ETV Bharat / state

Congress Meets at Nagaon: নগাঁৱত কংগ্ৰেছৰ বিশাল কৰ্মীসভা; সকলো উপস্থিত, নাই কেৱল বৰদলৈ

author img

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 8:14 PM IST

Congress Meets at Naagaon
দলৰপৰা এলাগী হ’ল নেকি সাংসদ প্ৰদ্যুৎ বৰদলৈয়

বুধবাৰে নগাঁৱৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ দলীয় সভা ৷ উক্ত সভাত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ অনুপস্থিতিক লৈ চলিছে বিশেষ চৰ্চা ৷ দলতে এলাগী হ’ল নেকি সাংসদ বৰদলৈ ৷

দলত এলাগী হ’ল নেকি সাংসদ প্ৰদ্যুৎ বৰদলৈ

নগাঁও, 15 নৱেম্বৰ : নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত আৰম্ভ হৈছে ৰাজনৈতিক নেতাৰ দলত্যাগ আৰু যোগদানৰ ৰাজনীতি ৷ কিছু দিনৰ পূৰ্বে নগাঁও জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি সুৰেশ বৰাৰ বিজেপিত যোগদানৰ খবৰে ৰাজ্যত বিশেষ চৰ্চা লাভ কৰিছিল ৷ সমান্তৰালকৈ জিলা কংগ্ৰেছৰ সভপতি পদক লৈও তিনি কংগ্ৰেছ নেতা সাংসদ গৌৰৱ গগৈ, সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়ক ৰকিবুল হুছেইনৰ মাজত শীতল যুদ্ধ চলা বুলি চৰ্চালৈ আহিছিল ৷

কিন্তু সন্দেহ কৰা বিষয়টো প্ৰকৃততে সঁচা নেকি ! কাৰণ বুধবাৰে নগাঁৱৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ এখন দলীয় কৰ্মীসভা অনুষ্ঠিত হয় ৷ প্ৰদেশ কংগ্ৰেছৰ প্ৰায়সকল নেতা উপস্থিত আছিল উক্ত সভাত ৷ কিন্তু জাক-জমকতাৰে অনুষ্ঠিত দলীয় কৰ্মীসভাত উপস্থিত নহ’ল নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ৷

অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, সাংসদ গৌৰৱ গগৈ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনসহ বহু কংগ্ৰেছ নেতা উক্ত সভাত উপস্থিত আছিল যদিও সাংসদ বৰলৈক দেখা নগ’ল সভাত ৷ যাৰ বাবে এতিয়া চৰ্চা চলিছে কংগ্ৰেছে নিজা সমষ্টিতে দলীয় কাৰ্যৰ পৰা এলাগী কৰিলে নেকি সাংসদ বৰদলৈক ৷ আনহাতে কাৰ্যলয়ৰ চৌহদত আঁৰি থোৱা বেনাৰসমূহতো নাছিল সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ফটো ৷

বিশেষকৈ লোকসভা নিৰ্বাচনত কাক, কোন সমষ্টিত প্ৰাৰ্থিত্ব দিব সেই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ নেতাৰ মাজত ভিতৰি ভিতৰি চলা যুঁজখন যেন লাহে লাহে স্পষ্ট হ’ব ধৰিছে ৷ নিজৰ সমষ্টিতে দলীয় কাৰ্যত সাংসদ গৰাকীৰ অনুপস্থিতিয়ে চৰ্চা লাভ কৰিছে ৷

আনহাতে কোন সমষ্টিৰ পৰা সাংসদ গৌৰৱ গগৈয়ে টিকট বিচাৰিব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গগৈয়ে কয়, ‘‘ সেয়া দলৰ শীৰ্ষ নেতৃত্বই সিদ্ধান্ত ল’ব ৷ মই ক’ৰ পৰা টিকট পাম সেয়া নিশ্চিত নহয় ৷ এটা কথা মই দলৰ শীৰ্ষ নেতাক কৈছিলো যে মই অসমৰ বাবে কাম কৰিম ৷’’

লগতে পঢ়ক:Congress Leader Rana Goswami: বদৰুদ্দিন আজমল অসমৰ বাবে বিহ: ৰাণা গোস্বামী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.