু ৰাইজৰ দল কোনেও এৰি দিবলৈ সৈমান হোৱা নাছিল ।

ধোৱাচাঙত উঠিল নেকি কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰতা ?

ৰাইজৰ দলে এটা মাহৰ পূৰ্বে প্ৰাৰ্থীৰ নাম ঘোষণা কৰি প্ৰচাৰ তুংগত কৰি তুলিছিল । কিন্তু শেষত মিত্ৰতা হৈয়ো ৰাইজৰ দল আৰু কংগ্ৰেছ দুই দলে পৃথকে পৃথকে প্ৰাৰ্থী ঘোষণা কৰিলে । কংগ্ৰেছৰ প্ৰাৰ্থীত্ব লাভ কৰি মনোৰঞ্জন কোঁৱৰে প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক ধন্যবাদ জনাই থাওৰাত তেওঁৰ জয় নিশ্চিত বুলি মন্তব্য কৰে ।

ইয়াৰ লগতে তেওঁ কয়, বিশ্বাসঘাতক সুশান্ত বৰগোহাঁইৰ ৰাজনৈতিক জীৱন অৱসান ঘটাবলৈ থাওৰা সমষ্টিৰ ৰাইজৰ ওচৰলৈ যাম ।

ইতিমধ্যে ৰাইজে সিদ্ধান্ত লৈছে বুলিও কয় তেওঁ । সুশান্ত বৰগোহাঁইৰ সোঁৱে-বাঁৱে থকা লোকেই সুশান্তক ভোট নিদিয়ে বুলি কয় কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে ৷ উল্লেখযোগ্য যে, এসময়ৰ সতীৰ্থ সুশান্ত বৰগোহাঁই আৰু মনোৰঞ্জন কোঁৱৰ এতিয়া সমুখ সমৰত অৱতীৰ্ণ হ'ব থাওৰাত । ইফালে, বিগত এমাহ ধৰি সমষ্টিটোত ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰৰ হৈ প্ৰচাৰ চলাই থকা অখিল গগৈয়ে থাওৰাত কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰি উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ পূৰ্ণ প্ৰচেষ্টা চলোৱা দেখা গৈছিল ৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ পৰা এই সন্দৰ্ভত ঋণাত্মক উত্তৰ লাভ কৰি ৰকিবুল হুছেইনৰ সৈতে দুদিন পূৰ্বে আলোচনাত মিলিত হৈছিল গগৈ ৷ অৱশ্যে, সমষ্টিটোত উমৈহতীয়া প্ৰাৰ্থী দিয়াটো সম্ভৱ নহ’লেও কংগ্ৰেছৰ সৈতে মিত্ৰতা ৰক্ষা কৰাৰ কথা উল্লেখ কৰিছিল তেওঁ ৷ এতিয়া কংগ্ৰেছ দলে সমষ্টিটোত প্ৰাৰ্থী ঘোষণা কৰাৰ পিছত অখিল গগৈৰ প্ৰতিশ্ৰুতি কি হয় সেয়াও হ’ব লক্ষণীয় ৷

লগতে পঢ়ক : বৰ্ষাপাৰাত দিন দুপৰতে গুলী চালনা; আহত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.