ETV Bharat / state

Assam CM at Burachapori: কৰ্ণাটক নিৰ্বাচনত কংগ্ৰেছৰ বিজয় পূৰ্বৰ পৰাই নিশ্চিত আছিল : মুখ্যমন্ত্ৰী

author img

By

Published : May 13, 2023, 4:05 PM IST

উচ্ছেদৰ পিচত প্ৰথমবাৰৰ বাবে বুঢ়া চাপৰি অভয়াৰণ্যত উপস্থিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam CM visited Burachapori Wildlife Sanctuary)। হেলিকপ্টাৰেৰে বুঢ়া চাপৰিত উপস্থিত হৈ পৰিভ্ৰমণ কৰিলে অভয়াৰণ্য । ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ 21 হাজাৰ বিঘা বেদখলকৃত ভূমিতো চলিব উচ্ছেদ । কাজিৰঙা, বুঢ়া চাপৰি, ওৰাং ৰাষ্ট্ৰীয় উদ্যান সংযোগ হ’ব জীৱ-জন্তু অহা যোৱা বাট । কৰ্ণাটক নিৰ্বাচনত কংগ্ৰেছৰ বিজয় পূৰ্বেই নিশ্চিত আছিল ।

Assam CM at Burachapori
উচ্ছেদৰ পিছত বুঢ়া চাপৰিত উৰিল হিমন্তৰ হেলিকপ্টাৰ

উচ্ছেদৰ পিছত বুঢ়া চাপৰিত উৰিল হিমন্তৰ হেলিকপ্টাৰ

নগাঁও, 13 মে’ : বুঢ়া চাপৰি অভয়াৰণ্যৰ বেদখলকৃত ভূমিত বিগত ফেব্ৰুৱাৰী মাহত উচ্ছেদ চলোৱাৰ পিচত প্ৰথমবাৰৰ বাবে উচ্ছেদিত ভূমিত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam CM visited Burachapori Wildlife Sanctuary)। শনিবাৰে হেলিকপ্টাৰ লৈ বুঢ়া চাপৰি অভয়াৰণ্যৰ বেদখলমুক্ত ভূমিত উপস্থিত হৈ বন বিভাগ আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সৈতে আলোচনাত মিলিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । বন বিভাগ আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সৈতে আলোচনাৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

বিগত ফেব্ৰুৱাৰী মাহত বুঢ়াচাপৰি অভয়াৰণ্যৰ 16 হাজাৰ বিঘা ভূমি বেদখলমুক্ত কৰাৰ কথা উল্লেখ কৰি এতিয়া বুঢ়াচাপৰি অভয়াৰণ্য কিদৰে সেউজ কৰি অভয়াৰণ্যখনৰ পূৰ্বৰ গৰিমা ঘূৰাই অনাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । বুঢ়াচাপৰি অভয়াৰণ্যখন পূৰ্বৰ দৰেই সেউজ কৰাৰ উপৰিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে বুঢ়াচাপৰি আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মাজত জীৱ জন্তু অহা যোৱা বাট মুকলি কৰাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক : Karnataka results 2023 : নৱনিৰ্বাচিত বিধায়কক সুৰক্ষা দিবলৈ বিকল্প পৰিকল্পনা কংগ্ৰেছৰ

ওৰাং ৰাষ্ট্ৰীয় উদ্যানতো বৃহৎ ভূমি বেদখল হৈ থকা বুলি মন্তব্য কৰে ৷ লগতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানতো উচ্ছেদ চলিব উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ 21 হাজাৰ বিঘা বনভূমি বেদখল হৈ থকা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভূমি বেদখল কৰি থকা বেদখলকাৰীক নিজে নিজে বনভূমি ত্যাগ কৰিবলৈও আহ্বান জনায় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । অন্যথা শোণিতপুৰ আৰু দৰং প্ৰশাসনৰ সহযোগত উচ্ছেদ চলোৱাৰ হ’ব বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

ইপিনে কৰ্ণাটক নিৰ্বাচনৰ ফলফলক লৈয়ো মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM comment on Karnataka election result) । কৰ্ণাটক নিৰ্বাচনত কংগ্ৰেছৰ বিজয় পূৰ্বৰ পৰাই নিশ্চিত আছিল । সেয়ে কৰ্ণাটকত কংগ্ৰেছৰ বিজয় কোনো আচৰিত কথা নহয় বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক : Karnataka poll updates: হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলোৱা কেইবাখনো আসনত পৰাজয় বৰণ বিজেপিৰ; ৰাণা গোস্বামী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.