ETV Bharat / state

BJYM state executive meeting : নগাঁৱৰ সংবাদমেলত কি ক'লে ভাৰতীয় জনতা যুৱ মৰ্চা অসমৰ প্ৰতিনিধিয়ে ?

author img

By

Published : Nov 28, 2021, 7:25 PM IST

Nagaon
নগাঁৱত BJYMৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা

নগাঁৱত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা (BJYM state executive meeting at Nagaon)। কাৰ্যনিৰ্বাহকৰ মাজতে সংবাদমেল সম্বোধন কৰিলে যুৱ মৰ্চাৰ ৰাজ্যিক কমিটিয়ে ।

নগাঁও,২৮ নৱেম্বৰ : নগাঁৱত অনুষ্ঠিত হৈছে ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা (BJYM State Executive Meeting at Nagaon)। সভাত ৰাজ্যৰ প্ৰতিখন জিলাৰে প্ৰায় ৪০০ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে । অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ (Bhabesh Kalita at BJYM executive meeting) লগতে কেইবাগৰাকী সাংসদ আৰু কেবিনেট মন্ত্ৰীও উপস্থিত থকাৰ সম্ভাৱনা আছে । ৰাজ্যিক কাৰ্যনিৰ্বাহক সম্পৰ্কে এক সংবাদমেল সম্বোধন কৰে যুৱ মৰ্চাৰ নেতাসকলে ।

নগাঁৱত BJYMৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা

সংবাদমেল সম্বোধন কৰি কাৰ্যনিৰ্বাহকৰ উদ্দেশ্য সম্পৰ্কে সাংবাদিকক অৱগত কৰে যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাই । সভাপতিগৰাকীৰ মতে এই সভাত যুৱ মৰ্চাৰ আগন্তুক দিনৰ সাংগঠনিক কাৰ্যপন্থাৰ লগতে বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হ'ব । ইফালে এই সভাত অসমৰ ভিন্ন কলা-সংস্কৃতিৰ নিদৰ্শন দেখিবলৈ পোৱা যাব বুলিও উল্লেখ কৰে সভাপতিগৰাকীয়ে ।

সংবাদমেলৰ জৰিয়তে যুৱ মৰ্চাই অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা বিভিন্ন পদক্ষেপক আদৰণি জনায় । বিশেষকৈ সত্ৰ আৰু চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ বাবে চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিছে তাক আদৰণি জনায় যুৱ মৰ্চাই । আগন্তুক দিনত চৰকাৰৰ এনে পদক্ষেপত সহযোগ কৰাৰো প্ৰতিশ্ৰুতি দিয়ে বিজেপি যুৱ মৰ্চাৰ নেতাসকলে ।

শেহতীয়াকৈ অসমীয়া ভাষাক অপমান কৰি গ্ৰেপ্তাৰ হৈছে বৰাকৰ বিতৰ্কিত বঙালী নেতা প্ৰদীপ দত্ত ৰয় (Controversial Bengali leader Pradeep Dutta Roy arrested) । প্ৰদীপ দত্ত ৰয় সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰি যুৱ মৰ্চাৰ সভাপতিগৰাকীয়ে কয় যে, অসমৰ জাতি-জনগোষ্ঠীক অপমান কৰাৰ কাৰোৱে অধিকাৰ নাই । সেয়ে নেতাগৰাকীক গ্ৰেপ্তাৰৰ ক্ষেত্ৰত চৰকাৰক সমৰ্থন (BJYM supports Pradeep Dutta Roy's arrest) জনোৱাৰ কথাও ক'লে যুৱ মৰ্চাৰ সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক :Assam Olympic Association : অসম অলিম্পিক সন্থাৰ বিশেষ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.