Gambler Arrested at Tingkhong : টিংখাঙত 11 টাকৈ জুৱাৰী কৰায়ত্ত

By

Published : Dec 21, 2021, 7:48 AM IST

thumbnail

টিংখাঙৰ ৰাজগড়ৰ ঘুগুলনি গাঁৱত বৃহৎ জুৱাৰ ঘাটি উৎখাত (Raid Against Gambling at Tingkhong) ৷ টিংখাং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লক্ষীনাথ দলেৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে গাঁৱখনত অভিযান চলাই জুৱাৰ ঘাটিটো উৎখাত কৰে ৷ এইক্ষেত্ৰত টিংখাং আৰক্ষীক সহায়ৰ হাত আগবঢ়াই ৰাজগড় আৰক্ষীয়ে ৷ আৰক্ষীয়ে সদৰী কৰা অনুসৰি, গাঁৱখনৰ এটা গৰাকীবিহীন ঘৰত দীৰ্ঘদিন ধৰি এই অবৈধ কাৰ্য-কলাপ সংঘটিত হৈ আহিছিল ৷ আৰক্ষীয়ে এই অভিযানৰ জৰিয়তে 11 টা জুৱাৰীক কৰায়ত্ত কৰে (Gambler Arrested at Tingkhong) ৷ ইয়াৰ লগতে জুৱাৰ আড্ডাটোৰ পৰা নগদ প্ৰায় ৩৫,০০০ টকাৰ লগতে জুৱা খেলত ব্যৱহৃত অন্যান্য সা-সামগ্ৰী জব্দ কৰে ৷ সম্প্ৰতি আটকাধীন জুৱাৰীকেইটা হৈছে ক্ৰমে- কুলদ্বীপ গগৈ, গৌতম ফুকন, বিকাশ নাথ, মিণ্টু শইকীয়া, ভাবা লাহন, যোগেন গগৈ, ৰকী বৰপাত্ৰ, নাহৰ বৰুৱা, অনন্ত গগৈ, দীপেন বৰুৱা আৰু সুজিত গগৈ ৷ জুৱাৰীকেইটা চৰাইদেউ, ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাৰ বাসিন্দা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.