ETV Bharat / state

কিদৰে চৰকাৰী চিকিৎসালয়ৰ পৰা সন্ধানহীন ক'ভিড আক্ৰান্ত মহিলা !

author img

By

Published : Jul 17, 2021, 3:21 PM IST

চিকিৎসালয়ৰ পৰা সন্ধানহীন ক'ভিড আক্ৰান্ত মহিলা
কিদৰে চৰকাৰী চিকিৎসালয়ৰ পৰা সন্ধানহীন হ’ল ক’ভিড আক্ৰান্ত মহিলা

নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ক’ভিডৰ চিকিৎসা চলি থকা অৱস্থাতে নিৰুদ্দেশ হৈছে এগৰাকী মহিলা ৷ ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে চিকিৎসালয়খনৰ নিৰাপত্তা ব্যৱস্থাৰ প্ৰতি প্ৰশ্ন উত্থাপিত হৈছে ৷

নগাঁও, 17 জুলাই : ৰাজ্যত সংঘটিত হৈছে চিকিৎসালয়ৰ পৰাই ক'ভিড আক্ৰান্ত মহিলা নিৰুদ্দেশ হোৱাৰ ঘটনা । নগাঁৱৰ ননৈ বাদলগাঁৱৰ সৰোমাই বৰা নামৰ ৭১ বছৰীয়া মহিলাগৰাকী চিকিৎসালয়ৰ পৰাই নিৰুদ্দেশ হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ জিলাত সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ । নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ পৰা নিৰুদ্দেশ হৈছে ক’ভিড আক্ৰান্ত মহিলা গৰাকী ৷

উল্লেখ্য যে, দেহত ক'ভিড ১৯ ৰ অৱস্থিতি ধৰা পৰাত বিগত ১৪ জুলাইত ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল মহিলাগৰাকীক । একে সময়তে মহিলাগৰাকীৰ পৰিয়ালৰ এটি কিশোৰো ক'ভিড ১৯ ত আক্ৰান্ত হৈছিল ৷ দুয়োকে একেলগে একেখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু চিকিৎসালয়খনৰ ক'ভিড কেয়াৰ কেন্দ্ৰ(covid care center)ত চিকিৎসাধীন হৈ থকা মহিলাগৰাকী শনিবাৰে পুৱাৰ পৰা আকস্মিকভাৱে সন্ধানহীন হয় ৷

চিকিৎসালয়ৰ পৰা সন্ধানহীন ক'ভিড আক্ৰান্ত মহিলা

শনিবাৰে পুৱা চিকিৎসালয়ৰ বিচনাত মাত্ৰ এখন কাপোৰ পৰি থকাৰ বিপৰীতে মহিলাগৰাকীক দেখা নাপাই লগত থকা কিশোৰজনে পৰিয়ালৰ লোকক খবৰ দিয়ে । পৰিয়ালৰ লোকে চিকিৎসালয়ৰ পৰা মহিলাগৰাকী সন্ধানহীন হোৱাক লৈ চিকিৎসালয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰে ৷ চিকিৎসালয় কৰ্তৃপক্ষই নিৰুদ্দেশ হোৱা মহিলাগৰাকীৰ সন্ধানৰ দায়িত্ব ল’বলৈ পৰিয়ালকহে হেঁচা প্ৰয়োগ কৰে ৷

চিকিৎসালয়ৰ পৰাই নিৰুদ্দেশ হোৱা মহিলাগৰাকীক বিচৰাৰ দায়িত্ব কৰ্তৃপক্ষই পৰিয়ালৰ লোকক দিয়াত হতবাক হৈ পৰিছে পৰিয়ালৰ লোক । দেহত মাৰাত্মক কৰ'ণাৰ ভাইৰাছ লৈ মহিলাগৰাকী সন্ধানহীন হোৱাক লৈ পৰিয়ালৰ লোকক চিন্তিত হোৱাৰ লগতে সাধাৰণ লোকৰ মাজতো চাঞ্চল্যৰ সৃষ্টি হৈছে । চিকিৎসালয়ৰ পৰা ক'ভিড আক্ৰান্ত মহিলাগৰাকী সন্ধানহীন হোৱাৰ পিছত চিকিৎসালয়খনৰ নিৰাপত্তাকলৈ সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে ৷

লগতে পঢ়ক : ভাৰতীয় নৌ সেনাত সংযোজিত হ’ল আমেৰিকাৰ পৰা ক্ৰয় কৰা MH60R হেলিকপ্টাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.