ETV Bharat / state

বটদ্ৰৱাকাণ্ডৰ তদন্তৰ দাবীত নগাঁৱত চি পি আইৰ প্ৰতিবাদ

author img

By

Published : Jun 6, 2022, 9:35 PM IST

বটদ্ৰৱা কাণ্ডৰ তদন্তৰ দাবীত নগাঁৱত চি পি আইৰ প্ৰতিবাদ
বটদ্ৰৱা কাণ্ডৰ তদন্তৰ দাবীত নগাঁৱত চি পি আইৰ প্ৰতিবাদ

বটদ্ৰৱা কাণ্ডৰ তদন্তৰ দাবীত ৰাজপথত চি পি আই । বটদ্ৰৱা আৰক্ষীৰ জিম্মাত যুৱকৰ মৃত্যু, আৰক্ষী থানাত কৰা অগ্নিসংযোগৰ ঘটনাৰ তদন্তৰ দাবী চি পি আইৰ ।

নগাঁও, 6 জুনঃ বটদ্ৰৱা আৰক্ষীৰ জিম্মাত ছফিকুল ইছলাম নামৰ এজন যুৱকৰ মৃত্যু আৰু আৰক্ষী থানাত আক্ৰমণ কৰা ঘটনাৰ তদন্ত বিচাৰি সোমবাৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে বাওঁ দল চি পি আই এমে । সোমবাৰে নগাঁও মহাবিদ্যালয়ৰ সমীপত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি সমগ্ৰ ঘটনাৰ তদন্ত দাবী কৰে দলটোৱে । বটদ্ৰৱাকাণ্ডক লৈ এতিয়াও প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে চি পি আই দলে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ঘটনাৰ উচ্চ পৰ্য্যায়ৰ তদন্ত দাবী কৰে (CPI demands high level enquiry on Batadrava incident)।

বিগত ২১ মে'ত বটদ্ৰৱা আৰক্ষী থানাত এজন যুৱকৰ মৃত্যু হোৱাক লৈ দীর্ঘসময় পৰিয়ালৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল বুলি উল্লেখ কৰি বটদ্ৰৱা আৰক্ষীৰ ব্যৰ্থতাৰ বাবেই সমগ্ৰ ঘটনা সংঘটিত হোৱা বুলি দাবী কৰে চি পি আই নেতাই । পৰিয়ালৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত আৰক্ষীয়ে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ লাঠিচালনা অথবা শূণ্যলৈ গুলীচালনা কিয় নকৰিলে বুলিও প্ৰশ্ন উত্থাপন কৰে চি পি আই য়ে ।

বটদ্ৰৱা কাণ্ডৰ তদন্তৰ দাবীত নগাঁৱত চি পি আইৰ প্ৰতিবাদ

আনকি বটদ্ৰৱা আৰক্ষী থানা জ্বলোৱা ঘটনাৰ অন্যতম অভিযুক্ত অশ্বিকুল ইছলামৰো আৰক্ষীৰ জিম্মাত পলায়নৰ চেষ্টা কৰি আৰক্ষীৰ বাহনৰ খুন্দাত মৃত্যু হোৱা ঘটনাৰো তদন্তৰ দাবী কৰিছে চি পি আই য়ে । উল্লেখযোগ্য যে বটদ্ৰৱা আৰক্ষী থানাত হোৱা আক্ৰমণৰ ঘটনাৰ পিছতেই বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক নিলম্বন কৰাৰ উপৰিও থানাখনত কৰ্মৰত আটাইকেইজন আৰক্ষীকে শাস্তিমূলক বদলি কৰিছিল নগাঁও আৰক্ষীয়ে ।

আনকি থানা আক্ৰমণ কৰা ঘটনাত জড়িত প্ৰায় ১৩ জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে নগাঁও আৰক্ষীয়ে (Police arrested 13 accused on Batadrava incident) । ঘটনাত জড়িত আটাইকেইজন অভিযুক্তক ইতিমধ্যেই চিনাক্ত কৰি নগাঁও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: পি এফ আইৰ বিৰুদ্ধে 16 টাকৈ গোচৰ ৰুজু অসম আৰক্ষীৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.