ETV Bharat / state

BJP Yuba Morcha Assam: নগাঁৱত অনুষ্ঠিত ৰাজ্যিক যুৱ মৰ্চাৰ কাৰ্য্যনিৰ্বাহক সভা

author img

By

Published : Nov 29, 2021, 5:17 PM IST

BJP Yuba Morcha Assam
নগাঁৱত অনুষ্ঠিত ৰাজ্যিক যুৱ মৰ্চাৰ কাৰ্য্যনিৰ্বাহক সভা

দেওবাৰে নগাঁৱত অনুষ্ঠিত হৈ যায় যুৱ মৰ্চাৰ অসম ৰাজ্যিক সমিতি (BJP Yuba Morcha Assam)ৰ এখন কাৰ্য্যনিৰ্বাহক সভা ৷ কাৰ্য্যনিৰ্বাহকখনত উপস্থিত থাকে যুৱ মৰ্চাৰ ৰাজ্যিক নেতৃবৃন্দৰ উপৰিও বহুকেইজন বিজেপি নেতা ৷

নগাঁও, 29 নৱেম্বৰ: ভাৰতীয় জনতা পাৰ্টীৰ ভাতৃ সংগঠন যুৱ মৰ্চাৰ অসম ৰাজ্যিক সমিতি (BJP Yuba Morcha Assam)ৰ এখন কাৰ্য্যনিৰ্বাহক সভা দেওবাৰে নগাঁৱত অনুষ্ঠিত হৈ যায় । কাৰ্য্যনিৰ্বাহকখনত উপস্থিত থাকে যুৱ মৰ্চাৰ ৰাজ্যিক নেতৃবৃন্দৰ উপৰিও বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মন্ত্ৰী পৰিমল শুক্লবৈদ্য, জয়ন্ত মল্ল বৰুৱাকে ধৰি বহুকেইজন বিজেপি নেতা ।

যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত অংশগ্ৰহণ কৰি মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মন্তব্য কৰে যে অসমক ৰাষ্ট্ৰৰ ভিতৰতে উজ্বলাই তোলাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা প্ৰচেষ্টাত যুৱ মৰ্চাই সহযোগিতা আগবঢ়াই আহিছে । চৰকাৰে কৰা উন্নয়নমূলক কামৰ বিষয়ে সমাজৰ সকলো পৰ্যায়ৰ লোকৰ মাজলৈ লৈ যাবলৈ গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহকত আলোকপাত কৰা হয় বুলিও মন্তব্য কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ।

নগাঁৱত অনুষ্ঠিত ৰাজ্যিক যুৱ মৰ্চাৰ কাৰ্য্যনিৰ্বাহক সভা

বৰাকত অসমীয়া ভাষাৰ ফলক লগোৱাৰ বিৰোধিতা কৰা বাঙালী নেতা প্ৰদীপ দত্ত ৰয় সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই (Parimal suklabaidya comments on Pradip Dutta Roy issue)। ৰাজ্যভাষাৰ লগতে মাতৃভাষা অসমীয়াৰ ফলক লগোৱাৰ কাৰ্যক আমি আদৰণি জনাব লাগে বুলি মন্তব্য কৰাৰ লগতে মন্ত্ৰীগৰাকীয়ে বৰাক অসমৰ বাহিৰত নহয় বুলি উল্লেখ কৰি বৰাকত ৰাজ্যভাষাৰ ফলক কিয় লগাব নোৱাৰিব বুলি প্ৰশ্ন কৰে পৰিমল শুক্লবৈদ্যই ।

লগতে পঢ়ক: BJYM state executive meeting : নগাঁৱৰ সংবাদমেলত কি ক'লে ভাৰতীয় জনতা যুৱ মৰ্চা অসমৰ প্ৰতিনিধিয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.