ETV Bharat / state

কামপুৰৰ বকুলগুৰিত কপিলী নৈৰ ভয়ংকৰ খহনীয়া

author img

By

Published : Jul 2, 2021, 9:13 AM IST

দুদিন ধৰি বৰষুণ হৈ থকাৰ ফলত উফন্দি উঠিছে কপিলীৰ জলপৃষ্ঠ ৷ ফলত কামপুৰৰ বকুলগুৰিৰ ১ নং কলনীত কপিলী নৈৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ চপৰা চপৰে খহিছে নৈ কানৰ মাটি ৷

AS_BARHAMPUR_bakulguri-kapili-river-erosion-vis_ASC10032
কামপুৰৰ বকুলগুৰিত কপিলী নৈৰ ভয়ংকৰ খহনীয়া

বঢ়মপুৰ, 2 জুলাই : ৰাজ্যত কৰ’ণা মহামাৰীৰ সমান্তৰালকৈ ক্ৰমাৎ ভয়াৱহ হৈ উঠিছে বান আৰু গৰাখহনীয়া পৰিস্থিতি ৷ বিগত কেইবাদিনো ধৰি হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত কেইবাখনো নৈৰ জলস্তৰ বৃদ্ধি পাইছে ৷ নগাঁও জিলাৰ কামপুৰৰ বকুলগুৰিৰ ১ নং কলনীত কপিলী নৈৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ চপৰা চপৰে খহিছে নৈ কানৰ মাটি ৷

দুদিন ধৰি বৰষুণ হৈ থকাৰ ফলত উফন্দি উঠিছে কপিলীৰ জলপৃষ্ঠ । ফলত এতিয়া গৰাখহনীয়াই ভয়ংকৰ ৰূপ লৈছে অঞ্চলটোত । ৰহা সমষ্টিৰ বকুলগুৰি কলনী অঞ্চলত বিগত বহু বছৰৰ পৰাই গৰাখহনীয়া হৈ থকাৰ ফলত কেইবাটাও পৰিয়ালে ঘৰ-ভেটি হেৰুৱাই সৰ্বস্বান্ত হব লগা হৈছে ৷ কিন্তু আজিলৈকে খহনীয়া সমস্যা সমাধানৰ বাবে কোনো এজন বিধায়কে ব্যৱস্থা গ্ৰহণ নকৰিলে।

কামপুৰৰ বকুলগুৰিত কপিলী নৈৰ ভয়ংকৰ খহনীয়া

ইতিমধ্যে অঞ্চলটোৰ বিদ্যালয়, মছজিদৰ লগতে হাট-বজাৰ, বাসগৃহ আৰু খেতিমাটি নৈত জাহ গৈছে ৷ ইয়াৰ ফলত এতিয়া আতংকত দিন অতিবাহিত কৰিব লগা হৈছে খহনীয়াৰ কবলত পৰা দুৰ্ভগীয়া ৰাইজ । ৰাইজে উপায়ন্তৰ হৈ নতুন মুখ্য মন্ত্ৰীৰ লগতে চৰকাৰৰ জলসম্পদ বিভাগক খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ।

সমান্তৰালকৈ, মাজুলী, বঙাইগাঁও, বৰপেটা আদি জিলাতো বিভিন্ন নৈ-উপনৈ সমূহেও ব্যাপক খহনীয়াৰ সৃষ্টি কৰি আহিছে ৷ বাৰিষাৰ পূৰ্বে জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই বহুকেইখন জিলাৰ গৰাখহনীয়া পৰিদৰ্শন কৰি ঠিকাদাৰসকলক বাৰিষাৰ পূৰ্বেই মঠাউৰি নিৰ্বানৰ কাম সম্পন্ন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল ৷ কিন্তু সেয়াও কাৰ্যত পৰিণত হৈ নুঠিল ৷

প্ৰতিবছৰে বিভিন্ন মন্ত্ৰী তথা স্থানীয় বিধায়কসকলে বাৰিষাৰ পূৰ্বে নৈ পৰীয়া ৰাইজৰ এই দুখ, দুৰ্দশাসমূহ নাইকীয়া কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ কিন্তু সময়ত সকলো ফুটুকাৰ ফেনতহে পৰিণত হয় ৷ সময়ে সময়ে মঠাউৰি নিৰ্মানত হেমাহি, জিঅ’ বেগ সংস্থাপনৰ নামত দুৰ্নীতি আদিৰ বাতৰিয়ে শিৰোনাম দখল কৰে ৷ ৰাজ্যৰ পৰা দুৰ্নীতি নাইকীয়া কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে দীৰ্ঘদিনীয়া এই সমস্যা সমাধামৰ বাবে কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়াহে লক্ষ্যণীয় হ’ব ৷

লগতে পঢ়ক- পাগলাদিয়াৰ মথাউৰিয়ে বিপদ মাতিছে জনসাধাৰণলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.