ETV Bharat / state

জুৱাৰ ঘাটি উচ্ছেদ কৰিবলৈ যোৱা আৰক্ষীক চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা

author img

By

Published : Jan 11, 2022, 11:19 AM IST

Updated : Jan 11, 2022, 1:21 PM IST

ৰূপহীহাট আৰক্ষীয়ে এইবাৰ উৎখাত কৰিলে জুৱাৰ ঘাটি । উচ্ছেদ কৰিবলৈ যোৱা আৰক্ষীক চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা জুৱাৰীৰ (Clash between Police and Gambler in Nagaon) ৷

RAID AGAINST GAMBLING AT NAGAON
জুৱাৰ ঘাটি উচ্ছেদ কৰিবলৈ যোৱা আৰক্ষীক চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা

নগাঁও, 11 জানুৱাৰী : ৰূপহীহাটত বৃহৎ জুৱাৰ ঘাটি উৎখাত (Raid Against Gambling at Rupahihat) ৷ চোৰ, ডকাইত, ড্ৰাগছকে ধৰি বিভিন্ন অপৰাধৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰখা নগাঁও আৰক্ষীয়ে এইবাৰ উৎখাত কৰিলে জুৱাৰ ঘাটি ।

উল্লেখ্য যে, ৰূপহীহাটৰ বৰপেটাত সোমবাৰে নিশা অভিযান চলায় আৰক্ষীৰ এটা দলে । অভিযানত আৰক্ষীৰ দলটোৱে উৎখাত কৰে এই বৃহৎ জুৱাৰ ঘাটি ৷ জুৱাৰ ঘাটি উৎখাত কৰিবলৈ গৈ গুলীচালনা কৰিলে আৰক্ষীৰ (Clash between Police and Gambler in Nagaon) দলটোৱে ।

জুৱাৰ ঘাটি উচ্ছেদ কৰিবলৈ যোৱা আৰক্ষীক চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা

ইয়াৰ পিছতে ঘটনাস্থলীত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷ আৰক্ষীয়ে অভিযান চলোৱাৰ সময়তে একাংশ জুৱাৰীয়ে পলায়নৰ চেষ্টা চলাই চোকা অস্ত্ৰৰে আৰক্ষীৰ দলটোক আক্ৰমণ কৰে ৷ ইয়াৰ পিছতে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে ৷ যাৰ বাবে আৰক্ষীৰ দলটোৱে গুলীচালনা কৰিবলৈ বাধ্য হয় ।

শূন্যলৈ গুলী চলাই ঘাটিটোৰ পৰা চাৰিজনকৈ লোকক আটক কৰে আৰক্ষীৰ দলটোৱে । উল্লেখ্য যে, আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা লাঠী, দা আদিৰ দৰে চোকা অস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : Gambler Arrested at Tingkhong : টিংখাঙত 11 টাকৈ জুৱাৰী কৰায়ত্ত

Last Updated : Jan 11, 2022, 1:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.