ETV Bharat / state

নগাঁৱত দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক

author img

By

Published : Jun 10, 2021, 9:30 PM IST

nagaon
নগাঁৱত দুৰ্যোগ ব্যৱস্থাপনাৰ গুৰুত্বপূৰ্ণ বৈঠক

বান পৰিস্থিতি পৰিদৰ্শনৰ বাবে অহা অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (ASDMA) ন'ডেল বিষয়াসকলৰ উপস্থিতিত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (DDMA) বান পৰিস্থিতিৰ প্ৰস্তুতি সম্পৰ্কীয় এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে । বুধবাৰে নগাঁও উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত তথা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (DDMA) অধ্যক্ষৰ উপস্থিতিত অনুষ্ঠিত হয় এই বৈঠক ।

নগাঁও, ১০ জুন : নগাঁও জিলাৰ বান পৰিস্থিতিৰ প্ৰস্তুতি সন্দৰ্ভত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (DDMA) এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় । বুধবাৰে নগাঁও উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত তথা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (DDMA) অধ্যক্ষৰ উপস্থিতিত অনুষ্ঠিত হয় এই বৈঠক । নগাঁৱৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, জিলা উন্নয়ন আয়ুক্ত তথা ডি.ডি.এম.এ’ৰ মুখ্য কাৰ্যবাহী বিষয়া, নগাঁও জিলাৰ অন্তৰ্গত বিভিন্ন ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকল এই বৈঠকত উপস্থিত থাকে ।

nagaon
নগাঁৱত দুৰ্যোগ ব্যৱস্থাপনাৰ গুৰুত্বপূৰ্ণ বৈঠক

উক্ত বৈঠকত জিলা উপায়ুক্তগৰাকীয়ে ক'ভিড নিয়মাৱলী(covid sop) অনুসৰণ কৰি বান সাহায্য শিবিৰ(flood relief camp) নিৰ্মাণ কৰাত বিশেষ গুৰুত্ব আৰোপ কৰে । লগতে উপায়ুক্তগৰাকীয়ে সকলো চক্ৰ বিষয়াক ইয়াৰ প্ৰতি বিশেষ মনোযোগ দিবলৈ নিৰ্দেশ দিয়ে । উপায়ুক্তগৰাকীয়ে এতিয়ালৈকে গ্ৰহণ কৰা সকলো বান সাহায্য তথা ব্যৱস্থামূলক প্ৰস্তুতিৰ বুজ লয় আৰু ল'বলগীয়া ব্যৱস্থাসমূহৰ ওপৰত আলোচনা কৰে । লোকনিৰ্মাণ বিভাগ, জল সম্পদ, জনস্বাস্থ্য কাৰিকৰী বিভাগ আদিৰ দৰে বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে প্ৰস্তুতিৰ স্থিতি সম্পৰ্কে পৰ্যালোচনা কৰে উপায়ুক্তগৰাকীয়ে ।

পৰ্যালোচনা বৈঠকত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (ASDMA) মনোনীত ন'ডেল বিষয়া কিশোৰ দত্ত, প্ৰকল্প বিষয়া নিতুমনি বৰাও উপস্থিত থাকে । বৈঠকৰ পাছত বিষয়াসকলে প্ৰস্তুতিৰ স্তৰ চাবলৈ ৰহা আৰু কামপুৰ ৰাজহ চক্ৰ পৰিদৰ্শন কৰে আৰু এই ৰাজহ চক্ৰসমূহৰ ভিতৰত দুৰ্বল অঞ্চলসমূহ পৰিদৰ্শন কৰে ।

লগতে পঢ়ক:MGNREGA আঁচনিত দুৰ্নীতিৰ অভিযোগ পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.