ETV Bharat / state

Congress Leader Rana Goswami: বদৰুদ্দিন আজমল অসমৰ বাবে বিহ: ৰাণা গোস্বামী

author img

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 3:58 PM IST

বিজেপি চৰকাৰ অহাৰ পিছৰ পৰাই আজমলে মৰসাহ কৰিব পাৰিছে বুলি মন্তব্য প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ ৷ ইফালে বৰ্তমান বিজেপি আৰু এ আই ইউ ডি এফে ভয় কৰিছে বুলি মন্তব্য সাংসদ গৌৰৱ গগৈৰ ৷

Rana Goswami Criticizes Badaruddin Ajmal and BJP
নগাঁৱত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী
আজমলক সমালোচনা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ

নগাঁও, 15 নৱেম্বৰ : মঙলবাৰে মৰিগাঁও জিলাৰ লাহৰীঘাটত এ আই ইউ ডি এফৰ এক ৰাজহুৱা সভাৰ মঞ্চৰ পৰা অসমীয়াৰ স্বাভিমান চেলেং দলিয়াই দিয়াৰ পিছতেই বিতৰ্কত সাঙোৰ খাইছে বদৰুদ্দিন আজমল ৷ সাসংদ তথা এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ চেলেং বিতৰ্ক সন্দৰ্ভত নগাঁৱত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ লগতে সাংসদ গৌৰৱ গগৈয়ে ৷

এ আই ইউ ডি এফৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলক অসমৰ পইজন আখ্যা দিলে কংগ্ৰেছ নেতা ৰাণা গোস্বামীয়ে ৷ তেওঁ কয় যে, বিজেপি চৰকাৰ অহাৰ পিছৰ পৰাই আমজলে মৰসাহ কৰিব পাৰিছে ৷ চেলেংখন দলিয়াই আজমলে সমগ্ৰ অসমকে অপমানিত কৰিছে ৷ প্ৰয়াত তৰুণ গগৈয়ে সূতা দিছিল শিপিনী সকলে নিজে মেখেলা চাদৰ বৈ পিন্ধিবলৈ ৷ কিন্তু এতিয়া বিজেপিয়ে সূতা নিদিয়া হ'ল ৷ আনকি এতিয়া গামোচাখনো বাহিৰৰ পৰা আনিবলগীয়া হ'ল বুলিও মন্তব্য কৰে ৰাণা গোস্বামীয়ে ৷

গোস্বামীয়ে কয় যে, বিজেপি আৰু আজমল মিলি থকাৰ বাবেই এনে ধৰণৰ ঘটনা ঘটিছে ৷ বিজেপি অহাৰ পাছত অসমৰ শিপিনীৰ গামোচা নাইকীয়া হ’ল ৷ গুজৰাটৰ গামোচাই অসম ভৰি গ’ল ৷ অসমৰ মুখ্যমন্ত্ৰী আৰু গুজৰাটৰ উদ্যোগপতিৰ মিলামিছাৰ বাবে এয়া হৈছে বুলি অভিযোগ কৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিজনে ৷

আনহাতে বিজেপিক কটাক্ষ কৰি গোস্বামীয়ে কয় যে, চাকি এগছ অথবা এডাল মমবাতি নুমোৱাৰ আগত যেনেদৰে দপদপকৈ জ্বলে বিজেপিৰ অৱস্থাও তেনে হ’বলৈ গৈ আছে ৷ বিজেপি দল নুমাব হৈছে সেয়েহে বেছিকৈ কথা কৈছে অৰ্থাৎ দপদপকৈ জ্বলিছে বুলি কয় তেওঁ ৷

ইফালে বদৰুদ্দিন আজমলৰ চেলেং বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ গৌৰৱ গগৈয়ে ৷ সাংসদগৰাকীয়ে কয় যে, বৰ্তমান বিজেপি আৰু এ আই ইউ ডি এফে ভয় কৰিছে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুৱালকুচিৰ শিপিনীৰ অৱস্থা শোচনীয় কৰিছে বুলিও মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে ৷ বৰ্তমান অসমীয়াৰ স্বাভিমান গামোচা, চেলেং আদি বিজেপি অথবা এ আই ইউ ডি এফ কাৰো হাততেই সুৰক্ষিত নহয় বুলি মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে ৷

লগতে পঢ়ক : Ajmal throws Salang Chadar at public rally: চেলেং চাদৰ দলিয়াই পুনৰ অসমীয়াক অপমান সাংসদ বদৰুদ্দিন আজমলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.