ETV Bharat / bharat

Karnataka results 2023 : নৱনিৰ্বাচিত বিধায়কক সুৰক্ষা দিবলৈ বিকল্প পৰিকল্পনা কংগ্ৰেছৰ

author img

By

Published : May 13, 2023, 2:59 PM IST

হৰ্ছ ট্ৰেডিঙৰ আশংকাত কংগ্ৰেছ (Congress in fear of horse trading)। নৱনিৰ্বাচিত বিধায়কক বেংগালুৰুলৈ প্ৰেৰণৰ প্ৰচেষ্টা কংগ্ৰেছৰ । সাজু কৰি ৰখা হৈছে হেলিকপ্টাৰ, চাৰ্টাৰ্ড ফ্লাইট আৰু বাহন ।

Karnataka Election 2023
নৱনিৰ্বাচিত বিধায়কক সুৰক্ষা দিবলৈ বিকল্প পৰিকল্পনা কংগ্ৰেছৰ

নেশ্যনেল ডেস্ক,১৩ মে': পুৱাৰে পৰা পূৰ্ণগতিত চলি আছে কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ভোটগণনা (Karnataka Election results update)। শেহতীয়া প্ৰতিবেদন অনুসৰি কংগ্ৰেছ দলে কেইবাটাও সমষ্টিত অগ্ৰগতি লাভ কৰিছে । ইতিমধ্যে ৬০ৰো অধিক আসনত কংগ্ৰেছে জয়ী হোৱাৰ খবৰ পোৱা গৈছে । গৰিষ্ঠসংখ্যক আসনত কংগ্ৰেছ আগবাঢ়ি আছে । কিন্তু ইমানৰ পাচতো চিন্তিত কংগ্ৰেছ নেতৃত্ব ।

হৰ্ছ ট্ৰেডিঙৰ আশংকাত কংগ্ৰেছ দল (Congress in fear of horse trading)! দলটোৱে সংখ্যাগৰিষ্ঠ আসন লাভ কৰিব বুলি আত্মবিশ্বাসী যদিও বিধায়কসকল বিজেপিৰ হৰ্ছ ট্ৰেডিঙৰ চিকাৰ হ'ব বুলি চিন্তিত । যাৰ বাবে ইতিমধ্যে শীৰ্ষ নেতৃত্বই বিশেষ ৰণনীতি প্ৰস্তুত কৰিছে ।

প্ৰাক্তন মুখ্যমন্ত্ৰী এম বীৰাপ্পা মৈলীয়ে ইটিভি ভাৰতক জনোৱা মতে ৰাজ্যখনত বিজেপিৰ চিকাৰৰ আশংকাৰ বাবে বিকল্প পৰিকল্পনা কৰিছে কংগ্ৰেছে । অৱশ্যে দলীয় সূত্ৰৰ মতে ৰাজ্যজুৰি জ্যেষ্ঠ নেতাসকলক প্ৰেৰণ কৰা হৈছে আৰু নৱ নিৰ্বাচিত বিধায়কসকলক যিমান সম্ভৱ সোনকালে ৰাজধানী বেংগালুৰুলৈ লৈ স্থানান্তৰৰ ব্যৱস্থা কৰা হৈছে ।

জ্যেষ্ঠ ৰাজ্যিক নেতা প্ৰকাশ ৰাথোড়ে জনোৱা মতে নিৰ্বাচনত কিছুমান প্ৰক্ৰিয়াগত সমস্যা থাকে আৰু বহু ক্ষেত্ৰত নৱ নিৰ্বাচিত বিধায়কসকলে ঘৰৰ পৰা ওলাই যোৱাৰ লগতে প্ৰাৰ্থনাৰ বাবে বা পৰিয়ালৰ লোকক সাক্ষাৎ কৰিব পাৰে । তেওঁ উল্লেখ কৰা মতে ভোটগণনা এতিয়াও চলি আছে যদিও দুপৰীয়ালৈ প্ৰকৃত ছবিখন পোহৰলৈ আহিব ।

দলৰ ভিতৰুৱা তথ্য অনুসৰি, কংগ্ৰেছে ২২৪ খন আসনৰ ভিতৰত ১৩০ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে আৰু শনিবাৰে সন্ধিয়াৰ ভিতৰত বেংগালুৰুত সকলো বিধায়কক একত্ৰিত কৰাৰ পৰিকল্পনা কৰা হৈছে । তাৰ বাবে, হেলিকপ্টাৰ, চাৰ্টাৰ্ড ফ্লাইট আৰু বাহন আগতীয়াকৈ সাজু কৰি ৰখা হৈছে । শুকুৰবাৰে দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ দ্বাৰা পৰিকল্পনাটো কৰা হৈছিল (Congress strategy over election results)।

বিধায়কসকলে বেংগালুৰুত উপস্থিত হোৱাৰ পাচত দলটোক ঐক্যবদ্ধ আৰু সুৰক্ষিত কৰি ৰাখিবলৈ সকলোকে লৈ এখন বৈঠক অনুষ্ঠিত কৰা হ'ব । অৱশ্যে, দলৰ ভিতৰুৱা খবৰ অনুসৰি দেওবাৰে আন এখন চিএলপি বৈঠক অনুষ্ঠিত হ'ব য'ত নতুন মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে এআইচিচি পৰ্যবেক্ষকসকলে বিধায়কসকলৰ সৈতে বাৰ্তালাপ কৰিব । অৱশ্যে হৰ্ছ ট্ৰেডিঙৰ বাবে কংগ্ৰেছে বেছি চিন্তা কৰিব নালাগে কাৰণ গেৰুৱা দলটোক ভোটাৰে উচিত শিক্ষা দিছে (Congress plans to secure its new MLAs)।

দলীয় সূত্ৰৰ মতে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীক লৈ শিৱ কুমাৰ আৰু সিদ্ধাৰামাইয়াৰ সম্ভাৱনাৰ বিষয়ে দীৰ্ঘদিন ধৰি আলোচনা চলি আছে । দুয়োগৰাকী শক্তিশালী আৰু জনপ্ৰিয় নেতা । ডি কে শিৱ কুমাৰ এগৰাকী দলৰ প্ৰবীণ নেতা যিয়ে ছাত্ৰ সংগঠন এনএছইউআইৰ পৰা আহিছে । সিদ্ধাৰামাইয়া জেডি-এছৰ পৰা কংগ্ৰেছত যোগদান কৰিছিল । ২০১৩-২০১৮ বৰ্ষলৈ তেওঁ মুখ্যমন্ত্ৰী আছিল । কিন্তু ২০১৮ ৰ নিৰ্বাচনত তেওঁ নেতৃত্বত কংগ্ৰেছে মাত্ৰ ৮০ খন আসন হে লাভ কৰিছিল ।

ৰাথোড়ে দাবী কৰা মতে বিজেপিয়ে নিৰ্বাচনত জয়ী নহয় । কিন্তু ২০১৯ চনৰ দৰে বিজেপিয়ে চৰকাৰ চুৰিৰ চেষ্টা চলাব । কিন্তু এইবাৰ তেওঁলোকৰ এই ক্ষেত্ৰত কোনো সুযোগ নাই বুলি দাবী কৰে ৰাথোড়ে ।

লগতে পঢ়ক :Karnataka Polls: পৰাজয় স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰী বোম্মায়ে, লোকসভাত অধিক শক্তিশালী ৰূপত যুঁজ দিয়াৰ সংকল্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.