ETV Bharat / state

শিক্ষক নিযুক্তিৰ তালিকা প্ৰস্তুতিৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Aug 21, 2020, 1:31 PM IST

Collage teacher against education minister at nagaon
শিক্ষক নিযুক্তিৰ তালিকা প্ৰস্তুতৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

কলেজ শিক্ষকৰ তালিকাক লৈ হতাশগ্ৰস্ত এগৰাকী শিক্ষক। নিযুক্তিৰ তালিকাত ব্যাপক বিসংগতিৰ অভিযোগ। তালিকা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত হোৱাৰো অভিযোগ।

নগাঁও, 21 আগষ্টঃ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বহু অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ প্ৰাদেশীকৰণৰ লগতে বহুকেইগৰাকী শিক্ষক নিযুক্তিৰ তালিকা ঘোষণা কৰাৰ পিছতেই হতাশগ্ৰস্ত হৈ পৰিছে বহু বঞ্চিত শিক্ষক । দীৰ্ঘদিন ধৰি ছাত্ৰ-ছাত্ৰীক বিনা দৰমহাই শিক্ষাদান কৰি অহা বহু শিক্ষকক অন্যায়ভাৱে বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰি ইটিভি ভাৰতলৈ প্ৰেৰণ কৰিছে এটা ভিডি’অ । য'ত স্পষ্টকৈ উল্লেখ কৰিছে কলেজ শিক্ষক নিযুক্তিৰ বাবে তালিকা প্ৰস্তুত কৰাৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ।

শিক্ষক নিযুক্তিৰ তালিকা প্ৰস্তুতৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

উল্লেখযোগ্য যে, ২০১৩ চনতে প্ৰদেশীকৰণ হোৱা নগাঁৱৰ জুৰীয়া মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড৹ লুটফুৰ ৰহমানে উত্থাপন কৰিছে কেইবাটাও বিস্ফোৰক অভিযোগ । শিক্ষা বিভাগৰ নিৰ্দেশনা অনুযায়ী যোগ্যতা অর্জন কৰাৰ পিছতো বহু শিক্ষকক শেহতীয়া তালিকাৰ পৰা বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এইগৰাকী অধ্যাপক ড৹ লুটফুৰ ৰহমানে । বিগত প্ৰায় বিশ বছৰৰো অধিক কাল জুৰীয়া মহাবিদ্যালয়তে ছাত্ৰ-ছাত্ৰীক শিক্ষদান কৰি অহা এইগৰাকী অধ্যাপক লুটফুৰ ৰহমানে ধনৰ অভাৱত চিকিৎসা সম্পূৰ্ণ কৰিব নোৱাৰাত হেৰুৱাইছে কৰ্কট ৰোগত আক্ৰান্ত পত্নীক । শিক্ষা বিভাগৰ বিৰুদ্ধে এতিয়া এটা ভিডিঅ'ৰ জৰিয়তে ক্ষোভ উজাৰিলে এইগৰাকী বঞ্চিত অধ্যাপকে । বিসংগতিপূৰ্ণ তালিকাখন বাতিল কৰি এখন শুদ্ধ তালিকা প্ৰস্তুতৰ বাবে শিক্ষামন্ত্ৰীৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনায় অধ্যাপকগৰাকীয়ে ।

লগতে পঢ়কঃ হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে মানহানিৰ গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.